নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ মাইকযোগে সজাগতা অভিযান

নিয়মীয়া বাৰ্তা, ১৩ মে’ : পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ বকোৰ শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত আজি বিভিন্ন এলেকাত হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ মাইক যোগে সজাগতা অভিযান অনুষ্ঠিত হয়। শিংৰা বনাঞ্চলিক বিষয়া ভাৰ্গৱ হাজৰিকাই জনোৱা অনুসৰি হাতী-মানুহৰ সংঘাত দূৰ কৰি শান্তিপূৰ্ণভাৱে থকাৰ কাৰণে শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ তৰফৰ পৰা আজি হাহিম, মৌমান, জোঙাখুলি আদিকে ধৰি বিভিন্ন স্থানত লাউডস্পীকাৰ মাইক যোগে সজাগতা অভিযান চলোৱা হয়। উল্লেখ্য যে বিগত কিছুদিনত পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ বকোৰ শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ বিভিন্ন এলেকাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। ইয়াৰোপৰি যোৱা ৮ মে’ ৰ পৰা বকোৰ হাহিম, মৌমান, জোঙাখুলি আদি বহুকেইটা অঞ্চলত ৬০টাতকৈ অধিক বনৰীয়া হাতী প্ৰৱেশ কৰি ঘুৰি ফুৰিছে আৰু যাৰ ফলত শংকিত হৈ পৰিছে গাঁওবাসী। সেইবাবে বনাঞ্চলিক বিষয়া ভাৰ্গৱ হাজৰিকাই বনৰীয়া হাতীৰ বৃহৎ জাকটোৰ বিচৰণক লৈ গাঁওবোৰক সজাগ আৰু সাৱধান হোৱাৰ লগতে হাতী অহা যোৱা কৰা পথবোৰত কোনোয়ে তেওঁলোকক বাধা নকৰে তাৰ বাবেও আহ্বান জনায়।

প্ৰেৰক প্ৰীতম বায়ন

You might also like