নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভাৰ এখন আসনত হিন্দু বাঙালীক প্রার্থিত্ব দিয়াৰ দাবী

বাঙালী যুৱ–ছাত্র ফেডাৰেচনৰ দাবী

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ নির্বাচন অনুষ্ঠিতব্য অসমৰ তিনিখন ৰাজ্যসভাৰ আসনৰ ভিতৰত এখনত খিলঞ্জীয়া হিন্দু বাঙালীক প্রার্থিত্ব প্রদানৰ দাবী তুলিছে সদৌ অসম বাঙালী যুৱ ছাত্র–ফেডাৰেচনে৷ একে সময়তে ২০২১ চনৰ বিধানসভা নির্বাচনত ব্রহ্মপুত্র উপত্যকাৰ পৰা হিন্দু বাঙালীৰ কমেও ১০জনক প্রার্থিত্ব প্রদান কৰিবলৈ ৰাজনৈতিক দলসমূহৰ প্রতি সংগঠনটোৱে আহ্বান জনাইছে৷ আজি দিছপুৰ প্রেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত ফেডাৰেচনৰ কেন্দ্রীয় সভাপতি মহানন্দ সৰকাৰ দত্তই এই সন্দর্ভত বিশেষভাৱে শাসকীয় মিত্রজোঁটৰ নেতৃত্ব বহনকাৰী বিজেপিক উদ্দেশ্যি কয় যে সমাগত ৰাজ্যসভা নির্বাচনত বিজেপিয়ে এখন আসনত অসমৰ খিলঞ্জীয়া হিন্দু বাঙালীক প্রার্থিত্ব প্রদান কৰক৷ ইতিপূর্বে কংগ্রেছে বিধানসভা নির্বাচনত ব্রহ্মপুত্র উপত্যকাত হিন্দু বাঙালীৰ ৬–৭জন ব্যক্তিক প্রার্থিত্ব প্রদান কৰিছিল৷ কিন্তু বর্তমান ব্রহ্মপুত্র উপত্যকাৰ পৰা হিন্দু বাঙালীৰ প্রতিনিধিত্ব কৰা শিলাদিত্য দেৱহে একমাত্র বিধায়ক৷ সেয়েহে ২০২১ চনৰ বিধানসভা নির্বাচনত কমেও ১০জন লোকক প্রার্থিত্ব প্রদান কৰি হিন্দু বাঙালীৰ প্রতি থকা মৰম প্রদর্শন কৰিবলৈ আমি বিজেপিৰ প্রতি আহ্বান জনাইছোঁ৷ হিন্দু বাঙালীৰ প্রতিনিধি নথকা অঞ্চল–সমষ্টি–জিলাক সামৰি এখন উপগ্রহীয় পৰিষদ গঠনৰ লগতে ভাষিক সংখ্যালঘু ব’ডখন নতুনকৈ গঠন কৰি ইয়াৰ অধ্যক্ষৰ দায়িত্ব ফেডাৰেচনৰ এজন প্রাক্তন সভাপতিক অর্পণ কৰিবলৈও তেওঁ দাবী জনায়৷ তদুপৰি বাংলাভাষী উন্নয়ন পৰিষদখন অধিক শক্তিশালী কৰাৰ স্বার্থত পর্যাপ্ত পুঁজি যোগান ধৰাৰ বিষয়টোও তেওঁ চৰকাৰৰ দৃষ্টিগোচৰ কৰে৷ ‘ডি’ ভোটাৰৰ সমস্যা সমাধান নোহোৱাৰ কথা উল্লেখ কৰি ফেডাৰেচনৰ সভাপতি দত্তই কয় যে এফালে নাগৰিকত্ব সংশোধনী আইন অনা হৈছে, আনফালে ডিটেনচন কেম্পত বন্দী হৈ আছে প্রকৃত ভাৰতীয় হিন্দু বাঙালী নাগৰিক৷ প্রকৃত ভাৰতীয় নাগৰিক হোৱাৰ পিছতো হিন্দু বাঙালীসকলক জাৰি কৰা ‘ডি’ ভোটাৰৰ ন’টিচবোৰক চৰকাৰে অবৈধ বুলি ঘোষণা কৰক৷ ইফালে, দিছপুৰ প্রেছ ক্লাবতে আয়োজিত আন এখন সংবাদ মেলত সাৰা অসম বাঙালী ঐক্যমঞ্চ নামৰ সংগঠনটোৰ নেতৃবৃন্দই ‘ডি’ ভোটাৰ ইছ্যুটো সন্দর্ভত সংশ্লিষ্ট কর্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তোলে৷ তেওঁলোকে দাবী কৰা মতে, চূড়ান্ত এনআৰচিত নাম সন্নিৱিষ্ট হোৱাৰ পিছতো বিভিন্ন জিলাত হিন্দু বাঙালী সম্প্রদায়ৰ লোকলৈ ‘ডি’ ভোটাৰৰ জাননী আহিয়ে আছে৷ ইয়াৰ জৰিয়তে বিদেশীৰ নামত হাৰাশাস্তি কৰা হৈছে স্বদেশীক৷ বাংলাদেশীসকলক এনেদৰে গিনিপিগ সজোৱা হৈছে৷ এইক্ষেত্রত বঙাইগাঁও জিলাৰ জাৰাগুৰি নিৱাসী কল্পনা বালা আর্য আৰু নৱমী আর্যৰ নাম তেওঁলোক উদাহৰণ হিচাপে উল্লেখ কৰে৷ তদুপৰি চিৰাং জিলাৰ ঢ়ালিগাঁও থানাৰ অন্তর্গত দাংতল নিৱাসী অৰুণ সূত্রধৰ নামৰ লোকজনক কোনোধৰণৰ জাননী অবিহনেই মাতি নি আৰক্ষীয়ে গোৱালপাৰাৰ ডিটেনচন কেম্পলৈ প্রেৰণ কৰাৰো তেওঁলোকে অভিযোগ তোলে৷ বিগত বর্ষৰ ২৭ ছেপ্টেম্বৰত ছেৰফাংগুৰিৰ পৰা অপহৃত প্রদীপ শীল নামৰ যুৱকজনৰ  সন্ধান নোলোৱাক লৈও বিটিচি প্রশাসন আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ঐক্যমঞ্চৰ নেতৃবৃন্দ৷ এই প্রসংগত তেওঁলোকে কয় যে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিটিচি প্রশাসনে সফলতাৰ জয়গান গাই আহিছে৷ অপহৰণৰ পাঁচ মাহ অতিক্রম কৰাৰ পিছতো প্রশাসনে প্রদীপ শীল নামৰ যুৱকজনৰ সন্ধান উলিয়াব নোৱাৰিলে৷ অপহৃত যুৱকজন এটি ২৪ দিনীয়া কেঁচুৱাৰ পিতৃ৷ তেওঁৰ পৰিয়ালটোৰ অৱস্থা অবর্ণনীয়৷ তেওঁৰ সন্ধান উলিওৱাৰ ক্ষেত্রত কোকৰাঝাৰ জিলা প্রশাসন সম্পূর্ণৰূপে ব্যর্থ হৈছে৷ ৰাজ্য চৰকাৰেও একো কৰিব পৰা নাই৷ আমি বিটিচি প্রশাসন–ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ– প্রদীপ শীলক মোকলাই অনাৰ ক্ষেত্রত শীঘ্রে ব্যৱস্থা গ্রহণ কৰক৷

You might also like