🔹 মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয় নিশ্চিত কৰাৰ বাবে দলীয় কৰ্মীক সৰ্বস্ব উজাৰি দিয়াৰ আহ্বান সভাপতি অতুল বৰাৰ
বিশেষ বাৰ্তা, ২২ মাৰ্চ : সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম গণ পৰিষদ দলে শুকুৰবাৰে ধেমাজি আৰু ডিব্ৰুগড়ত দলীয় নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। ধেমাজিৰ অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত দলীয় নিৰ্বাচনী সভাত অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ১২নং লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত অসম গণ পৰিষদৰ ৩খন জিলা সমিতিৰ সভাপতি-সম্পাদক, ৯টা বিধানসভা সমষ্টি সমিতিৰ সভাপতি-সম্পাদকৰ লগতে সমিতিৰ ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি, অন্যান্য বিষয়ববীয়া আৰু দলীয় সদস্যৰ সৈতে আগন্তুক নিৰ্বাচনৰ বাবে বিভিন্ন বিষয়ত মত বিনিময় কৰে। সমষ্টিটোত এনডিএৰ প্ৰক্ষেপিত প্ৰাৰ্থীজনক জয়ী কৰোৱাৰ বাবে দলীয় সতীৰ্থসকলক তৃণমূল স্তৰত নিষ্ঠাৰে সাংগঠনিক কাম-কাজ আগবঢ়াই নিবলৈ অগপৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিয়ে আহ্বান জনায়।
এই সভাখনত লখিমপুৰ লোকসভা সমষ্টিৰ অগপৰ পৰ্যবেক্ষক তথা অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক জ্যোতিমণি মৰাণ আৰু তোলন কোঁৱৰ ,জয়ন্ত খাউণ্ডৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। আনহাতে, বিয়লি ডিব্ৰুগড়ৰ অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত দলীয় নিৰ্বাচনী সভাত অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই আসন্ন লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ জয় নিশ্চিত কৰাৰ বাবে দলীয় কৰ্মীসকলক সৰ্বস্ব উজাৰি দিবলৈ আহ্বান জনায়। সভাখনত ডিব্ৰুগড় জিলাৰ অগপৰ সভাপতি তথা চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, দলৰ সাধাৰণ সম্পাদক জ্যোতিমণি মৰাণ, সুনীল ৰাজকোঁৱৰৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত আটাইকেইটা বিধানসভা সমষ্টি সমিতিৰ সভাপতি-সম্পাদকৰ লগতে সমিতিৰ ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি তথা অন্যান্য বিষয়ববীয়া আৰু দলীয় কৰ্মীসকল উপস্থিত থাকে। সভাত অগপ সদসসকলৰ উৎসাহে দলটোৰ প্ৰভাৱ পুনৰ প্ৰমাণিত কৰিছে ।