নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজলগাঁও আৰক্ষীৰ জালত ৭ আইপিএল জুৱাৰী

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিল : চিৰাং জিলাৰ কাজলগাঁও থানাৰ আৰক্ষীৰ দলে যোৱানিশা গোপন তথ্যৰ আধাৰত অভিযান চলাই ৭জন আই পি এল জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ আই অ’ চি গেটত উক্ত অভিযান চলাই আইপিএল জুৱাৰীকেইজনক আটক কৰে। আৰক্ষীয়ে আটক কৰা জুৱাৰীকেইজন ক্ৰমে তেল টেংকাৰচালক ছাতিপুৰ গাঁৱৰ মতিউৰ ৰহমান ওৰফে মতি, আব্দুল ওহেদ সৰকাৰ ওৰফে গুদু, হালিমুল ইছলাম আৰু তাইজুদ্দিন আহমেদ আৰু বৈখুনগাঁৱৰ নুৰ ইছলাম ওৰফে মইনা, কাজিমুদ্দিন মণ্ডল, আব্দুল জুব্বাৰ। আটক কৰা আই পি এল জুৱাৰীকেইজনৰ পৰা আৰক্ষীয়ে নগদ ধন, মোবাইল ফোন, পাঁচখন মটৰ চাইকেল আৰু স্কুটীৰ লগতে অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰা বুলি জানিব পৰা গৈছে। সম্প্ৰতি কাজলগাঁও থানাত জুৱাৰীকেইজনক অধিক তথ্যৰ বাবে সোধা-পোছা কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

প্ৰেৰক বিপুল কুমাৰ দাস

You might also like