নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিসত্ৰত যমুনা বালা ডেকা সোঁৱৰণী বিহু কৰ্মশালাৰ সফল সমাপ্তি

বিশেষ বাৰ্তা, ১০ এপ্ৰিল : কামৰূপ জিলাৰ বালিসত্ৰত বালিসত্ৰ আঞ্চলিক সংস্কৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক যমুনা বালা ডেকা সোঁৱৰণী পাঁচদিনীয়া বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাৰ সফল সমাপ্তি হয় । বালিসত্ৰ আঞ্চলিক সংস্কৃতি সুৰক্ষা মঞ্চৰ সভাপতি ৰজনীকান্ত বৈশ্যই পতাকা উত্তোলন কৰাৰ পিছত স্মৃতি তৰ্পণ, গছপুলি ৰোপণ কাৰ্য্যসূচীৰ পিছত বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা মুকলি কৰে নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালৰ অধ্যক্ষ গণেশ তামুলীয়ে । অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড০ সূৰ্যকান্ত হাজৰিকাই বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাখন উদ্বোধন কৰে । অতিথি হিচাপে উপস্থিত থাকে “অসম সাহিত্য সভা” সংবাদৰ আহ্বায়ক গৌতম গগৈ, কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক ৰজনী শালৈ, কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰভাত বণিয়া, কামৰূপ জিলা সাংবাদিক সংস্থাৰ সম্পাদক তৰণী চৰণ কলিতা, সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদক জিতু কাঞ্চন আদিয়ে । ঠিক তেনেদৰে বালিসত্ৰ আঞ্চলিক সংস্কৃতি সুৰক্ষা মঞ্চৰ সম্পাদক সুশীল চন্দ্ৰ ডেকা আৰু উপদেষ্টা পিনকেশ্বৰ কলিতাই আঁত ধৰা বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা অন্য দিনত উপস্থিত থাকে ক্ৰমে অৱসৰপ্ৰাপ্ত অসম আৰক্ষী আয়ুক্ত প্ৰদীপ চন্দ্ৰ শালৈ, স্বচ্ছ ভাৰত অভিযান মিছন, দিল্লীৰ অৱসৰপ্ৰাপ্ত প্ৰধান সঞ্চালক হিৰণ্য বৰা, নৰ্থ কামৰূপ কলেজৰ অধ্যাপক ড০ নীলোৎপল শৰ্মা আদিয়ে । ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন জ্যেষ্ঠ বিহুৱা বিজয় ভৰালীৰ নেতৃত্বত প্ৰশিক্ষণ দিয়া বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতা, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ উপদেষ্টা ধীৰেন শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্য্যালয় সম্পাদক ভৱজ্যোতি ডেকা, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি ধৰ্মেশ্বৰ দাস আদি ।

You might also like