পেন্সনৰ ৰাহি টকা আৰু ভ্রমণ
- হিৰণ ভূঞা
‘এদিনৰ আনন্দৰ বাবে বনভোজ খাবলৈ যাব লাগে৷ এমাহৰ আনন্দ পাবৰ বাবে ভ্রমণ কৰিবলৈ যাব লাগে আৰু এবছৰৰ আনন্দৰ বাবে বাগিচা পাতিব লাগে৷’
আজি অৱশ্যে মই বনভোজ আৰু বাগিচাৰ কথা পিছলৈ থৈ ভ্রমণৰ কথাকে ক’ব খুজিছোঁ৷ তাকো আমাৰ দৰে অৱসৰ লোৱা ব্যক্তিসকলে অৱসৰৰ অন্তত নিজকে সকলো ফালৰ পৰা অক্ষম বুলি নাভাবি এই ভ্রমণৰ যোগেদি আনন্দ ল’বলৈ কেনেকৈ প্রস্তুতি চলাব লাগে বা পাৰি তাকেহে ক’বলৈ লৈছোঁ ৷
কেতিয়াবা কোনো এটা ভ্রমণৰ বাবে পৰিকল্পনা কৰিলে সেই কথাটোৱে মানুহৰ মনত এটা বেলেগ আনন্দই ঠাই লয়৷ এখন নতুন ঠাইলৈ যাব, ফুৰিব, নেদেখাবোৰ দেখিব, দুজন নতুন মানুহক লগ পাব ইত্যাদি ইত্যাদিবোৰ৷ ঠিক তেনেকুৱা আমাৰো হৈছিল৷ এই হাবিয়াসেও এক অন্য আনন্দ দিয়ে৷
আমাৰ ক্ষেত্রতো ঠিক তেনেকুৱাই হৈছিল৷ এবাৰ দূৰ দেশ ভ্রমণ কৰিবলৈ বুলি মনতে আলচি চাওঁতে মোৰ স্বামীয়ে কৈছিল– ‘এবাৰ তোমাক বিদেশলৈ লৈ যাব পাৰিলে, ইংৰাজৰ দেশখন আৰু জার্মানী চাবলৈ বৰ মন আছিল৷’ কথামতেই কাম৷ মই ফুৰি বৰ ভাল পাওঁ৷ কিন্তু আমাৰ দৰে নিম্ন মধ্যবিত্ত পৰিয়ালৰ লোকে ইমানখিনি ভাবিবলৈও সাহস নাছিল, যিহেতুকে কম আয়ৰ ব্যক্তি আমি৷ তথাপি এওঁৰ মুখৰ বাক্যশাৰীয়ে মোক ভবাই তুলিলে– কেনেকৈ কোন দেশলৈ যাব পাৰি৷ আমি চাকৰি কৰা বিভাগটোৰে দুগৰাকীমান মহিলা বিষয়াই ইতিমধ্যে ফুৰিবলৈ যোৱা গম পাই তেখেতসকলৰ পৰা সবিশেষ জানি লৈছিলোঁ৷ এই ভাবিয়েই যে আমি আমাৰ শক্তিৰে পাৰিমনে? ২০০৪ চনত এওঁ পেন্সন পাইছিল আৰু মোৰ কেইবছৰমানহে বাকী আছিল৷ ইতিমধ্যে আমাৰ দুয়োটা ল’ৰাই সংস্থাপিত হৈছিল আৰু দুয়োটাৰ মোৰ চাকৰি কালতে বিয়াও পতা হৈছিল৷ তেতিয়াৰ পৰাই মনত এটা পৰিকল্পনা পুহি ৰাখিছিলোঁ৷ ভাবিছিলোঁ মোৰ পেন্সনৰ পৰা পোৱা ধনৰ কিছু ৰাহি কৰি তাৰেই ফুৰিবলৈ যাম৷ সেই ভাবতে দুয়ো পাৰপত্রৰ বাবে আবেদন কৰিছিলোঁ আৰু যথা সময়ত উক্ত পত্র প্রাপ্ত হৈছিল৷ কাগজে–পত্রে পোৱা ভ্রমণ কাহিনীবোৰ পঢ়ি তাৰ পৰাও কিছু অভিজ্ঞতা গোটাইছিলোঁ৷ বিভিন্ন এজেঞ্চীবোৰৰ লগত কথাও হৈছিলোঁ আৰু শেষত গৈ থমাছ কুকৰ জৰিয়তে ফুৰাৰ সিদ্ধান্ত লৈছিলোঁ৷ ইতিমধ্যে পাঁচটা বছৰৰ অপেক্ষাত খৰচৰ পৰিমাণটো দুইগুণ বাঢ়িছিল৷ যি কি