নিয়মীয়া বাৰ্তা, ১৬ মে’ : পশ্চিম কামৰূপৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া শিৱাশিস চাণ্ডিল্যৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে বুধবাৰে নিশা এক অভিযান চলাই পলাহৰটাৰীত ইউচুফ আলী নামৰ কেঁকো সাপৰ ব্যৱসায়ী এজনক বিক্ৰীৰ বাবে মজুত ৰখা এডাল কেঁকোসহ আটক কৰিবলৈ সক্ষম হয় | ইউচুফ আলীৰ স’তে আন এজন লোক আছিল যদিও বন বিভাগৰ দলটিৰ উপস্থিতিৰ উমান পাই আন্ধাৰৰ ছেগ বুজি পলায়ন কৰে | কেঁকোডাল চমজি লোৱাৰ লগতে বন বিভাগৰ দলে ইউচুফ আলীক কাৰ্যালয়লৈ নিয়ে আৰু পাছত ন্যায়িক জিম্মাত দিয়ে | এই ব্যৱসায়ৰ স’তে অঞ্চলটোত আৰু বহু লোক জড়িত থকাৰ অনুমান কৰিছে বন বিভাগৰ লোকে। সুযোগ বুজি সকলোকে ধৰাৰ বাবে বদ্ধপৰিকৰ বুলিও উল্লেখ কৰে বন বিষয়া চাণ্ডিল্যই |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস