নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিবিএছইৰ দশম শ্ৰেণীৰ ফলাফলত বিশ্বনাথলৈ গৌৰৱ কঢ়িয়ালে এঞ্জেলিনা গগৈয়ে

বিশেষ বাৰ্তা, ১৩ মেঃ আজি ঘোষিত চিবিএছই দশম শ্ৰেণী চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজ্বলিল বিশ্বনাথৰ এঞ্জেলিনা গগৈ। মুঠ ৯৯% নম্বৰ লাভ কৰি কাৰ্যতঃ বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম  হৈছে এঞ্জেলিনা গগৈ। বিশ্বনাথৰ ইষ্ট ইণ্ডিয়ান স্কুলৰ ছাত্ৰী এঞ্জেলিনা গগৈয়ে ইংৰাজীত ৯৮, অসমীয়া আৰু গণিতত ১০০কৈ, বিজ্ঞানত ৯৪, সমাজ বিজ্ঞানত ৯৯, তথ্য প্ৰযুক্তিত ৯৮ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। বিশ্বনাথৰ ফলফলিৰ সঞ্জীৱ কুমাৰ গগৈ আৰু  জ্যোস্না গগৈৰ  কন্যা এঞ্জেলিনাৰ এই অভূতপূৰ্ব সাফল্যই অঞ্চলটোত আনন্দৰ বন্যা বোৱাবলৈ সক্ষম হৈছে। সম্প্ৰতি মেধাৱী ছাত্ৰী এঞ্জেলিনাই বিজ্ঞান শাখাত অধ্যয়ন কৰাৰ বাবে প্ৰস্তুতি চলাইছে। এঞ্জেলিনাৰ এই সফলতাৰ বাবে স্থানীয় দল-সংগঠন আৰু বিভিন্ন ব্যক্তিয়ে অভিনন্দন জ্ঞাপন কৰিছে। তদুপৰি আগন্তুক দিনত এঞ্জেলিনা সফলতাৰ এনে ধাৰাবাহিকতা ৰক্ষা কৰাৰো আশীৰ্বাদ কৰিছে। উল্লেখ্য যে,এঞ্জেলিনাই অধ্যয়ন কৰা ইষ্ট ইণ্ডিয়ান স্কুলৰ ছাত্ৰই পূৰ্বেও ৯৯ শতাংশৰ ঘৰত নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছিল। ইফালে একেখন বিদ্যালয়ৰে একাধিক শিক্ষাৰ্থীয়ে সুখ্যাতি অৰ্জন কৰিছে। জানিব পৰামতে ইষ্ট ইণ্ডিয়ান স্কুলৰ ৯৫ শতাংশৰ ওপৰত ৫গৰাকী, ৯০-৯৫ শতাংশৰ ভিতৰত ২১গৰাকী, ৮৫-৯০ শতাংশৰ ভিতৰত ৯গৰাকী, ৭৫-৮৫শতাংশৰ ভিতৰত ১৩গৰাকী, ৬০-৭৫ শতাংশৰ ভিতৰত ৫গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয়। ইফালে চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ঘোষিত ফলাফলত ইষ্ট ইণ্ডিয়ান স্কুলে আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।

প্ৰেৰক জয়ন্ত বৰা

You might also like