🔹 ৯ লাখ টকাৰ সুদত ধাৰ দিছিল ১৭ লাখ
নিয়মীয়া বার্তা, ১৫ মার্চ : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কঠোৰ স্থিতিৰ পৰিপ্রেক্ষিতত ৰাজ্যজুৰি সুদখোৰৰ বিৰুদ্ধে অভিযান চলাই থকা আৰক্ষীয়ে একেটা অভিযোগত এগৰাকী আৰক্ষী বিষয়াক জাল পাতি গ্রেপ্তাৰ কৰিবলগীয়া হয়৷ ঘটনাটো ধুবুৰী জিলাৰ গোলকগঞ্জৰ৷ গোলকগঞ্জ আৰক্ষীয়ে পৰহি চিৰাং জিলাৰ পৰা ৰেদোৱানুল হক নামৰ আৰক্ষী উপ–পৰিদর্শকগৰাকীক মাতি নি গ্রেপ্তাৰ কৰে৷ হকৰ বিৰুদ্ধে সুদখোৰৰ অভিযোগ উত্থাপন হৈছিল৷ তেওঁ গোলকগঞ্জৰেই হালাকুৰা এমডিএফ ইটাভাতা নামৰ এটা ঔদ্যোগিক প্রতিষ্ঠানৰ গৰাকী হাছেন আলীক ৯ লাখ টকা সুদৰ বিনিময়ত ১৭ লাখ টকা ধাৰলৈ দিছিল৷ অর্থাৎ দুবছৰ ধনখিনি সুতে–মূলে মিলি ২৬ লাখ টকা হয়৷ অৱশ্যে ইয়াৰে সুতৰ বিনিময়ত দিব লগা ৯ লাখ টকা হাছেন আলীয়ে পৰিশোধ কৰে আৰু ১৭ লাখ টকা দিবলৈ বাকী আছে৷ আৰক্ষী বিষয়াগৰাকীয়ে সুতে–মূলে মিলি পাবলগীয়া অৱশিষ্ট ধনখিনি বিচাৰি হাছেন আলীক প্রায় প্রতিদিনে ডাবি–ধমকি দি আহিছিল৷ ইপিনে, ৰাজ্য চৰকাৰে সুদখোৰৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাত ৰেদোৱানুল হকে পাবলগীয়া ধনখিনিৰ বাবে হেঁচা আৰু ধমকিৰ মাত্রা বৃদ্ধি কৰে৷ ইয়াতে অতিষ্ঠ হৈ হাছেন আলীয়ে যোৱা ১২ মার্চত জিলাখনৰ হালাকুৰা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে৷ আলীয়ে পত্নীৰ সৈতে গৈ নিশা এজাহাৰখন দাখিল কৰে৷ সেই অনুসৰি আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে৷ কিন্তু ৰেদোৱানুল হক চিৰাং জিলাত কর্মৰত হৈ থকাত হালাকুৰা আৰক্ষীয়ে আৰক্ষী বিষয়াজনক গ্রেপ্তাৰ কৰিবলৈ ফান্দ পাতিবলগীয়া হয়৷ হকক পৰহি কৌশলেৰে ধুবুৰীলৈ মাতি নি গোলকগঞ্জ আৰক্ষীয়ে আটক কৰে৷ ইয়াৰ পিছত তেওঁক গোলকগঞ্জ থানাত জেৰা কৰা হয়৷ জেৰাৰ অন্তত আৰক্ষী বিষয়াগৰাকীক গোলকগঞ্জ থানাই গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে হাছেন আলীয়ে ১৭ লাখ কেইবাবাৰত ৰেদোৱানুল হকৰ পৰা ধাৰলৈ লৈছিল৷ ধনখিনি লোৱাৰ দুমাহৰ ভিতৰতে হাছেনে আৰক্ষী বিষয়াজনক সুতৰ ৯ লাখ টকা দিয়ে৷ কিন্তু সুতে–মূলে মিলি হোৱা মুঠ ২৬ লাখ টকা চলিত বর্ষৰ এপ্রিলত আদায় দিয়াৰ কথা আছিল৷ অর্থাৎ হাছেন আলীয়ে ৰেদোৱানুল হকক ১৭ লাখ টকা আদায় দিবলৈ বাকী আছে৷ টকাখিনি আদায় কৰাৰ কাৰণে আৰক্ষী বিষয়াজনে যোৱা ১১ মার্চৰ নিশা ১০ বজাত হাছেন আলীৰ ইটাভাতাত উপস্থিত হয় আৰু তাত হাছেন আলীক লগ নাপাই আলীৰ ঘৰলৈ গৈ লাঠী লৈ ঘৰৰ দুৱাৰত সজোৰে আঘাত কৰে৷ ইয়াতে ক্ষান্ত নাথাকি তেওঁ ইটাভাতাৰ ওপৰত উঠি ভাতাৰ জুই নুমুৱাই দিয়াৰ লগতে ডাবি–ধমকিৰে ভাতাটো বন্ধ কৰি দিয়ে৷ তেওঁৰ ধমকত বংগৰ পৰা কাম কৰিবলৈ অহা দুজন মিস্ত্রী নিশাই ভাতাটোৰ পৰা পলায়ন কৰে৷ ইয়াৰ পিছত হাছেন আলীয়ে আৰক্ষীৰ শৰণাপন্ন হোৱাৰ সিদ্ধান্ত লয়৷ ইফালে, পৰহি নিশা সুদখোৰ আৰক্ষী বিষয়াজনক গ্রেপ্তাৰ কৰা গোলকগঞ্জ আৰক্ষীয়ে কালি তেওঁক ধুবুৰী আদালতত হাজিৰ কৰে৷
প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়