নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছমুক্ত কমলপুৰৰ সংকল্প বিধায়ক দিগন্ত কলিতাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ এপ্ৰিলঃ কমলপুৰ বিধানসভা সমষ্টিক কংগ্রেছমুক্ত কৰিবলৈ সংকল্প লৈছে বিধায়ক দিগন্ত কলিতাই৷ দৰং-ওদালগুৰি সমষ্টিৰ বিজেপি প্রার্থী দিলীপ শইকীয়াৰ নির্বাচনী প্রচাৰত দলীয় নেতা-কর্মীসকলক অধিক সক্রিয় হ’বলৈ আহ্বান জনাই কলিতাই কয় যে কমলপুৰ সমষ্টিত এতিয়া কংগ্রেছৰ অস্তিত্ব নোহোৱা হৈ আহিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিকাশৰ অনিৰুদ্ধ যাত্রাই ৰাজ্যখনৰ সর্বশ্রেণীৰ ৰাইজৰ লগতে কমলপুৰৰ লোকসকলকো স্পর্শ কৰিছে৷ এতিয়া কংগ্রেছৰ নেতাসকলে উপায়হীন হৈ বিজেপিমুখী হৈছে৷ আগন্তুক দিনত বাকী থকা নেতা–কর্মীসকলে বিজেপিত যোগ দিব৷ এই ক্ষেত্রত সমষ্টিটোক সম্পূর্ণৰূপে কংগ্রেছমুক্ত কৰিবলৈ সংকল্প লোৱাৰ কথা দোহাৰি বিধায়ক কলিতাই এই ক্ষেত্রত বিজেপিৰ নেতা-কর্মীসকলক আৰু অধিক সক্রিয় হোৱাৰ আহ্বান জনায়৷ বিধায়ক কলিতাই ভাৰতীয় জনতা যুৱ মর্চাৰ কমলপুৰ মণ্ডল বৰশিল আশ্রম আৰু বিহদিয়া জাজিকোণা মণ্ডলৰ উদ্যোগত সাজেই দগাঁৱত যুৱ সংযোগ আৰু যুৱ বুথ বাহিনীৰ সন্মিলনত অংশগ্রহণ কৰে৷ সভাত দলটোৰ নেতা-কর্মীসকলক ৰাইজৰ মাজলৈ গৈ নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ অনুৰোধ কৰে কলিতাই৷

You might also like