নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ‘ৰং’ত নতুন ধাৰাবাহিক ‘আকাশী গংগা’ৰ সম্প্রচাৰ

🔹 প্রাইড ইষ্টৰ চিএমডি ৰিণিকি ভূঞা শর্মাৰ পৰিকল্পনা–কৃষ্ণা বৰুৱাৰ ৰহস্যধর্মী কাহিনী

বিশেষ বাৰ্তা, ২২ এপ্রিল : ‘অতীতবোৰ অতীত হৈয়ে থাককচোন৷ স্মৃতিৰ পাতবোৰ আকৌ কিয় লুটিয়াব খুজিছা? শুকাবলৈ ধৰা ঘা টুকুৰাত আকৌ তেজ বিৰিঙিছে, বিষাদৰ জুইকুৰা আকৌ বুকুত উমি উমি জ্বলিছে, উকা ডায়েৰীৰ পৃষ্ঠাবোৰে আজি আকৌ ৰং চাইছে৷’ এই ‘অতীত’ এনেকুৱা এটা শব্দ, যাৰ অর্থ সকলোৰে বাবে বেলেগ বেলেগ হয়৷ কাৰোবাৰ বাবে মিঠা, কাৰোবাৰ বাবে তিতা আৰু কাৰোবাৰ বাবে এক সাঁথৰ৷ ঠিক তেনে এক সাঁথৰসম অতীত উন্মোচনৰ কাহিনীয়ে হৈছে ‘আকাশী গংগা’৷ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্রাইভেট লিমিটেডৰ উদ্যোগত, প্রাইড ইষ্টৰ অধ্যক্ষা তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাৰ পৰিকল্পনাৰে ৰং চেনেলত আজিৰ পৰা সম্প্রচাৰ হ’ব এখন নতুন ধাৰাবাহিক ‘আকাশী গংগা’৷ সদায় নতুন তথা অগতানুগতিক বিষয়বস্তুৰে দর্শকক মনোৰঞ্জনৰ নানাৰঙী সোৱাদ দি যাব বিচৰা ৰং চেনেলৰ সোণালী বর্তমানত এক নতুন সংযোজন ‘আকাশী গংগা’৷ ‘বৰষা যেতিয়া নামে’, ‘ময়ূৰপংখী’ আদি ধাৰাবাহিকেৰে ইতিমধ্যেই দর্শকৰ মনত নিগাজি আসন লোৱা পৰিচালক কুমাৰ চন্দ্রনাৰায়ণ দেৱৰ ন–সৃষ্টি ‘আকাশী গংগা’ৰ কাহিনী কৃষ্ণা বৰুৱাৰ৷ ধাৰাবাহিকখনৰ চিত্রনাট্যকাৰ নয়ন সাউদ৷ ‘আকাশী গংগা’ ধাৰাবাহিকখন মূলতঃ ৰহস্যধর্মী৷ এগৰাকী ছোৱালীৰ মাক–দেউতাকৰ অতীত বিচাৰি এক যাত্রা৷ যি যাত্রাই লয় প্রতিদিনে নতুন গতি৷ অতীতক বিচাৰি ছোৱালীগৰাকী এক চক্রবেহুত সোমাই পৰে আৰু চক্রবেহুৰ পৰা ওলোৱাৰ ভিন্নৰঙী কাহিনীৰ সমলেই হৈছে ‘আকাশী গংগা’৷ ‘আকাশী গংগা’ ধাৰাবাহিকখনৰ জৰিয়তে বহু বছৰৰ বিৰতিৰ পাছত সৰু পর্দালৈ পুনৰাগমন ঘটিব চলচ্চিত্র জগতৰ জনপ্রিয় প্রবীণ অভিনেতা ব্রজেন বৰাৰ৷ লগতে ধাৰাবাহিকখনৰ বিভিন্ন চৰিত্রত প্রাণ দিছে জনপ্রিয় অভিনেতা জয় কাশ্যপ, ভার্গৱ দাস, স্নিগ্ধা গগৈ, ৰাগ ঐনিতম, সুকন্যা ৰাজগুৰুকে ধৰি বহুতো ন–পুৰণি অভিনেতা–অভিনেত্রীয়ে৷ ‘আকাশী গংগা’ ধাৰাবাহিকখনৰ শীর্ষগীতত কণ্ঠদান কৰিছে জুবিন গার্গে৷ শীর্ষ গীতৰ কথা আৰু সুৰ ক্রমে শশাংক সমীৰ আৰু পৰাণ বৰকটকীৰ৷ পাপু ডেকা আৰু সূৰুয ডেকাই চিত্রগ্রহণ কৰা ধাৰাবাহিকখনৰ সম্পাদনা জিতেন বৰাৰ৷ পৰাগ প্রিয়ম নাথে আৱহ সংগীতেৰে সজোৱা ধাৰাবাহিক আকাশী গংগাৰ সহযোগী চিত্রনাট্যকাৰ জাহ্ণৱী মজুমদাৰ আৰু দর্শনা দাস৷ বিভিন্ন মনোমোহা ঠাইত চিত্রগ্রহণ সম্পন্ন হোৱা ধাৰাবাহিকখন ৰং চেনেলত প্রতি সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৯.৩০ বজাত সম্প্রচাৰ হ’ব৷ ৰং চেনেলৰ আন ধাৰাবাহিকৰ দৰে ‘আকাশী গংগা’ক দুগুণ মৰমেৰে আঁকোৱালি ল’ব বুলি পৰিচালক কুমাৰ চন্দ্র নাৰায়ণ দেৱৰ লগতে ৰং পৰিয়াল একান্তই আশাবাদী৷

You might also like