নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলকাতাত অসমীয়া মহিলা কল্যাণ সন্থাৰ ৰবীন্দ্ৰ-নজৰুল জয়ন্তী পালন

বিশেষ বাৰ্তা, ১২ মে’ : কলকাতা অসমীয়া মহিলা কল্যাণ সন্থাৰ উদ্যোগত ১১ মে’ত নৃত্য-গীত আৰু কবিতাৰ সমাহাৰেৰে বংগৰ গৌৰৱ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু বিদ্ৰোহী কবি কাজী নজৰুল ইছলামৰ ১২৫সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হয়। এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কবি কাজী নজৰুল ইছলামৰ নাতি কাজী অৰিন্দম আৰু তেওঁৰ পত্নী সুপৰ্ণা কাজীয়ে। অনুষ্ঠানৰ আৰম্ভণিতে দুয়োগৰাকী মহান কবিৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি কাজী অৰিন্দমে দুয়োগৰাকী সাহিত্যিকলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। তেওঁৰ বক্তব্যত বাংলা সাহিত্যত সমতা আৰু সংহতিৰে এখন সুন্দৰ সমাজ গঢ়াৰ লক্ষ্যৰে কবিতা ৰচনা কৰা কবি কাজী নজৰুলে সকলো ধৰ্মৰ ঊৰ্ধ্বত মানৱ ধৰ্মক স্থান দিছিল বুলি মন্তব্য কৰি দুয়োজনা কবিৰ মতাদৰ্শৰ ওপৰত আলোকপাত কৰে। সভাত নিমন্ত্ৰিত অতিথি ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ অতিথি নৃত্য শিক্ষক, প্ৰসিদ্ধ নৃত্যশিল্পী গুৰু তাপস দেবনাথে ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সকলো সৃষ্টিৰ ভিতৰত ৰবীন্দ্ৰ সংগীত সৰ্বশ্ৰেষ্ঠ বুলি মন্তব্য কৰে।

তেওঁৰ অনুষ্ঠান বন্দনা কুঞ্জ নৃত্য একাডেমীৰ ছাত্ৰীসকলে ৰবীন্দ্ৰ সংগীত আৰু নজৰুল সংগীতত নৃত্য প্ৰদৰ্শনেৰে সকলো ব্যক্তিকে সন্মোহিত কৰে। বিশিষ্ট কণ্ঠশিল্পী মিতালী শইকীয়াৰ কন্ঠত ৰবীন্দ্ৰ সংগীত, ৰঞ্জিতা মজুমদাৰৰ কবিতা আবৃত্তি আৰু অদিতি বেনাৰ্জীয়ে পৰিৱেশন কৰা নজৰুল গীত শুনি মুগ্ধ হৈ পৰে সমৱেত সকলো অসমীয়াৰ মন-প্ৰাণ। উপস্থিত সকলো অতিথি আৰু শিল্পীক অসমীয়াৰ স্বাভিমানৰ প্ৰতীকস্বৰূপ জাপি আৰু গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানটোৰ সভানেত্ৰী চিমু দত্তই এই “ৰবীন্দ্ৰ-নজৰুল জয়ন্তী” অসম-বংগ সমন্বয়ৰ সাধক হৈ ৰ’ব বুলি মন্তব্য কৰে। সভাত উপস্থিত থাকে অনুষ্ঠানৰ পৃষ্ঠপোষক ৰেখা চলিহা বাসু, সুমন্ত দত্ত আৰু বহুতো বৰেণ্য ব্যক্তি। সভাৰ শেষত পৰিৱেশন হোৱা ঠাকুৰ পৰিয়ালৰ জোঁৱাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ৰচিত “অসম সংগীত” শুনি মুগ্ধ হৈ পৰে কাজী অৰিন্দমসহিতে সকলো অতিথি শিল্পী। কলকাতা অসমীয়া মহিলা কল্যাণ সন্থাই আয়োজন কৰা এই সাংস্কৃতিক সন্ধিয়াৰ আঁত ধৰে সম্পাদিকা জুলফীয়া হক আৰু সহ: সম্পাদিকা মালবিকা বৰুৱাই ।

You might also like