নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰৱক চিপৰাং সোঁৱে–বাঁৱে থকা একাংশৰ

🔹 যোৰহাটৰ কংগ্রেছ প্রার্থীৰ সাক্ষাতৰ পিছতে শৃংখল চলিহাৰ বিস্ফোৰক মন্তব্য
🔹 ‘অসমত বিৰোধী ঐক্য হৈছে নে চিপৰাং ঐক্য হৈছে’

বিশেষ বাৰ্তা, ১ এপ্ৰিল : অসমত বিৰোধী ঐক্য হৈছে নে চিপৰাং ঐক্য হৈছে– এই প্রশ্ণ বীৰ লাচিত সেনাৰ প্রশাসনিক সচিব শৃংখল চলিহাৰ৷ উল্লেখ্য যে বিৰোধীৰ নিস্তেজ প্রচাৰ, বিৰোধী পক্ষৰ নেতা–কর্মীৰ ধাৰাবাহিক বিজেপি গমন আৰু যোৰহাট লোকসভা সমষ্টিত এজন গগৈয়ে আন এজন গগৈক ৰাজনৈতিকভাৱে নিঃশেষৰ ষড়যন্ত্র ৰচিছে বুলি সর্বত্র চর্চা চলি থকাৰ মাজতে কালি যোৰহাটৰ কংগ্রেছ প্রার্থী গৌৰৱ গগৈ হঠাৎ উপস্থিত হয় শিৱসাগৰৰ ফুকন নগৰস্থিত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বাসগৃহত৷ গৌৰৱ গগৈয়ে শৃংখল চলিহাৰ বাসগৃহত উপস্থিত হৈ লোকসভা নির্বাচনত চলিহাৰ পৰা সহযোগিতা বিচাৰে৷ গৌৰৱ গগৈ ওলাই যোৱাৰ পিছতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই সংবাদ মাধ্যমৰ আগত কয় যে বিৰোধী ঐক্যমঞ্চত থকা কিছুমানে গৌৰৱ গগৈক চিপৰাং মাৰিছে৷ গৌৰৱ গগৈৰ সোঁৱে–বাঁৱে থকা একাংশই চিপৰাং মাৰিছে৷ বিৰোধী ঐক্যমঞ্চই যিদৰে গৌৰৱ গগৈক সহায় কৰিব লাগিছিল, সেইদৰে সহায় কৰা নাই৷ বিৰোধী ঐক্যমঞ্চৰ লগত জড়িত দলসমূহে পৃথকে পৃথকে সংবাদ মেল অনুষ্ঠিত কৰি গৌৰৱ গগৈক ভোট দিবলৈ আহ্বান জনোৱা সম্পর্কতো চলিহাই ক্ষোভ প্রকাশ কৰে৷ পৰহি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমত কৰা মন্তব্য সম্পর্কতো প্রতিক্রিয়া প্রকাশ কৰি চলিহাই কয় যে অখিল গগৈ জে’লত থকা সময়তো আমি তেওঁক ৫৮ হাজাৰ ভোট দিয়াবলৈ সক্ষম হৈছিলোঁ৷ এতিয়া গৌৰৱ গগৈক অখিল গগৈয়ে ৭০ হাজাৰৰো অধিক ভোটত শিৱসাগৰৰ পৰা লীড দিয়াবলৈ প্রত্যাহ্বান জনায়৷ মন কৰিবলগীয়া এয়ে যে পৰহি অখিল গগৈয়ে যোৰহাটত কংগ্রেছৰ মাজত সমন্বয় নাই বুলি গুৰুতৰ অভিযোগ কৰিছিল৷ আনকি নাজিৰাৰ কংগ্রেছ বিধায়ক দেৱব্রত শইকীয়া আৰু তিতাবৰৰ কংগ্রেছ বিধায়ক ভাস্কৰজ্যোতি বৰুৱালৈও সন্দেহৰ আঙুলি টোঁৱাইছিল৷ ইয়াৰ মাজতে কালি শৃংখল চলিহাই অখিল গগৈৰ প্রতি কৰা মন্তব্যই বিশেষ তাৎপর্য বহন কৰিছে৷ ইপিনে, নাজিৰাৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্রত শইকীয়াই অখিল গগৈৰ মন্তব্য সম্পর্কত প্রতিক্রিয়া ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত কয় যে অখিল গগৈয়ে তেওঁৰ মন্তব্য সম্পর্কত স্পষ্টীকৰণ দিয়া উচিত৷ সম্ভৱতঃ অখিল গগৈয়ে কাৰোবাক ভাল লগাবলৈ তেনেধৰণৰ মন্তব্য কৰিছে৷ প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া যোৰহাট লোকসভাৰ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিৰোধী শিবিৰত উদ্ভৱ হোৱা সন্দেহ, অবিশ্বাসৰ ৰাজনীতিয়ে নির্বাচনত কেনে প্রভাৱ পেলায় সেয়া লক্ষণীয় হ’ব৷

You might also like