নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিত্রতা নকৰেঃ বিটিচিত অকলেই নির্বাচন খেলিব বিজেপিয়ে

শ’লঠেকত পৰিল মিত্রদল বিপিএফ–অগপ

নিয়মীয়া বাৰ্তা, ২ মার্চঃ অৱশেষত সকলো জল্পনা–কল্পনাৰ অৱসান ঘটাই বিজেপিয়ে অকলে আসন্ন বিটিচি নির্বাচনত অৱতীর্ণ হোৱাৰ সিদ্ধান্ত গ্রহণ কৰে ৷ দেওবাৰে সন্ধিয়া মুখ্যমন্ত্রীৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত দলৰ উচ্চস্তৰীয় বৈঠকে সেই সিদ্ধান্ত গ্রহণ কৰে ৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, মন্ত্রী ভবেশ কলিতা, দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, বি টি এ ডিৰ চাৰি জিলাৰ দলৰ সভাপতি, বিটিচি নির্বাচনৰ বাবে দলে নিয়োজিত কৰা ২৫ পর্যবেক্ষকৰ উপস্থিতিত হোৱা বৈঠকে সকলো দিশ পুংখানুপুংখভাৱে আলোচনা কৰি বিটিচি নির্বাচনত তেওঁলোক অকলেই অৱতীর্ণ হোৱাৰ সিদ্ধান্ত লয় ৷

ইয়াৰ লগে লগে মিত্রদল বি পি এফ, অগপ বিটিচি নির্বাচনত শ’লঠেকত পৰাটো একপ্রকাৰ অৱধাৰিত হৈ পৰিছে ৷ বৈঠকৰ অন্তত সাংবাদিকৰ আগত মন্ত্রী ভবেশ কলিতাই কয় যে বিটিচি নির্বাচনত বিজেপিয়ে অকলেই নির্বাচন খেলিব৷ মিত্রতা অবিহনেই ভাল ফলাফল প্রদর্শন কৰিব ৷ বিটিচি চৰকাৰ গঠনৰ বাবে মেজিক নাম্বাৰ ২১ বিজেপিয়ে লাভ কৰিব৷ আজিৰ সেই বৈঠকতে বিটিচি নির্বাচন সম্পর্কত মন্ত্রী ভবেশ কলিতা, সাংসদ দিলীপ কুমাৰ শইকীয়া আৰু অশ্বিনী ৰায় সৰকাৰক লৈ এখন কমিটী গঠন কৰা হয় ৷ আসন্ন নির্বাচনত দলীয় প্রার্থী বাছনিকে ধৰি সকলো দিশ এই সমিতিয়ে চোৱাচিতা কৰিব ৷

You might also like