সন্তানক সফল আৰু প্রতিষ্ঠিত নাগৰিক হিচাপে গঢ়ি তুলিবলৈ গৈ বহু মাতৃয়ে নিজৰ কেৰিয়াৰ তথা প্রতিভা বিসর্জন দিবলগীয়া হয়৷ কাৰণ আজিকালি এগৰাকী পিতৃৰ লগতে মাতৃসকলেও সন্তানৰ কেৰিয়াৰ আৰু ভৱিষ্যতক লৈ সমানেই গুৰুত্ব প্রদান কৰা দেখিবলৈ পোৱা যায়৷ ইয়াকে কৰিবলৈ যাওঁতে মহিলাসকল যে কাৰোবাৰ কন্যা, কাৰোবাৰী পত্নী অথবা আন কাৰোবাৰ যে মাতৃ হোৱাৰ উপৰি তেওঁলোকৰ নিজৰ আন কিবা পৰিচয় আছে সেই কথা পাহৰি পেলায়৷ আচলতে বৈবাহিক জীৱনে আনি দিয়া সীমাহীন ব্যস্ততাই তেওঁলোকক অন্য এখন জগতলৈ ঠেলি দিয়ে৷ বিশেষকৈ সন্তান জন্ম হোৱাৰ পিছত এই ব্যস্ততা হৈ পৰে অভাৱনীয়৷ যাৰ বাবে মাতৃত্ব লাভৰ পিছত বহু মহিলাই চাকৰি পর্যন্ত এৰি দিবলৈ বাধ্য হয়৷ ল’ৰা–ছোৱালীৰ প্রতিপালনত তেওঁলোক ইমানেই ব্যস্ত হৈ পৰে যে নিজৰ ব্যক্তিগত জীৱনৰ প্রতি চকু দিবলৈ সময় নাইকিয়া হৈ পৰে৷ মাতৃ হোৱাৰ পিছত জীৱনলৈ হঠাতে আহি পৰে বিভিন্ন নতুন কাম৷ সেইবুলি নিজকে জীৱনৰ আনন্দ আৰু অধিকাৰৰ পৰা বিচ্ছিন্ন কৰি ৰখা উচিত নহয়৷ নিজৰ সুখ–স্বাচ্ছন্দ্য আৰু ৰুচি–ভিৰুচি বজাই ৰাখিও সন্তানক ডাঙৰ–দীঘল কৰা সম্ভৱপৰ৷ বহু মাতৃয়ে দৈনন্দিন কাম–কাজ কৰাৰ বাবে শিশু সন্তানৰ হাতত ম’বাইল ফোন তুলি দিয়া পৰিলক্ষিত হয়৷ কাৰণ ঘৰৰ অন্যান্য কাম–কাজবোৰ যাতে সঠিকভাৱে কৰিব পাৰে আৰু এইক্ষেত্রত সন্তানৰ পৰা কোনো অসুবিধা নাপায়, তাৰ বাবেও তেওঁলোকে সন্তানৰ হাতত অনিচ্ছাসত্ত্বেও তুলি দিয়ে ম’বাইল ফোন৷ এইসকল মাতৃয়ে সন্তানক পর্যাপ্ত সময় দিব নোৱাৰা বাবে এক অপৰাধবোধতো ভোগা পৰিলক্ষিত হয়৷ কিয়নো সন্তানক ম’বাইল ফোন দিয়া অথবা প্রতিবেশীৰ ল’ৰা–ছোৱালীৰ সৈতে খেলিবলৈ পঠিওৱা আদি কার্যক পৰিয়ালৰ অন্য লোকসকলে সদায় নেতিবাচক দৃষ্টিৰে চায়৷ কিন্তু মনোবিজ্ঞানীসকলৰ মতে এনে বিষয়বোৰক লৈ মাতৃসকলে অপৰাধবোধত ভোগাৰ কোনো প্রয়োজন নাই৷
সন্তান জন্মৰ পিছত নিজৰ পৰিচয় কেতিয়াও পাহৰি যোৱা উচিত নহয়৷ কাৰণ মাতৃত্বৰ সৈতে পেছাৰ কোনো বিৰোধ নাই৷ পেছা আৰু ব্যক্তিগত জীৱন সমান্তৰালভাৱে আগুৱাই নিব পৰাটো প্রকৃততে এটা শিল্প৷ চাকৰি কৰিও ঘৰুৱা কাম–কাজ চলাই যাব পাৰি আৰু সন্তানক সময় দিব পাৰি৷ ইয়াক লৈ মনত কোনো অপৰাধবোধ অথবা সংকোচ ৰখা উচিত নহয়৷ মাতৃৰ দায়িত্ব পালন কৰিও নিজৰ ৰুচি তথা সৌন্দর্যবোধ অক্ষুণ্ণ ৰাখিব পৰা যায়৷ শিশুসকলৰ খোৱা–বোৱা আৰু পৰিচর্যা কৰাৰ পিছতো দিনটোৰ সামান্য সময় নিজৰ বাবে ব্যয় কৰিব পৰাটোৱে এগৰাকী মাতৃৰ বাবে ডাঙৰ সাফল্য৷ শিশু সন্তান শুই যোৱাৰ পিছতো মাতৃসকলে গ্রন্থ অধ্যয়ন কৰিব পাৰে, চিনেমা চাব পাৰে আৰু বন্ধু–বান্ধৱৰ সৈতে বার্তালাপ কৰিব পাৰে৷ অৱশ্যে একেলগে এই সকলো দিশ সমানে চলাই যাবলৈ হ’লে সময় সম্পর্কে যথেষ্ট সচেতন হ’ব লাগিব৷ সময়ৰ সদ্ব্যৱহাৰ কৰিব নোৱাৰিলে তেওঁলোকে পদে পদে উজুটি খোৱাৰ সম্ভাৱনা থাকে৷ বহু সময়ত শিশু সন্তানে মাতৃৰ পিছ নেৰা হোৱাও দেখা যায়৷ তেনে সন্তানক অন্য কামত ব্যস্ত ৰখাৰ বাবে তেওঁলোকৰ হাতত ম’বাইল ফোন তুলি দিয়া হয়৷ এনে কার্যৰ বাবে মাতৃসকলে সমালোচনাৰ সন্মুখীন হ’লেও এয়া কোনো দোষণীয় কাম নহয়৷ অলপতে মনোবিজ্ঞানীসকলে প্রকাশ কৰা তথ্যত কোৱা হৈছে যে বর্তমানৰ ডিজিটেল যুগত সন্তানক ম’বাইল ফোনৰ পৰা দূৰত ৰখাৰ কোনো যুক্তি নাই৷ ইয়াক লৈ অপৰাধবোধত ভোগাৰো কাৰণ নাই৷ বৰং ফোনৰ ওপৰত নিয়ন্ত্রণ ৰাখি প্রযুক্তিৰ সৈতে সন্তানক পৰিচয় কৰাই দিয়াই উচিত৷ অৱশ্যে শিশুসকলক ম’বাইল ফোনতকৈ গ্রন্থৰ প্রতি আকর্ষণ বৃদ্ধি কৰাত মাতৃসকলে গুৰুত্ব দিয়া উচিত৷ স্মৃতিশক্তি বৃদ্ধিৰ বাবেও শিশুসকলৰ মাজত অধ্যয়নস্পৃহা গঢ়ি তুলিব লাগে৷ আজিকালি ল’ৰা–ছোৱালীৰ ওপৰত সৰুৰে পৰা পঢ়া–শুনাৰ অত্যধিক চাপ থাকে৷ ইয়াৰ উপৰি ব্যক্তিগত টিউচন, নাচ–গান, ছবিৰ স্কুল আদিতো তেওঁলোকে সময় দিবলগীয়া হয়৷ এনে অসংখ্য বোজাৰ বাবে অধিকাংশ শিশুৱে এতিয়া সাধুকথা অথবা অন্য গ্রন্থ অধ্যয়নৰ বাবে সময় নাপায়৷ অথচ মানসিক আৰু বৌদ্ধিক বিকাশৰ কাৰণে এয়া অতিশয় গুৰুত্বপূর্ণ৷ কেৱল জ্ঞানৰ ভঁৰাল বৃদ্ধি কৰিলেই নহয়, স্মৃতিশক্তি বৃদ্ধি কৰিবলৈও শিশুসকলৰ মাজত পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্রদান কৰিব লাগে৷ শিশুসকলক কিতাপৰ প্রতি আকর্ষিত কৰিবলৈ প্রথমে ছবি থকা কিতাপ কিনি দিব লাগে৷ ছবিবোৰৰ তলত লিখা থাকিলে শিশুসকলে সেইবোৰ পঢ়ে৷ তদুপৰি মুখেৰে সাধুকথা কোৱাতকৈ কিতাপৰ পৰা সাধু পঢ়ি শুনালে শিশুসকলৰ গ্রন্থৰ প্রতি আগ্রহ বৃদ্ধি পায়৷ কিছুমান সাধু আধা পঢ়ি থ’লে পিছৰখিনি জনাৰ বাবে তেওঁলোকে নিজেই পঢ়িব৷ কোনো অভ্যাস এদিনতে গঢ় লৈ নুঠে৷ ইয়াৰ বাবে নিয়মীয়াকৈ অভ্যাস কৰিবলগীয়া হয়৷ কিতাপ পঢ়াৰ ক্ষেত্রতো এই কথা সমানেই প্রযোজ্য৷