বিশেষ বাৰ্তা, ৮ এপ্ৰিল : যোৰহাট লোকসভা সমষ্টিৰ সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত সাপেখাতীত আজি আয়োজিত বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেএঁ কয়, ‘কা’ আন্দোলনটো ফাঁকি কথাৰ ওপৰত নিৰ্ভৰশীল আছিল। বিৰোধীয়ে মিছা কথা কৈ আৱেগৰ ৰাজনীতি কৰি আছে। কেইদিনমানৰ পাছত তেওঁলোকে অসমৰ ৰাইজক উত্তৰ দিব লাগিব। অসমলৈ ট্ৰাকে ট্ৰাকে মানুহ আহিব বুলি আভুৱা-ভাঁৰি আন্দোলন কৰিছিল তেওঁলোকে। কিন্তু, এতিয়ালৈকে দেখোন এজনো অবৈধ লোক অসমলৈ অহা নাই। ‘কা’ বলৱৎ হোৱা ইমান দিনৰ পাছত আজিলৈকে মাত্ৰ এজন লোকেহে বৰাক উপত্যকাত আৱেদন কৰিছে”। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা মুখ্যমন্ত্ৰীয়ে কয় “ৰাইজৰ ইমান উচ্ছাহ, বিজেপিৰ প্ৰতি মৰম তথা বিশ্বাস আছে। যাৰ বাবে কেন্দ্ৰত পুনৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰ গঠন হ’ব। বিজেপি দলে বিগত নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিসমূহৰ প্ৰায়বোৰেই বাস্তৱত প্ৰতিফলিত হৈছে। যাৰ ফলত ৰাইজে বিজেপিক আকোঁৱালি লৈছে। অসমৰ চৈধ্যটা লোকসভা সমষ্টিৰ তেৰটাই বিজেপি মিত্ৰজোঁটৰ পক্ষত থকাটো এতিয়ালৈকে নিশ্চিত হৈছে। সেই অনুসৰি যোৰহাটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ তিনি লাখ ভোটৰ ব্যৱধানত জয়ী হোৱাটো নিশ্চিত”। সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত লোকসভাৰ সাংসদ পল্লৱলোচন দাস, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, এপিজিচিএলৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিতৰ লগতে বহুকেইগৰাকী জ্যেষ্ঠ বিজেপি নেতা অতিথি হিচাপে উপস্থিত থকা বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, এতিয়া ডিজিটেল যুগ। মিছা কথাৰে ৰাজনীতি কৰাৰ দিন উকলিল। এতিয়া ৰাইজে উন্নয়ন বিচাৰে। সেয়েহে ইমান উচ্ছাহ সকলোৰে।
প্ৰেৰক দীপাংকৰ পাল