ঘোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত মাটিয়াৰ খণ্ড উন্নয়ন বিষয়া ছহৰ আলী
নিয়মীয়া বাৰ্তা, ১০ মে’ : নিৰ্বাচনৰ পিছতে পুনৰ সক্ৰিয় দুৰ্নীতি নিবাৰক শাখা৷ পাঁচ হাজাৰ টকা ঘোচ লৈ হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল মাটিয়াৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ছহৰ আলী শিকদাৰ৷ কালি মাটিয়া খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ত হঠাৎ উপস্থিত হয় দুৰ্নীতি নিবাৰক শাখাৰ এটা দল৷ এগৰাকী উপ আৰক্ষী অধিক্ষকৰ নেতৃত্বত চলিছিল এই অভিযান৷ জানিব পৰা মতে, বাকাইটাৰী গাওঁ পঞ্চায়তৰ প্ৰফুল্ল নাথ নামৰ এগৰাকী প্ৰাক্তন সদস্যৰ পৰা বিল মোকোলাই দিয়াৰ বাবদ ছহৰ আলী শিকদাৰে মুঠ ত্ৰিশ হাজাৰ টকাৰ উৎকোচ বিচাৰে৷ তাৰেই প্ৰথম কিস্তি হিচাবে আজি প্ৰফুল্ল নাথে পাঁচ হাজাৰ টকা আদায় দিয়ে৷ সেই পাঁচ হাজাৰ টকা লৈ জেপত ভৰাওঁতে দুৰ্নীতি নিবাৰক শাখাৰ দলটোয়ে হাতে-লোটে কৰায়ত্ব কৰে ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ণ বিষয়াগৰাকীক। প্ৰায় সাত ঘন্টা ধৰি চলা অভিযানৰ অন্তত বিষয়াগৰাকীক গুৱাহাটীলৈ লৈ যোৱা হয়৷ উল্লেখ্য যে প্ৰফুল্ল নাথে বিগত কিছু দিনৰ পৰাই দুৰ্নীতি নিবাৰক শাখাৰ লগত যোগাযোগত আছিল আৰু আজি অৱশেষত ঘোচখোৰ ছহৰ আলী শিকদাৰে বিচৰা উৎকোচ লওঁতে জালত পৰে বিষয়াগৰাকী৷ ইফালে অতি লক্ষণীয়ভাৱে সংবাদমাধ্যৰ পৰা আঁতৰি থাকে অভিযোগকাৰী প্ৰফুল্ল নাথ৷ তথ্য অনুসৰি ধৃত ছহৰ আলী শিকদাৰ অৱসৰৰ বাবে মাজত মাথোঁ প্ৰায় ষাঠি দিন অৰ্থাৎ দুই মাহহে আছিল ৷
প্ৰেৰক বেনজিন বড়ো