বিজ্ঞই বীণ বায় ক’ত
🔹 ড০ পাৰ্থসাৰথি মহন্ত
‘গৰুৰ আগত বীণ বায়, শিং জোকাৰি ঘাঁহ খায়৷’
ইয়াত গৰু আচলতে কোন? বীণ বজোৱাজন নে গৰুটো? গৰুৱে নিজৰ কাম কৰি আছে৷ ঘাঁহ খাই আছে৷ শিং জোকাৰি জোকাৰি আপোনমনে৷ বীণ বাদকজনৰ কাম চোৱা৷ বীণ বজাইছেগৈ সেই গৰুৰ আগত৷
আন এটা প্রেক্ষাপট লওঁ৷ ভীষণ গুৰুত্বপূর্ণ বিষয় এটাৰ ওপৰত আলোচনা হৈ আছে৷ মানুহ কেইজনমানেই৷ প্রায় প্রতিজনেই নিজৰ মত, ব্যাখ্যা দি আছে৷ কিন্তু বিজ্ঞ, পঢ়া–শুনা কৰা মানুহ বুলি সকলোৱে জনাজনে একো বিশেষ কোৱা নাই৷ বিজ্ঞজন নিমাত৷ কিয়? বিজ্ঞজন কেতিয়াবা এনেকৈ মনে মনে থাকে কিয়?
এই কথোপকথনত তেওঁ ভাগ ল’ব পৰা নাই কিয়? ভাগ ল’ব পৰা নাই নে লোৱা নাই! যোগাযোগত ফাট৷ সংযুক্তশূন্য এক পৰিস্থিতি৷ কাৰণ তেওঁ দেখি আছে, শুনি আছে এই যি আলোচনা চলি আছে, যি মন্তব্য–টিপ্পনী চলি আছে তাত বিষয়বস্তুৰ ওপৰত জ্ঞানৰ লেশমানো আলেখ নাই৷ তদুপৰি তেওঁ যদি কথা কয়, এওঁলোকে হয়তো বুজিও নাপাব৷ গতিকে মৌন হৈ থকাই শ্রেয়৷
এটা সৰল উদাহৰণেই লওঁ৷ ৰসিকতাবোধ৷ ভিন্নজনৰ ভিন্ন৷ টেলিভিছনত বিভিন্ন কৌতুকধর্মী অনুষ্ঠান আহি থাকে৷ আমি কোনোবা এটা বা দুটাহে ভাল পাওঁ৷ চাওঁ৷ বাকীবোৰক আমি সস্তীয়া বা বজৰুৱা পাওঁ৷ বিয়াই–বাৰুৱে বা আন সামাজিক কথা–বতৰাত অনেকেই খুহুতীয়া কথা কয়৷ কিছুমানৰ কথা মানুহে তৰল পায়, কোনো কোনোৰ আকৌ বুজিয়েই নাপায়৷ মূৰৰ ওপৰেৰে পাৰ হৈ যায়৷ কৈও দিয়ে– মোৰ কাৰণে এইটো বাউঞ্চাৰ আছিল৷ কৌতুকধর্মী কথা মানেই যে পাতল হ’ব তেনে নহয়৷ বিষয়ভিত্তিক সৰস টিপ্পনী বুজিবলৈ বিষয়টোও জানিব লাগিব৷ কিছু সম্যক জ্ঞান লাগিব৷ সাধাৰণতে শব্দক লৈ খেলিলে এনে হয়৷ শব্দ নাজানিলে ৰস ওলাব ক’ৰ পৰা? দ্ব্যর্থবোধক কথা বুজি ৰসস্বাদ কৰিবলৈ দুয়োটা অর্থ জানিব লাগিব৷ নহ’লে অঁকৰাৰ দৰে তিনিবাৰ হাঁহিব লাগিব৷ বিজ্ঞজনে তোমাক–মোক অস্বস্তিত পেলাব নোখোজে৷ আমাক বিব্রত কৰিব নোৱাৰে৷ লাজত পেলাব নোখোজে৷ তেওঁ মনে মনে থাকে৷
তেওঁৰ মনত এটা ভয়ো থাকে৷ হুমকি খোৱাৰ ভয়৷ জনা মানুহে যেতিয়া কথা কয়, অনেক নজনাই ভাবে– এওঁক চোৱা– বাহাদুৰি মাৰি আছে৷ যদিও আচলতে একো বাহাদুৰি বা ডাংকোপ মৰা নাই৷ নীচাত্মিকতাবোধত ভোগা এই মানুহখিনিয়ে কিন্তু নেতিবাচকভাৱেই চায়৷ আৰু এই ঈর্ষাৰ কাৰণেই জনা মানুহখিনিক আঁতৰাই ৰাখিবলৈ যত্ন কৰে৷ এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰে যে পাৰিলে সমাজতেই এঘৰীয়া কৰিব৷ বিজ্ঞজনৰ অহংকাৰো নাই, সৱজান্তা দেখুওৱাৰ প্রৱণতাও নাই৷ তেওঁ সেই কাৰণে যিমান জানে তাতকৈ কমকৈহে দেখুৱায়৷
