অতি স্বাভাৱিকভাৱেই অসমৰ নগৰবোৰৰ আকৃতি, চেহেৰা আৰু চৰিত্র সলনি হৈ গৈ আছে৷ প্রথম কথা নগৰবোৰত ঘৰৰ সংখ্যা বাঢ়িছে, মুকলি ঠাই কমি আহিছে, গাডী–মটৰ, যান–বাহন আদিৰ সংখ্যা বাঢ়িছে আৰু এইবোৰৰ ফলত চহৰখনত বতাহৰ গতিপ্রবাহ কমি গৈছে৷ নগৰ এখনত থকা মুকলি পথাৰ, বাগিচা, পুখুৰী আদিৰ দৰে খোলা ঠাইবোৰে বতাহৰ আৱর্তন বৃদ্ধি কৰে আৰু নগৰখনত বতাহৰ গুণগত মান উন্নত হয়৷ বতাহৰ গুণগত মানে নাগৰিকসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত প্রভাৱ পেলায়৷ নগৰ এখন যেতিয়া অসংখ্য বহুমহলীয়া ঘৰেৰে ভৰি যায়, চহৰৰ মূল্যৱান অঞ্চলবোৰত যেতিয়া গাতে গা লগাই ঘৰবোৰ থিয় হয়, তেনে ঠাইত বতাহৰ গতিপ্রবাহ বহু সীমিত হৈ পৰিবলৈ বাধ্য হ’ব৷ এহ ঠাইবোৰত যদি পার্ক, বাগিচা বা জলাশয়ৰ দৰে কিছু মুকলি ঠাহ থাকে, এহ মুকলি ঠাহসমূহে বতাহৰ গতিপথ মুকলি কৰি ৰাখি বতাহৰ আৱর্তন বৃদ্ধি কৰিব আৰু গুণগত মান উন্নত কৰিব৷ অকল ইমানেই নহয়, খেলপথাৰ, পার্ক আৰু জলাশয়সমূহে নগৰবাসীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতিৰ ক্ষেত্রতো গুৰুত্বপূর্ণ প্রভাৱ পেলায়৷ পেছাদাৰী খেলুৱৈসকলৰ বাবে বিশেষ ধৰণৰ খেলপথাৰৰ প্রয়োজন৷ কিন্তু সাধাৰণ নাগৰিকৰ বাবে মুকলি সাধাৰণ খেলপথাৰেই যথেষ্ট, য’ত নাগৰিকে খোজ কাঢ়িব পাৰে, জগিং কৰিব পাৰে, সৰু–সুৰা শাৰীৰিক ব্যায়াম কৰিব পাৰে বা বহিব পাৰে৷ এইখিনি নাগৰিক এজনৰ প্রাপ্য৷ কিন্তু নগৰ পৰিকল্পকসকলে ক্রমবর্ধমান নগৰবোৰৰ চেহেৰা আৰু চৰিত্র নির্মাণৰ সময়ত নাগৰিকৰ এই প্রয়োজনৰ প্রতি চকু দিয়া নাই৷
অসমত এতিয়া বহু নগৰৰ নৱনির্মাণৰ কাম চলি আছে৷ এনে সময়তে নগৰ পৰিকল্পকসকলৰ দায়িত্ব বহুত৷ তেওঁলোকৰ পৰিকল্পনা আৰু সিদ্ধান্তৰ ওপৰতে একোখন নগৰৰ ভৱিষ্যৎ নির্ভৰ কৰিব৷ কিন্তু অসমত এতিয়ালৈকে কোনো নগৰ পৰিকল্পকে নিজস্ব চিন্তা–ভাবনাৰ পৰিচয় দিয়া কাম কৰিব পৰা নাই৷ চৰকাৰী চাকৰিত বিষয়াসকলৰ সীমাবদ্ধতা নিশ্চয় থাকে, কিন্তু ইচ্ছা থাকিলে তাৰ মাজতো কৰিব পৰাজনে কাম কৰে৷ অসমৰ প্রতিখন চহৰতে পর্যাপ্ত মুকলি ঠাই ৰখাৰ কাম কৰাৰ সময় পাৰ হৈ গৈছে, কিন্তু এতিয়াও ৰক্ষা কৰিব পৰা অলপ–চৰপ নথকা নহয়৷ গুৱাহাটীত মানুহৰ সংখ্যা যিমান তাৰ তুলনাত কিন্তু মুকলি ঠাই নাই৷ মানুহে পুৱা খোজ কাঢ়িবলৈ ঠাই নায়৷ গতিকে, ব্যস্ত ৰাজপথ বন্ধ কৰি তাত মানুহক খোজ কাঢ়িবলৈ দিয়া হৈছে৷ ব্রিটিছে নির্মাণ কৰি যোৱা গুৱাহাটীখন চাই তাৰ লগত এতিয়াৰ গুৱাহাটী তুলনা কৰিলেই বুজিব পাৰি কিমান বুদ্ধিহীন মানুহৰ হাতত অসমৰ নগৰবোৰ নির্মাণৰ দায়িত্ব দিয়া হৈ আহিছে৷ নাগৰিকে দুদণ্ড শান্তিৰে সময় অতিবাহিত কৰিব পৰা গুৱাহাটীৰ উল্লেখনীয় মুকলি ঠাই আছিল দীঘলীপুখুৰীপাৰ৷ এতিয়া পুখুৰীৰ দক্ষিণৰ পথটো বন্ধ কৰি যান–বাহনবোৰক পুখুৰীৰ চাৰিও পিনেৰে এপাক যাবলৈ বাধ্য কৰা হৈছে আৰু ৰাস্তাটো সমর্পণ কৰা হৈছে দোকানী কিছুমানক৷ ব্যৱসায়ীসকলক ব্যৱসায়ৰ বাবে ঠাইৰ ব্যৱস্থা কৰি দিয়াটো ভাল কথা, কিন্তু তাৰ বাবে মূল্যৱান আৰু প্রয়োজনীয় ঠাই একোডোখৰ নষ্ট কৰাৰ কোনো যুক্তি থাকিব নোৱাৰে৷ গুৱাহাটীৰ মাজমজিয়াত থকা শিলপুখুৰী ঐতিহাসিক গুৰুত্ব থকা ঐতিহ্য সম্পদ, বর্তমানৰ পৰিৱেশ সংক্রান্তীয় প্রয়োজন পূৰণ কৰিব পৰা এটা মূল্যৱান জলাশয়৷ এই ঠাইখিনিক নাগৰিকৰ প্রয়োজন পূৰণ কৰিব পৰা ঠাইলৈ ৰূপান্তৰ কৰাৰ পৰিৱর্তে তাত নির্মাণ কৰা হ’ল ৰাজহুৱা শৌচালয়৷ ৰাজহুৱা শৌচালয় এটা প্রয়োজনীয় বস্তু, কিন্তু তাৰ বাবে শিলপুখুৰীৰ পাৰ এটা ব্যৱহাৰ কৰাটো কিমান জৰুৰী, সেই কথা সিদ্ধান্ত গ্রহণ কৰাসকলে সহজে বুজি পাব লাগিছিল৷ অকল মুকলি ঠায়েই নহয়, পর্যাপ্ত পৰিমাণে সেউজীয়া গছ–গছনিও চহৰৰ মাজত থকা উচিত, অকল মানুহৰ বাবে নহয়, জীৱ–জন্তুৰ বাবেও৷ চৰকাৰৰ দায়িত্বশীল বিষয়াসকলে এইবোৰ কথা মন নকৰিলে তাৰ দায়িত্ব কোনে বহন কৰিব, সেই প্রশ্নৰ উত্তৰ কাৰো হাতত নাই।