নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বহীদ পিতৃৰ অনুপস্থিতিৰ অনুভৱ দূৰ কৰাৰ প্ৰয়াস চিআৰপিএফ জোৱানৰ

🔹 নগাঁৱৰ গান্ধীবড়ীৰ এখন বিয়াই দৃষ্টি কাঢ়িছে বহুতৰে 
🔹 বেণ্ডপাৰ্টীৰ তালে তালে কইনা ৰিম্পীৰ সৈতে নাচিলে শ্বহীদৰ সতীৰ্থই

বিশেষ বাৰ্তা, ১৩ মে’ : এখন ব্যতিক্ৰমী বিবাহ। যি বিবাহে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। স্বাভাৱিকভাৱেই কইনাৰ ঘৰত বৈছে চকুলো। কইনাৰ সমান্তৰালকৈ কইনাৰ মাতৃৰ চকুৰ পৰাও বৈছে চকুলো । সেই সময়তে শ্বহীদ নৰেশ্বৰ নাথৰ অভাৱ পূৰণৰ বাবে নগাঁৱৰ গান্ধীবড়ীৰ কইনাৰ ঘৰত উপস্থিত হ’ল CRPF জোৱান। ব্যতিক্ৰমী শব্দটো এইকাৰণেই ব্যৱহাৰ কৰা হৈছে- কাৰণ কইনাৰ পিতৃ প্ৰয়াত নৰেশ্বৰ নাথ আছিল‌ এগৰাকী সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান। যিজনে নিজৰ জীৱন দেশৰ নামত আজিৰ পৰা প্ৰায় ১০ বছৰ আগতে বলিদান দিছিল। সেই শ্বহীদ নৰেশ্বৰ নাথৰ জীয়ৰী ৰিম্পী দেৱীৰ কালি আছিল শুভ বিবাহ। নগাঁৱৰ গান্ধীবড়ীৰ পলাশগুৰিত ৰিম্পীৰ শুভ বিবাহৰ দিনটোতে উপস্থিত হ’ল সংৰক্ষিত আৰক্ষী বাহিনীৰ ভালেকেইজন জোৱান। লগতে আহিল কেইবাগৰাকী উচ্চপদস্থ বিষয়াও। কেৱল উপস্থিত থকাই নহয়, বেণ্ডপাৰ্টীৰ তালে তালে ৰিম্পীৰ সৈতে নচাৰ‌ লগতে ৰিম্পীক শুভেচ্ছাৰে উপচায়ো পেলালে জোৱানসকলে। বিবাহ অনুষ্ঠানত শ্বহীদ পিতৃৰ অনুপস্থিতি যাতে কইনাই অনুভৱ নকৰে, তাৰ সামান্য প্ৰয়াস চলায় চিআৰপিএফ জোৱানসকলে। বিবাহ অনুষ্ঠানত উপস্থিত জোৱান এগৰাকীয়ে সংবাদ মাধ্যমক জনায় যে আমি শ্বহীদ নৰেশ্বৰ নাথৰ প্ৰতি সন্মান জনোৱাৰ লগতে শ্বহীদগৰাকীৰ পত্নী তথা কন্যা আৰু পৰিয়ালৰ প্ৰতিও জনাইছোঁ সন্মান। আমাৰ জোৱানসকলৰ মৃত্যুৰ পাছতো যাতে তেওঁলোকৰ পৰিয়ালৰ হৈ কিবা এটা কৰিব পাৰোঁ, তাৰ বাবেই আজি এই অনুষ্ঠানত উপস্থিত হৈছোঁহি। আমাৰ শ্বহীদ জোৱানৰ পৰিয়ালে যাতে কেতিয়াও অকলশৰীয়া অনুভৱ নকৰে, তাৰেই যৎসামান্য প্ৰয়াস এয়া। চিআৰপিএফৰ দায়িত্ব এয়া। জোৱানসকলৰ উপস্থিতিয়ে সঁচাকৈয়ে এই বিয়াখনক ব্যতিক্ৰমী কৰি তোলে। লগতে সংৰক্ষিত আৰক্ষী বাহিনীয়ে সমাজলৈও এক বিশেষ বাৰ্তা প্ৰেৰণ কৰে।

প্ৰেৰক কনক হাজৰিকা

You might also like