নিয়মীয়া বাৰ্তা, ১৭ মে’ : ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৱে আজি জীৱন নাটৰ সামৰণি মাৰে। ৮৬ বছৰ বয়সত মৃত্যু আধুনিক আঞ্চলিকতাবাদৰ ধ্বজাবাহী তথা বৰেণ্য ৰাজনীতিবিদ থানেশ্বৰ বড়োৰ। গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মন্ত্ৰীগৰাকী। দীৰ্ঘদিনে হৃদৰোগত আক্ৰান্ত হৈ আছিল। থানেশ্বৰ বড়োৰ মৃত্যুত ৰঙিয়াৰ লগতে সমগ্ৰ অসমতে শোকৰ ছাঁ পৰে। একমাত্ৰ কন্যাক এৰি যায় মন্ত্ৰীগৰাকীয়ে। আজি গুৱাহাটীৰ পৰা ৰঙিয়ালৈ আনিব নশ্বৰ দেহ ৰঙিয়াত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাব বিভিন্ন দল- সংগঠনে। অগপৰ চৰকাৰৰ কাৰ্যকালত দুবাৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শিক্ষা আৰু ৰাজহ বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব পালন কৰিছিল। ১৯৮৫ৰ পৰা ২০০১ চনলৈ ৰঙিয়া সমষ্টিৰ তিনিবাৰৰ বাবে বিধায়ক হৈছিল। তেওঁৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বড়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, অগপৰ কেন্দ্ৰীয় সম্পাদক অৰ্ণৱ ভৰালীৰ লগতে বিভিন্ন দল- সংগঠনে শোক প্ৰকাশ কৰে।
প্ৰেৰক ফাৰুক হুছেইন