নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ ঢকা বাবে চোৰে চোৰক শোধালে কাণতলীয়া চৰ

🔹 কৰিমগঞ্জ চহৰৰ ইন্দিৰা কলনীত চুৰিকাণ্ড

🔹 চিচি টিভি কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিল : কৰিমগঞ্জ আৰক্ষীক চেলেঞ্জ কৰি চহৰখনত অব্যাহত আছে সঘনাই চুৰিকাণ্ড । কৰিমগঞ্জ চহৰৰ ইন্দিৰা কলনীত এইবাৰ সংঘটিত হৈছে চুৰিকাণ্ড । দুই চোৰে এখন নতুন পালছাৰ বাইক চুৰ কৰিলে । চুৰিকাণ্ডৰ সকলো দৃশ্য চিচি টিভি কেমেৰাত বন্দী হৈছে। চুৰি হোৱা বাইকখনৰ নম্বৰ AS-10F-4711 । ঘটনাৰ পাছত কৰিমগঞ্জ সদৰ থানাৰ দ্বাৰস্থ হৈছে বাইকৰ গৰাকী। চিচি টিভি ফুটেজত এজন চোৰে হাতেৰে মুখ ঢাকি ৰাখিলেও আনটো চোৰৰ ছবি প্ৰায় স্পষ্ট। অৱশ্যে মুখ ঢকা চোৰটোক আনটো চোৰে কাণতলীয়া চৰ শোধোৱা দৃশ্য বন্দী হৈছে চিচি টিভি ফুটেজত। কৰিমগঞ্জ আৰক্ষীৰ সঠিক সন্ধানত চুৰি হোৱা বাইকখন অনতিপলমে উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে।

প্ৰেৰক অসীম দেব

You might also like