ধুবুৰীত অগপৰ কৰ্মীসভা : ৰকিবুলক তিৰ্যক বাক্যবাণ অপূৰ্ব ভট্টাচাৰ্যৰ
নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ আজি অগপৰ ধুবুৰীৰ জিলা কাৰ্যালয়ত এখন কৰ্মীসভা অনুষ্ঠিত হয়। দলটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতা অৰু উপ-সভাপতি অপূৰ্ব ভট্টাচাৰ্য্যৰ উপস্থিতিত হোৱা সেই কাৰ্য্যসূচীত অগপৰ স্থানীয় নেতা-কৰ্মীসকল উপস্থিত আছিল। আজিৰ সেই কৰ্মীসভাখনত অংশ লোৱাৰ পূৰ্বে অগপৰ ৰাজ্যিক উপ-সভাপতি অপূৰ্ব ভট্টাচাৰ্য্যই সাংবাদিকৰে হোৱা কথ-বতৰাত ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী জাভেদ ইছলামৰ পৰিয়ালটোৰ অসমৰ সমাজ জীৱনৰ সৈতে চা-চিনাকি থকা বুলি উল্লেখ কৰি সকলো শ্ৰেণীৰ মানুহে তেওঁক আদৰি লোৱা বুলি দাবী কৰে। আনহাতে বৰপেটাৰ সাংসদ তথা এইবেলি ধুবুৰী লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব বিচৰা আব্দুল খালেকৰ পদত্যাগ সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত অগপৰ ৰাজ্যিক উপ-সভাপতিগৰাকীৰ কৌশলী মন্তব্য, মইতো কৈছোঁৱে আপোনালোকক যোৱাবাৰ আহোঁতে আৰু বহুত আহি আছে বুলি। এয়া এটা নমুনা। এনেকুৱা বহুত পাব। তেওঁ আৰু কয় যে, চাওক বৰপেটা সমষ্টিৰ সাংসদ হৈ থকা অৱস্থাত তেওঁক প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰা বিষয়টো স্বাভাবিকভাবেই ৰাজনৈতিক দূৰদৰ্শিতাৰ পৰিচয় দিয়া বুলি নাভাবোঁ। আৰু খালেক ডাঙৰীয়া অসমৰ সমাজ জীৱন আৰু ৰাজনীতিৰ পৰিচিত নাম। অপেক্ষা কৰক; লাহে লাহে এনেকুৱা ভাল খৱৰবোৰ দি থাকিম। আনহাতে, ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক কটাক্ষ কৰি অপূৰ্ব ভট্টাচাৰ্য্যই কয় যে, ৰকিবুল হুছেইনে ধুবুৰীৰ চাৰিটা চুক ভালদৰে চিনি পায় নে নাই সেইটো হে ডাঙৰ কথা। ধুবুৰীত অগপৰে কাৰ প্ৰতিদ্বন্দিতা হ’ব বুলি শুধা এক প্ৰশ্নৰ উত্তৰত ভট্টাচাৰ্য্যৰ মন্তব্য, আমি উন্নয়ন আৰু বিকাশৰ কাৰণে যুঁজিম। গতিকে যিয়ে উন্নয়ন আৰু বিকাশৰ বিৰোধিতা কৰিব তেওঁ হাৰিব।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী