নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সত্ৰাধিকাৰ কৃষ্ণ গোস্বামীক দিলীপ বৰা সোঁৱৰণী বিশেষ সম্বৰ্ধনা-২০২৪ প্ৰদান

নিয়মীয়া বাৰ্তা, ১৩ মে’ : নগাঁৱৰ পুৰণিগুদামৰ শ্ৰীশ্ৰী লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰীয়া সংস্কৃতিৰ সাধক কৃষ্ণ গোস্বামীক কালি নিশা প্ৰদান কৰা হয় শাস্ত্ৰজ্ঞ, ধৰ্মপ্ৰাণ ব্যক্তি, সমাজকৰ্মী প্ৰয়াত দিলীপ বৰা সোঁৱৰণী “বিশেষ সম্বৰ্দ্ধনা-২০২৪”। বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত জলাহগাঁৱৰ শাস্ত্ৰজ্ঞ ব‌্যক্তি দিলীপ বৰাই ২০২৩ বৰ্ষৰ ২৪ এপ্ৰিলত ইহসংসাৰ ত্যাগ কৰাত তেওঁৰ প্ৰথম বাৰ্ষিক মৃত্যু তিথিত দিলীপ বৰা সোঁৱৰণী ন্যাসে প্ৰয়াত সমাজকৰ্মী গৰাকীৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ বাবে প্ৰথমবাৰৰ বাবে সত্ৰাধিকাৰ কৃষ্ণ গোস্বামীক এই বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন কৰে। সত্ৰাধিকাৰগৰাকীক প্ৰয়াত দিলীপ বৰা সোঁৱৰণী ন্যাসে প্ৰদান কৰা এই বিশেষ সন্মান হিচাপে আছে তিনি বস্ত্ৰ দানৰ উপৰি ফুলাম গামোচা, চেলেং, স্মাৰক, সম্বৰ্দ্ধনা পত্ৰ আৰু এখন ভাগৱত পুথি প্ৰদান কৰা হয়। শাস্ত্ৰজ্ঞ ধৰ্মপ্ৰাণ আৰু সমাজকৰ্মী প্ৰয়াত দিলীপ বৰা সোঁৱৰণি ন্যাসৰ সভাপতি অৰুণ চন্দ্ৰ শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত হোৱা বিশেষ সম্বৰ্দ্ধনা সভা খনত বিশিষ্ট সমাজসেৱক তথা অসম গণ পৰিষদ দলৰ নগাঁও জিলাৰ সভাপতি মনিমাধৱ মহন্ত, বিশিষ্ট সাহিত্যিক ফণিন্দ্ৰ নাথ গায়ন, চামগুৰি মহাবিদ্যালয় অধ্যক্ষ ড° ইন্দ্ৰজিৎ বেজবৰুৱা, আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ এম্বেচেদৰ সংগঠনৰ সচিৱ প্ৰধান ড° হৰেশ্বৰ শ‌ইকীয়া, পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰালৰ সভাপতি পুলিন হাজৰিকা,জেষ্ঠ সাংবাদিক কনক হাজৰিকা আৰু সত্ৰাধিকাৰ কৃষ্ণ গোস্বামীৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষন প্ৰদান কৰে৷ বিশিষ্ট সাহিত্যিক ফণিন্দ্ৰ নাথ গায়নে ভাষন প্ৰসংগত কয় যে যি সময়ত নিজৰ পিতৃ মাতৃক একাংশ নিজৰ সন্তানে পোহপালন দিয়াৰ বিপৰীতে বিভিন্ন অত্যাচাৰ কৰি ৰাস্তা ঘাটত এৰিথৈ অহা বাতৰি পোৱা যায় সেই সময়ত সাংবাদিক নয়নমনি বৰাই পিতৃৰ স্মৃতি সজীৱ কৰিবলৈ চেষ্টা কৰা কাৰ্য সঁচাকৈ প্ৰশংসনীয় বুলি উল্লেখ কৰে ৷ শিক্ষক কুলপ্ৰদীপ দাসে আতঁ ধৰা সভাখনত সভাৰ আৰম্ভণিতে প্ৰয়াত দিলীপ বৰাৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন কৰে শাস্ত্ৰজ্ঞ ব্যক্তি ধীৰেন্দ্ৰনাথ শ‌ইকীয়াই। ইয়াৰ পাছতেই নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান নবৰূপ জাতীয় বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰী সকলে খোল বাদন প্ৰৰ্দশন কৰে। উক্ত অনুষ্ঠানত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ঠগিত মহন্ত,অসম সত্ৰ মহাসভাৰ নগাঁও জিলা সমিতিৰ উপ সভাপতি দিগন্ত প্ৰকাশ মহন্ত,পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ সভাপতি ৰবিন কলিতা,উপ সভাপতি দ্বিজেন্দ্ৰ মোহন শইকীয়া,কলং কলা কেন্দ্ৰৰ সম্পাদক চিত্তৰঞ্জন বৰা, বাপুজী ভৱন আৰু পুথিভঁৰালৰ সাধাৰণ সম্পাদক দ্বীপেন বৈৰাগী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা জ্যোতিৰ্ময় গোস্বামী আৰু জ্যোতিস্মান বৰা,কলিয়াবৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক অৰবিন্দ চৌধুৰী,জেষ্ঠ্য সাংবাদিক মুনিন্দ্ৰ শইকীয়া,প্ৰমোদ কুমাৰ শৰ্মা,বীৰেন বৰা,নীলৰঞ্জন শৰ্মা তপন কটকী ভাৰ্গৱ হাজৰিকা, যতীন শ‌ইকীয়া, ৰিতু নেওঁগ, অপূৰ্ব হাজৰিকা, সমাজকৰ্মী পুষ্প বৰুৱা, ৰাজেন বৰা, গুনাৰাম শ‌ইকীয়া, উপেন্দ্ৰনাথ শ‌ইকীয়া, ঘনশ্যাম শ‌ইকীয়া, সুনীল শ‌ইকীয়া, বিনোদ শ‌ইকীয়া, লক্ষেশ্বৰ শ‌ইকীয়া, শৰৎ চন্দ্ৰ শ‌ইকীয়া আৰু ধৰণী শ‌ইকীয়াকে ধৰি বহু কেইজন গন্যমান্য লোক উপস্থিত থাকে ৷ইয়াৰোপৰি প্ৰয়াত দিলীপ বৰাৰ সুযোগ্য সন্তান তথা সাংবাদিক নয়নমনি বৰাৰ তত্ত্বাৱধানত তেওঁৰ বাসভৱনত অনুষ্ঠিত হোৱা উক্ত সভাখনত স্থানীয় ৰাইজৰ লগতে অসমৰ কেইবাগৰাকীও বিশিষ্ট ব‌্যক্তিয়ে অংশগ্ৰহণ কৰে।

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা

You might also like