নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানাহলৈ পোৱালিসহ কাজিৰঙাৰ মাইকী গঁড়

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ চলিত বর্ষৰ ভিতৰত ৰাজ্যখনত এটা খড়গ থকা গঁডৰ সংখ্যা তিনি হাজাৰলৈ বৃদ্ধি কৰাৰ উদ্দেশ্যে ইণ্ডিয়ান ৰাইন’ ভিছন আঁচনিৰ অধীনত আজি কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ পৰা পোৱালিসহ এটা মাইকী গঁড় মানাহ ৰাষ্ট্রীয় উদ্যানলৈ নিয়া হয়৷ উল্লেখ্য যে ৰাজ্যৰ বন বিভাগৰ উদ্যোগত তথা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন ডব্লি’ ডব্লি’ এফ, ইণ্টাৰনেচনেল ৰাইন’ ফাউণ্ডেচন, বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ আদিৰ সহযোগত ২০০৫ চনত আৰম্ভ হোৱা আই আৰ ভি–২০২০ অভিযানৰ অন্ত পৰিব অহা ৩১ মার্চত৷ ভাৰত চৰকাৰৰ বন মন্ত্রালয়ৰ পৰা মুঠ ২০টা গঁড় স্থানান্তৰ কৰাৰ অনুমতি লাভ কৰাৰ পিছত বিগত ১৫ বছৰত মানাহ ৰাষ্ট্রীয় উদ্যানলৈ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান আৰু পবিতৰা বন্যপ্রাণী অভয়াৰণ্যৰ পৰা মুঠ ১৮টা গঁড় স্থানান্তৰ কৰা হৈছিল৷ কেন্দ্রীয় বন মন্ত্রালয়ৰ পৰা অনুমতি পোৱা বাকী দুটা গঁড় মানাহ ৰাষ্ট্রীয় উদ্যানলৈ স্থানান্তৰ কৰা হয়৷ ৰাজ্যখনৰ বন বিভাগৰ প্রধান মুখ্য বন সংৰক্ষক এম কে যাদৱে জানিবলৈ দিয়া মতে, আই আৰ ভি আঁচনিৰ অধীনত ইতিমধ্যে কাজিৰঙা আৰু পবিতৰাৰ পৰা ১৮টাকৈ গঁড স্থানান্তৰ কৰা হৈছে৷ মানাহ ৰাষ্ট্রীয় উদ্যানত ১৮ৰ পৰা ৪২লৈ গঁডৰ সংখ্যা বৃদ্ধি হোৱা বুলি জানিবলৈ দিয়ে এম কে যাদৱে৷ আজি পুৱা প্রায় ছয় বজাৰ পৰাই কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বাগৰি বনাঞ্চলত বন বিভাগৰ বৃহৎ দল আৰু পশু চিকিৎসকৰ দলে গঁড় অচেতন কৰি আবদ্ধ কৰিবলৈ অভিযান আৰম্ভ কৰে৷ হাতীৰ পিঠিত আৰু খোজকাঢ়ি যোৱা বন বিভাগ আৰু পশু চিকিৎসকৰ দলে ৰাষ্ট্রীয় উদ্যানখনৰ ডুঙা বন শিবিৰ এলেকাত দুয়োকে ড্রেংকুলাইজ কৰিবলৈ সক্ষম হয়৷ গঁড দুটাক গঁৰালত ভৰাই মানাহ ৰাষ্ট্রীয় উদ্যানলৈ অনা হয়৷ গঁড় দুটাক আৰক্ষীৰ সম্পূর্ণ নিৰাপত্তাৰ মাজত মানাহলৈ অনা হৈছে৷ এই গঁড় দুটাৰ লগত অভিজ্ঞ পশু চিকিৎসকৰ দল, বন বিভাগৰ উচ্চপদস্থ বিষয়া তথা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ বিষয়াই মানাহলৈ যাত্রা কৰিছে বুলি জানিব পৰা গৈছে৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ পৰা নিয়া দুটা গঁড় মানাহ ৰাষ্ট্রীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলৰ অৰণ্য এলেকাত মুকলি কৰি দিয়া হ’ব বুলি ৰাজ্যখনৰ বন বিভাগৰ প্রধান মুখ্য বন সংৰক্ষক এম কে যাদৱে জানিবলৈ দিয়ে৷

You might also like