নহওক, আমি এটা জ্যেষ্ঠ নাগৰিকৰ বাবে প্রস্তুত কৰা পেকেজ ল’বলৈ সুবিধা পাইছিলোঁ৷ সর্বমুঠ ৩৪টা পৰিয়াল মানে (পতি–পত্নী) একেলগে ফুৰিবলৈ বুলি নতুন দিল্লীৰ পৰা যাত্রা আৰম্ভ কৰিছিলোঁ৷ অসমৰ পৰা আমি দুজনেই আছিলোঁ৷ আমি গৈছিলোঁ ইংলেণ্ড, পেৰিছ, ছুইজাৰলেণ্ড, ইটালী, অষ্ট্রিয়া আৰু ভেটিকানচিটি৷ কিন্তু জার্মানী আমাৰ ভ্রমণত অন্তর্ভুক্তি নোহোৱাত জার্মানী চোৱা নহ’ল৷
আচলতে ফুৰিবলৈ যাবলৈ হিচাপৰ টকাখিনি যোগাৰ কৰিবলৈ সঞ্চয়ৰ প্রয়োজন৷ আৰু মই এই সঞ্চয় মোৰ পেন্সনৰ পৰা পোৱা ধনৰ (সকলোখিনি কৰিবলগীয়া কৰি) ৰাহি অংশ ফিক্স ডিপ’জিট কৰি পাইছিলোঁ৷ এতিয়া আকৌ এবাৰ ফুৰাৰ মনেৰে মাহিলি পেন্সনৰ পৰা কেইমাহমানৰ মূৰত ৰাহি হোৱা অংশ আকৌ ফিক্সড কৰিছোঁ৷ আৰু মাহে এটা অতি সামান্য পৰিমাণ স্কিমত এই ভাবতে থৈ গৈছোঁ৷ আচলতে ভ্রমণ কৰিবলৈ ধন আৰু মন দুয়োটাৰে প্রয়োজন৷ মানসিক প্রস্তুতিৰো অতি আৱশ্যক৷ মনৰ বলে ধনৰ বাটো দেখুৱাই দিয়ে৷ হিচাপৰ খৰচখিনিৰ পৰা ৰাহি হোৱা ধন এইদৰে গোটাই তাৰ দ্বাৰা নিজৰ সপোন পূৰাব পাৰি৷ এই পৰিকল্পনাৰ বাবে ৪/৫ বছৰ ৰ’ব লগা হ’লেও মনটোক থিৰ কৰি এই কার্য ফলৱতী কৰিব পাৰি৷
আজিও মনত পৰে আমাৰ সহকর্মী এজনে তেতিয়া কোৱা কথা এষাৰ– ‘তোমালোকৰ এজনৰ দৰমহাটো একেবাৰে ৰাহি হৈ যায় নহয়৷’ তেতিয়া কথাষাৰ শুনি অলপ কেনেবা কেনেবা লাগিছিল যদিও বর্তমান সেয়াই হৈছে৷ আমি দুয়ো মিলিজুলি খৰচত হাত দিওঁ, তাৰ ফাঁকতে মই আকৌ কিছু ৰাহিও কৰোঁ৷ এইদৰেই আকৌ এবাৰ ভ্রমণৰ এখন আঁচনি হাতত লৈছোঁ৷ এবাৰ পুনৰ দূৰ দেশ ফুৰাৰ৷ মাথোঁ ঈশ্বৰে সুস্বাস্থ্যৰে ৰাখিলেই হ’ল৷
এতিয়া মই এওঁক কথা দিছোঁ যে তেওঁৰ শৰীৰটো ভালে ৰাখি মোক সহায় কৰিলে আকৌ এবাৰলৈ আমাৰ ফুৰাটো হৈ উঠিব৷ অৱশ্যে এওঁ এইক্ষেত্রত আগ্রহী৷ আৰু এই হেঁপাহতেই দিনবোৰ পাৰ কৰিবলৈ মনত সাহসো পাইছোঁ৷ আজিও সেই ফুৰাৰ স্মৃতিয়ে মন ভৰাই ৰাখিছে৷ সেই দেশবোৰৰ সৌন্দর্য, সুশৃংখলতা, বাট–পথ পৰিচালনা, ঘৰৰ দুৱাৰডলিতেই বাট আৰু সুন্দৰ ফুলবোৰৰ সৌন্দর্য সঁচাকৈয়ে অতি মনোৰম৷ সঁচাকৈয়ে ইংৰাজে আমাক শাসন ১০০ বছৰৰ আগতেহে কৰিছিল যদিও আচল অর্থত তেওঁলোকে আমাতকৈ ২০০ বছৰ ঊর্ধ্বত৷ এতিয়া ভাবকচোন ভ্রমণে কিমান আনন্দ যোগাব পাৰে ৷