নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি কাৰ্যালয়ত কৃষক মৰ্চাৰ নৱনিযুক্ত প্ৰভাৰী দিগন্ত কলিতাক সম্বৰ্ধনা

আজি গুৱাহাটীস্থিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ তথা উৎসাহজনক পৰিৱেশত ৰাজ্যিক কৃষক মৰ্চাৰ নৱনিযুক্ত তত্বাৱধায়ক (প্ৰভাৰী) দিগন্ত কলিতাক আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনোৱা হয়। ৰাজ্যিক কৃষক মৰ্চাৰ উদ্যোগত আয়োজিত এই বিশেষ আদৰণি সভাত নৱনিযুক্ত প্ৰভাৰীগৰাকীক অসমীয়াৰ স্বাভিমান তথা বাপতিসাহোন গামোচা, জাপি আৰু শৰাইৰে শ্ৰদ্ধা আৰু সন্মানেৰে সাদৰ সম্ভাষণ আৰু বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

ৰাজ্যিক কৃষক মৰ্চাৰ সভাপতি পংকজ বৰবৰাৰ সভাপতিত্বত অনুষ্ঠিত এই আদৰণি সভাখনিৰ উদ্দেশ্য বাখ্যা কৰাৰ লগতে সুন্দৰকৈ আঁত ধৰে ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য্যই। আনহাতে, সভাখনিৰ সামগ্ৰিক কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰে কৃষক মৰ্চাৰ আন এগৰাকী ৰাজ্যিক সাধাৰণ সম্পাদক সঞ্জীৱ বড়াই।

উক্ত আদৰণি সভাত সম্বৰ্ধনা গ্ৰহণ কৰি নৱনিযুক্ত তত্বাৱধায়ক দিগন্ত কলিতাই উপস্থিত দলীয় বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকলক উদ্দেশ্যি এক সাৰগৰ্ভ ভাষণ প্ৰদান কৰে। নিজৰ ভাষণত তেওঁ কৃষকৰ কল্যাণ আৰু উন্নয়নৰ হকে কৃষক মৰ্চাৰ সৈতে হাতে হাত ধৰি নিৰন্তৰ কাম কৰি যোৱাৰ দৃঢ় সংকল্প ব্যক্ত কৰে।

ৰাজ্যখনৰ কৃষিখণ্ডৰ উত্তৰণ আৰু কৃষক সমাজৰ আৰ্থ-সামাজিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে আগন্তুক দিনবোৰত ৰাজ্যিক সমিতিৰ লগতে সকলো স্তৰৰ কাৰ্যকৰ্তাই একগোট হৈ কৃষকৰ সৰ্বাংগীণ বিকাশৰ লক্ষ্যৰে নিষ্ঠাৰে আগুৱাই যাব লাগিব। কৃষকৰ সমস্যাসমূহৰ উচিত সমাধান আৰু চৰকাৰী আঁচনিসমূহৰ সুফল যাতে প্ৰতিগৰাকী প্ৰকৃত কৃষকৰ কাষ পায়, তাৰ বাবে কৃষক মৰ্চাই এক বলিষ্ঠ ভূমিকা পালন কৰিব বুলিও তেওঁ মন্তব্য কৰে।

এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয় সম্পাদক সুজিত বিশ্বাস, কৃষক মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি ক্ৰমে নিবাৰণ লহকৰ আৰু ৰাতুল পাঠক, ৰাজ্যিক সম্পাদক ক্ৰমে হৰদ্বীপ চৌধুৰী আৰু বিশ্বজিৎ বসাক, ৰাজ্যিক কাৰ্যালয় সম্পাদক প্ৰকাশ শইকীয়াৰ লগতে কৃষক মৰ্চাৰ বিভিন্ন জিলাৰ পৰা অহা সভাপতিসকল, অন্যান্য বিষয়ববীয়া আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা বহুসংখ্যক কাৰ্যকৰ্তা উপস্থিত থাকে। নৱনিযুক্ত তত্বাৱধায়কগৰাকীৰ সবল নেতৃত্ব আৰু দিকদৰ্শনত আগন্তুক দিনত ৰাজ্যৰ কৃষক সমাজৰ সৰ্বাংগীণ বিকাশৰ যাত্ৰাই এক নতুন আৰু সুদূৰপ্ৰসাৰী গতি লাভ কৰিব বুলি উপস্থিত দলীয় কাৰ্যকৰ্তাসকলে গভীৰ আশা আৰু বিশ্বাস প্ৰকাশ কৰিছে।

ডিজিটেল ডেস্ক, ২৬ জুলাই

You might also like