নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ বিশ্বকাপত কোহলিক ৰোধাৰ পৰিকল্পনা পাকিস্তানৰ 

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ মে’ : দুই জুনৰ পৰা ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত যুটীয়াভাৱে অনুষ্ঠিত হ’ব আইচিচি টি–২০ বিশ্বকাপ ক্রিকেট৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ ৯ জুনৰ হাইভ’ল্টেজ মেচখনক লৈ অধীৰ আগ্রহেৰে বাট চাই আছে বিশ্বৰ ক্রিকেটপ্রেমীয়ে৷ নিউয়র্কত ৯ জুনত অনুষ্ঠিত হ’ব ভাৰত–পাকিস্তানৰ হাইভ’ল্টেজ মেচখন৷ বহুপ্রতীক্ষিত  এই মেচখনলৈ এমাহ বাকী থকা অৱস্থাত পাকিস্তানে টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিক ৰোধাৰ পৰিকল্পনা কৰিছে৷ আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে টি–২০ শৃংখলা খেলিবলৈ যোৱাৰ পূর্বে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত পাকিস্তান ক্রিকেট দলটোৰ অধিনায়ক বাবৰ আজমে কয় যে বিশ্বকাপৰ হাইভ’ল্টেজ মেচখনত বিৰাট কোহলিক ৰুধিবলৈ প্রয়োজনীয় কৌশল প্রস্তুত কৰিব৷ আমি সকলো দলৰ বিপক্ষে ৰণনীতি প্রস্তুত কৰি আছোঁ৷ বিৰাট কোহলি হ’ল বিশ্বৰ অন্যতম শ্রেষ্ঠ ক্রিকেটাৰ৷ তেওঁক সোনকালে আউট কৰাৰ বাবে বিশেষ ৰণনীতি প্রস্তুত কৰিম৷ কিয়নো ২০২২ চনৰ টি–২০ বিশ্বকাপত কোহলিয়ে ৫৩টা বলত ৮২ ৰান সংগ্রহ কৰি প্রায় এককভাৱে পাকিস্তানক পৰাস্ত কৰিছিল৷ যিটো এতিয়াও পাহৰিব পৰা নাই বাবৰে৷ কোহলিৰ লগতে টীম ইণ্ডিয়াকো প্রশংসা কৰি পাক দলটোৰ অধিনায়কগৰাকীয়ে লগতে কয় যে তেওঁলোকে কোহলিৰ উপৰি দলটোৰ আন ১০গৰাকী খেলুৱৈৰ বিৰুদ্ধেও পৰিকল্পনা কৰিব৷ নিউয়র্কৰ পিটছ আৰু খেলপথাৰৰ বিষয়ে বিশেষ নাজানো৷ কিন্তু বিৰাট কোহলি সকলোতে শ্রেষ্ঠ৷ সেয়ে আমি তেওঁৰ বিৰুদ্ধে বিশেষ পৰিকল্পনা কৰিছোঁ৷ পাক অধিনায়কগৰাকীয়ে লগতে কয় যে এটা দলৰ এজনৰ বিৰুদ্ধে পৰিকল্পনা কৰিলে নহ’ব৷ বাকী সদস্যকেইজনৰ বিৰুদ্ধেও পৰিকল্পনা প্রস্তুত কৰিব লাগিব৷ তেতিয়াহে সফলতা লাভ কৰিব পৰা যাব৷ উল্লেখ্য যে আগন্তুক টি–২০ বিশ্বকাপত পাকিস্তান আৰু ভাৰতক একেটা গ্রুপত স্থান দিয়া হৈছে৷ ৫ জুনত ভাৰতে আয়াৰলেণ্ডৰ বিপক্ষে অভিযান আৰম্ভ কৰাৰ বিপৰীতে পাকিস্তানে ৬ জুনত আমেৰিকাৰ বিপক্ষে খেলি বিশ্বকাপত অভিযান আৰম্ভ কৰিব৷

You might also like