নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুনির্দিষ্ট সময়সীমাৰ ভিতৰত ৰাজনৈতিক সমাধানৰ স্বার্থত আলোচনাৰ বাবে আগ্রহী

🔹 আলফা (স্বাধীন)ৰ প্রতিষ্ঠা দিৱসত পৰেশ বৰুৱা

বিশেষ বাৰ্তা, ৮ এপ্রিল : চৰকাৰৰে বহুচর্চিত আলোচনা সম্পর্কত তাৎপর্যপূর্ণ মন্তব্য কৰিছে আলফা (স্বাঃ)ৰ উচ্চতম পৰিষদৰ সভাপতি তথা সেনাপ্রধান পৰেশ বৰুৱাই৷ কালি সংগঠনৰ ৪৫সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে আগবঢ়োৱা বক্তব্যত আলফা (স্বাঃ) ভাৰতৰ সৈতে অর্থপূর্ণ আলোচনাৰ বিৰোধী নহয় বুলি তেওঁ পুনৰ উল্লেখ কৰে৷ বৰুৱাই কয়– ‘আমি জানো, অসমৰ একাংশ সন্মানীয় বুদ্ধিজীৱী আৰু সাধাৰণ জনগণে আলোচনাৰ জৰিয়তে অসম–ভাৰতৰ ৰাজনৈতিক সংঘাতৰ স্থায়ী মীমাংসা হোৱাটো বিচাৰে৷ কিন্তু আমি এই কথাও মনত ৰখা উচিত যে আলফাৰ পূর্বৰ নেতৃত্বই আলোচনাৰ জৰিয়তে মীমাংসাৰ নামত ৰাষ্ট্রতন্ত্রৰ ওচৰত সম্পূর্ণ বিশ্বাস ৰাখি আত্মসমর্পণ কৰিছিল, যাৰ অন্তিম পৰিণতি সকলোৰে সন্মুখত দিনৰ পোহৰৰ দৰে স্পষ্ট৷ আলফা (স্বাঃ) ভাৰতৰ সৈতে অর্থপূর্ণ আলোচনাৰ বিৰোধী নহয়৷ সার্বভৌমত্ব পুনৰ উদ্ধাৰৰ ন্যায়সংগত অধিকাৰৰ বাবে আমি এক সুনির্দিষ্ট সময়সীমা আৰু কার্যসূচীৰ ভিতৰত ফলপ্রসূ ৰাজনৈতিক সমাধানৰ স্বার্থত আলোচনাৰ বাবে আগ্রহী৷ এইক্ষেত্রত নিশ্চিতভাৱে ভাৰতে অসমৰ ৰাজনৈতিক অধিকাৰ পুনৰ উদ্ধাৰৰ বাবে এক অনুকূল বাতাৱৰণ সৃষ্টি কৰিব পাৰে৷ কাৰণ ৰাজনৈতিক অধিকাৰ পুনঃপ্রতিষ্ঠাৰ অর্থ বিচ্ছিন্নতা নহয়৷’ এই যুক্তিক সাৰোগত কৰি সৌহার্দ্যপূর্ণ দৃষ্টিভংগীৰে অসম–ভাৰত সংঘাতৰ ৰাজনৈতিক সমাধানৰ ক্ষেত্রত আগবাঢ়ি আহিবলৈ তেওঁ কেন্দ্রীয় চৰকাৰক কার্যতঃ আহ্বান জনায়৷ এই প্রসংগত আলফা (স্বাঃ)ৰ শীর্ষ নেতাজনৰ ভাষ্য আছিল এনেধৰণৰ– ‘আমি আশা কৰোঁ, ভাৰতে ইংলেণ্ডৰ মহান নেতা উইনষ্ট’ন চার্চিলৰ অস্ত্রৰ যুদ্ধতকৈ যুক্তিৰ যুঁজেই শ্রেয়– এই বাক্যশাৰীৰ তাৎপর্য হূদয়ংগম কৰি আমাৰ সৈতে সহমত পোষণ কৰিব৷ কাৰণ ভাৰতৰ বাবে দুৱাৰডলিতে থকা প্রতিৱেশীৰ সৈতে শত্রুতাতকৈ বন্ধুত্বপূর্ণ সম্পর্ক ৰখাটোৱে উত্তম৷ এই সন্ধিক্ষণত মই ভাৰতৰ নেতৃত্বক আহ্বান জনাইছোঁ– আপোনালোকে আমাৰ সদস্য আৰু শুভাকাংক্ষীসকলৰ ওপৰত ক’লা আইন প্রয়োগ কৰি শাৰীৰিক–মানসিক আক্রমণ কৰাৰ উপৰি তথাকথিত সংঘর্ষৰে হত্যাযজ্ঞ পৰিহাৰ কৰক৷ আপোনালোকৰ নিৰাপত্তা বাহিনীয়ে আমাক ধ্বংস কৰিবলৈ যিমান চেষ্টা কৰিলেও নজহা–নপমা জাতিয়ে বুৰঞ্জী আৰু জীয়া বাস্তৱক সুঁৱৰি, সুৰক্ষিত ভৱিষ্যতৰ স্বার্থত অনুপ্রাণিত হৈ অসমৰ জনগণ আমাৰ লগতে থাকিব আৰু যেতিয়ালৈকে অসমৰ জনগণৰ অকৃত্রিম সমর্থন থাকিব, আমাৰ সংগঠনক নিঃশেষ কৰাটো সম্ভৱ নহ’ব৷’ লক্ষণীয়ভাৱে প্রায় চাৰি পৃষ্ঠাজোৰা প্রতিষ্ঠা দিৱসৰ দীর্ঘ বক্তব্যত বৰুৱাই আলফা (স্বাঃ) সন্ত্রাসবাদী সংগঠন নহয় বুলি দাবী কৰে৷ তেওঁ কয়– ‘বিগত সময়ছোৱাত অসম তথা পশ্চিমা দক্ষিণ–পূব এছিয়া অঞ্চলত শত–সহস্র যুৱক–যুৱতী তথা জাতি–বর্ণ–ধর্ম নির্বিশেষে আবাল–বৃদ্ধ–বনিতাক ভাৰতীয় বাহিনীয়ে হত্যা কৰি থলগিৰিৰ ন্যায্য আজন্ম অধিকাৰ সামৰিক সন্ত্রাসেৰে অৱদমিত কৰি ৰাখিব বিচাৰিছে৷ আজি পর্যন্ত কেৱল অসমৰেই ১৫ হাজাৰ পাহোৱাল যুৱক–যুৱতীক সন্ত্রাসবাদী সজাই অতি বর্বৰোচিতভাৱে হত্যা কৰিলে৷ সেইসকল অমৰ মৃতকক সশ্রদ্ধ প্রণিপাত জনাই আজিৰ এই শুভক্ষণত বিশ্ববাসীক জনাব বিচাৰোঁ যে আলফা (স্বাঃ) সন্ত্রাসবাদী সংগঠন নহয়, আমাৰ মুক্তি সেনানীসকলে ৰাষ্ট্রসংঘৰ দ্বাৰা নির্ধাৰিত নীতিৰ আধাৰত আত্মৰক্ষাৰ বাবেহে হাতত অস্ত্র তুলি লৈছে৷’

You might also like