🔹 ৩৩গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক জনালে সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ১২ মে’ : কামৰূপ জিলাৰ বকো-ছয়গাওঁ বিধানসভা সমষ্টিৰ অন্তৰ্গত ছমৰীয়া সত্ৰত আজি ছমৰীয়া আঞ্চলিক উন্নয়ন সমিতিৰ সৌজন্যত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। ছমৰীয়া আঞ্চলিক উন্নয়ন সমিতিৰ সৌজন্যত ছমৰীয়া চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত বিশেষ সম্বৰ্ধনা অনুষ্ঠানটিত ছমৰীয়া হাইস্কুল কেন্দ্ৰৰ ৩৩গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠানত একোখন ফুলাম গামোচা আৰু একোখনকৈ মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। ছমৰীয়া আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি বনমালী দাসৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটিত অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ সচিব কে এম গোপাল চানা ৰাজকুমাৰ, ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অৱ কো-অপাৰেচন ছিনিয়ৰ ফেকাল্টী ড° প্ৰণৱ বৈশ্য, জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা নলিনী বৰা, জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত অভিযন্তা দীপিকা বিশ্বাসৰ লগতে বহুকেইগৰাকী শিক্ষক, বিশিষ্ট ব্যক্তিৰ লগতে কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক-অভিভাৱিকাসকল উপস্থিত থাকে। সম্বৰ্ধনা অনুষ্ঠানটিত ভাষণ প্ৰসংগত কে এম গোপাল চানা ৰাজকুমাৰ আৰু ড° প্ৰণৱ বৈশ্যই কয় য়ে আমি আমাৰ ভৱিষ্যৎ গঢ় দিবলৈ হ’লে আমি ভৱিষ্যতে কি কৰিব বিচাৰোঁ, সেইটো প্ৰথমে নিৰ্ধাৰণ কৰিব লাগিব আৰু সেই সপোন আগত ৰাখি জীৱনলৈ অহা সকলো জটিলতা পাৰ কৰি সফলতাৰ শিখৰত বগাব পাৰিব লাগিব। লগতে তেওঁলোক দুয়োগৰাকীয়ে কয় যে জীৱনত আগুৱাবলৈ হ’লে সৰু শিক্ষানুষ্ঠান ডাঙৰ শিক্ষানুষ্ঠান বুলি কোনো কথা নাই। শিক্ষা আহৰণ কৰাটোহে মূল কথা। এখন সৰু শিক্ষানুষ্ঠানৰ পৰাও এদিন উচ্চ সপোন পূৰণ কৰিব পাৰি আৰু ইয়াৰ বাবে লাগে কেৱল একাগ্ৰতা আৰু মনোযোগিতা। এই অনুষ্ঠানত উপস্থিত থকা নলিনী বৰা আৰু দীপিকা বিশ্বাসেও কৃতী ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত মনোগ্ৰাহী হৈ সকলোকে উচ্চ শিক্ষা ল’বৰ বাবে সাহস আৰু প্ৰেৰণা যোগায়। ইয়াৰ লগতে দীপিকা বিশ্বাসে আগৰ সময়তকৈ বৰ্তমান সময়ত উচ্চ শিক্ষা গ্ৰহণ কৰা বহু সহজলভ্য হৈ পৰিছে বুলিও ছাত্ৰ-ছাত্ৰীসকলক কয়।
প্ৰেৰক প্ৰীতম বায়ন