🔹 জুলাই–আগষ্ট–ছেপ্টেম্বৰত হ’ব সাক্ষাৎকাৰ : ড০ শর্মা
বিশেষ বাৰ্তা, ৮ এপ্রিল : কালি দেৰগাঁৱৰ বালিজান শীতল পথাৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্রজোঁটৰ প্রার্থী কামাখ্যা প্রসাদ তাছাৰ হৈ এখন নির্বাচনী সমাৱেশত অংশগ্রহণ কৰে৷ ১০ সহস্রাধিক লোকৰ সমাৱেশ ঘটা সভাখনত মুখ্যমন্ত্রী ড০ শর্মাই ভাষণত ৰাইজে যেনেকৈ বিচাৰিছে বিজেপি চৰকাৰে তেনেকৈয়ে দিছে বুলি উল্লেখ কৰি কয় যে যোৱা বিধানসভা নির্বাচনৰ পূর্বে দিয়া প্রতিশ্রুতি অনুসৰি ইতিমধ্যে এক লাখ নিযুক্তি সম্পূর্ণ স্বচ্ছভাৱে সম্পূর্ণ কৰা হৈছে৷ এতিয়া নতুনকৈ পুনৰ ৫০ হাজাৰ যুৱক–যুৱতীক চাকৰি দিয়া হ’ব৷ আৰক্ষী আৰু শিক্ষক পদৰ বাবে অহা জুলাই মাহত সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হ’ব৷ একেদৰে তৃতীয় আৰু চতুর্থবর্গৰ পদৰ বাবে অহা আগষ্ট–ছেপ্টেম্বৰত সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হ’ব৷ তদুপৰি এতিয়াৰে পৰা চৰকাৰী চাকৰিৰ ক্ষেত্রত চাহ জনগোষ্ঠীৰ বাবে ৩ শতাংশ আসন সংৰক্ষণৰো ব্যৱস্থা কৰা হৈছে৷ ইপিনে, ১০২ সেৱাৰ হেড কোৱার্টাৰ দেৰগাঁৱত প্রতিষ্ঠা কৰি ইয়াৰ পৰাই ৰাজ্যখন পৰিচালিত কৰাৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এজন অ’চিসহ আৰক্ষীৰ দল থাকিব লগা এই সেৱাৰ গাড়ী আইন–শৃংখলাজনিত পৰিস্থিতিত ফোন কৰিলেই ঘৰতে গৈ হাজিৰ হ’ব আৰু ঘৰতে এজাহাৰ গ্রহণ কৰা হ’ব৷