নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিক ভোট দিয়া মানে নৰেন্দ্র মোদী-হিমন্ত বিশ্ব শর্মাক ভোট দিয়া

নিয়মীয়া বার্তা, ৪ এপ্রিল : বিজেপিক ভোট দিয়া মানে নৰেন্দ্র মোদীক ভোট দিয়া, হিমন্ত বিশ্ব শর্মাক ভোট দিয়া” এই মন্তব্য ১০নং কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্র যোটৰ প্রার্থী তথা ৰাজ্য সভাৰ সাংসদ কামাখা প্রসাদ তাচাৰI আজি হোজাই বিধানসভা সমষ্টিত তেওঁ মাৰাথন নির্বাচনী সভাত যোগদান কৰি নিৰ্বাচনী প্রচাৰ চলায়। প্রাৰ্থীজনৰ প্রতিখন সভাতে শতাধিক আবাল বৃদ্ধ বণিতাই যোগদান কৰি পুস্পবৃষ্টিৰে আদৰনী জনোৱাৰ উপৰিও উৰুলি, শংখধ্বনী, ঝুমুৰ, মাদল আদি বজায় আদৰণি জনায়। প্রার্থীজনে মোদী চৰকাৰৰ বিভিন্ন জন কল্যানমূলক আচনিৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনগণৰ বাবে কৰা উন্নয়ণমুলক কামৰ বাখ্যা কৰাৰ উপৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হাত শক্তিশালী কৰি তৃতীয়বাৰৰ বাবে নৰেন্দ্র মোদীক প্রধানমন্ত্রী কবি দেশখনক শক্তিশালী কৰাৰ বাবে তেওঁক ভোট দিয়াৰ আহ্বান জনায়। প্রার্থীজনে আজি পূৱা প্রথমে গোলাঘটীয়া বস্তিত, মিলিক বস্তি গাঁও পঞ্চায়তৰ ৰামপুৰ,শিঙাৰী বস্তি, হীৰাবস্তি,টেটুলতলা, ভদ্র ৰাইচ মিল, ধনীৰাম পথাৰ পঞ্চায়ত, বিয়লী উত্তৰ বিদ্যানগৰ দুর্গা মন্দিৰ, শিলিগুৰী বস্তি স্থুলৰ খেলপথাৰ, চন্দনপুৰ বজাৰ, সন্ধিয়াৰ পৰা নিশালৈকে ৰাজবাৰী গৰমবজাৰ, যোগীজান বজাৰ, ঠিকাদাৰ বস্তি চাৰিআলি বজাৰ, বৰপুখুৰী দুর্গা মন্দিৰত আদিত নিৰ্বাচনী প্রচাৰ সভাত অংশ গ্রহণ কৰে । এই সভা সমূহৰ মাজে মাজে বিজেপি দলৰ বিভিন্ন বুঠ সমিতিৰ সভাপতি সদস্য, পঞ্চায়ত সভাপতি, সদস্য সকলৰ লগত আলোচনাত মিলিত হৈ নিৰ্বাচনী ৰণনীতি প্রস্তুত কৰে। বিজেপি প্রাৰ্থী জনে আজি নিশা হোজাই বাহৰ পাতি কাইলৈ পুনৰ হোজাই সমষ্টিত নিবাচনী প্রচাৰ চলাবI প্রার্থী জনত লগত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, অনুসূচিত জাতিমৰ্ছাৰ ৰাজিক সাধাৰণ সম্পাদক অর্জুন মজুমদাৰ,জিলা সভাপতি অনুপ দেব, জিলা পৰিষদৰ প্রাক্তন সভানেত্রী ৰমাবালা দেবী, হোজাই মন্ডলৰ সভাপতি গোপাল ৰায়চৌধুৰী, যুব মৰ্ছাৰ সভাপতি বিনয় কলিতা, মহিলা মর্চাৰ সভানেত্রী জোনমণি বৰা,যোগীজান মণ্ডলত সভাপতি পিন্টু দাস, শিঙাৰী বস্তি পঞ্চায়তৰ প্রাক্তন সদস্য ৰাহুল দে আদিয়ে সংগ দিয়েI মাৰাথন সভাৰ মাজতে প্রার্থীজনে নতুন বজাৰৰ মিত্রজোটৰ অগপ দলৰ কার্যালয়ত প্রবেশ কৰি অগপ কর্মীসকলৰ লগতো বার্তালাপতো কৰে।

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like