আৱিষ্কাৰৰ আনন্দ৷ জ্ঞানপিপাসুক আৱিষ্কাৰৰ আনন্দইহে প্রলোভিত কৰে৷ এক অন্তর্নিহিত আনন্দ৷ মূর্খ কিছুমানৰ লগত কথা পাতি সময় নষ্ট কৰাতকৈ জ্ঞানৰ অন্বেষণ, নজনাক জনাই তেওঁক দিয়ে অনাবিল অনূভূতি৷ এই পৰিৱেশেই হ’ল বিজ্ঞজনৰ স্বস্তিৰ বলয়৷ বৌদ্ধিক সমতা থাকিলেহে এই স্বস্তিৰ বলয় সৃষ্টি হয়৷ দুটা নজনা কথা জানিব পাৰি, বৌদ্ধিক বিকাশ পাব পাৰি৷
সমাজ এখনত বাস কৰা সকলো ব্যক্তিৰ বৌদ্ধিক স্তৰ একে নহয়৷ আমি দৈনন্দিন লগ পাই থকা মানুহখিনিৰ মাজত বৌদ্ধিক সমতা নাই৷ কোনোবা জ্ঞানী হ’ল বুলিয়েই যে আনৰ লগত মিলামিছা নকৰিব এনে নহয়৷ বৰঞ্চ তেওঁ ভালকৈহে জানে যে জ্ঞানৰ প্রদর্শন তেওঁৰ সামাজিক যোগাযোগৰ অন্তৰায় হৈ পৰিব পাৰে৷ সেইকাৰণে তেওঁ য’তে–ত’তে অনাহকত কথা কৈ থকাৰ পৰা বিৰত থাকে৷
জ্ঞানীজনে গঠনমূলক অৱদান আগবঢ়াইহে ভাল পায়৷ তেওঁলোক কথাবাহী নহয়৷ অযথা৷ যেতিয়া তেওঁলোকে দেখে যে কোনো এক পৰিৱেশত যুক্তিযুক্ত কথাই মান্যতা নাপাব পাৰে, তেওঁলোকে সেই আলোচনাত ভাগ লোৱাৰ পৰা আঁতৰি থাকে৷
তেওঁলোকে শুনে৷ অল্পজ্ঞানী মানুহৰ কথা শুনিবলৈ সময় নাই৷ তেওঁলোকে মাথোঁ অনর্গল কথা কৈ থাকে৷ জ্ঞানীজন কিন্তু তেনে নহয়৷ আনকো কথা ক’বলৈ দিয়াৰ, আনৰ কথা শুনাৰ শিষ্টাচাৰখিনি তেওঁৰ আছে৷ সেই ভদ্রতা তেওঁৰ আছে৷ তেওঁৰ সেই বিনম্রতা আছে৷ লগতে তেওঁ এইটোও জানে যে সকলোৰে পৰা কিবা নহয় কিবা এটা শিকিব পাৰি৷ তেওঁ শুনিব জানে৷
মানে বীণ বজাব জানে বুলিয়েই বিজ্ঞজনে য’ত–ত’ত বীণ বজাই নুফুৰে৷ নজনাজনৰহে এই প্রৱণতা৷ সৱজান্তা৷ তেওঁৰ নজনা কথাই নাই৷ সৱ জানে৷ বিজ্ঞজন কিন্তু সংযমী৷ তেওঁ সংবৃত হৈ থাকে৷ তেওঁৰ বুদ্ধিমত্তাই তেওঁক বুদ্ধিমত্তা প্রদর্শন কৰাৰ পৰা বাৰণ কৰে৷
সংযমী বুদ্ধিমত্তা, মানুহৰ সামাজিক আচৰণৰ প্রাণৱন্ত চিত্র যৱনিকাত আমি সততেই প্রত্যক্ষ কৰা এক অদ্ভুত আত্মবিৰোধী ধাৰণা, সাংঘাতিক, ইণ্টাৰেষ্টিং মানসিকতা৷ মই জানো, অথচ নকওঁ৷ কাৰণ কৈ মোৰ একো লাভ নাই৷ লোকচানহে হ’ব৷
লোকচান আচলতে কাৰ হয়? বিজ্ঞজনৰ নে আমাৰ? তেওঁৰ জ্ঞান কামত লগোৱাৰ পৰা বঞ্চিত কোন হ’ল? এচামৰ নীচাত্মিকাবোধ, এচামৰ ঈর্ষা, নিৰাপত্তাহীনতাৰ কাৰণে জ্ঞানৰ ভাগ পোৱাৰ পৰা বঞ্চিত কোন হ’ল? যিখিনি একো নজনাকৈয়ে গাৰ জোৰত সৱজান্তা তেওঁলোকতো তেনেকৈয়ে থাকিব৷ বিনয়ী জ্ঞানীজনেও নিজৰ জ্ঞানৰ পৃথিৱীত ব্যস্ত থাকিব৷ আমি?
নজনাকৈয়ে জনা ওলাবলৈ যোৱা মানুহখিনিক আচলতে মনোৰঞ্জন লাগে৷ নিজৰ মনোৰঞ্জন৷ তেওঁলোকে নিজতকৈও নজনা এইখিনি গোটাই লৈ জ্ঞানৰ প্রদর্শন কৰি লাভ কৰে মনোৰঞ্জন৷ জ্ঞানীজনে বুজি পাই নিমাতে থাকে৷ তেওঁ বুদ্ধিপুষ্ট৷ এই মৌনতাৰেই সুযোগ লয় ওফাইদঙীয়াই৷
কিছুমান গৰুৱে বীণ বজালেও শিং জোকাৰি ঘাঁহ খাই থাকে৷ কিছুমানে আকৌ শিঙেৰে খুঁচিবলৈয়ে খেদি আহে৷ গতিকে গৰুৰ আগত বীণ বজাবলৈ যোৱাৰ দৰকাৰ কি?