নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰৰ চৰাইপানী চাহ বাগিচাত ঈগলুসদৃশ গৃহত বাস কৰে শ্ৰমিক পৰিয়ালে

নিয়মীয়া বাৰ্তা, ১৭ মে’ : এটা ঈগলু সদৃশ গৃহ। তিতাবৰৰ চৰাইপানী চাহ বাগিচা লাইনত ঈগলু সদৃশ এনে গৃহত আজিও বাস কৰে একাংশ শ্ৰমিক পৰিয়ালে। ব্ৰিটিছৰ দিনতে নিৰ্মিত এই গৃহবোৰে বৰ্তমান বহু লোকক ওচৰৰ পৰা এবাৰ চাবলৈ আকৰ্ষিত কৰি আহিছে। উল্লেখ্য যে চৰাইপানী চাহ বাগিচাত এনেধৰণৰ কেইবা দশক পুৰণি বহুকেইটাও ঘৰ আছিল যদিও সময়ৰ সোঁতত ঘৰবোৰ ভাঙি নতুন ঘৰ নিৰ্মাণ কৰা হ’ল। কিন্তু ইয়াৰে একাংশ পৰিয়ালে বৰ্তমানেও ব্ৰিটিছৰ দিনতে নিৰ্মিত এনেধৰণৰ ঈগলু সদৃশ গৃহকেইটাকে চাফ-চিকুন কৰি বছৰ বছৰ ধৰি বসবাস কৰি আহিছে। পথটোৰে পাৰ হৈ যোৱা বহু লোকে আজিও ক্ষন্তেক ৰৈ গৃহ কেইটা ওচৰৰ পৰা এবাৰ চাই যোৱাৰ হেপাহ এৰিব নোৱাৰে। পৰিয়ালকেইটায়ো চাবলৈ অহা লোকসকলক সহযোগিতা আগবঢায়। শিক্ষক চি আৰ চি চি প্ৰাণজিত বৰকাকতী আৰু সাংবাদিক অজয় শইকীয়াই উক্ত স্থানত উপস্থিত হোৱাৰ সময়ত বৰ্তমান বসবাস কৰা পৰিয়ালকেইটাই জানিবলৈ দিয়ে যে সেই গৃহ কেইটাত পূৰ্বে তেওঁলোকৰ পিতৃ-মাতৃ, ককাক-আইতাসকলে বাস কৰিছিল। বৰ্তমান তেওঁলোকে বহু বছৰ ধৰি বসবাস কৰি আহিছে। উল্লেখ্য যে প্ৰায় শ বছৰ পুৰণি এই গৃহ কেইটাই বৰ্তমানেও এলেকাটোত ব্ৰিটিছৰ দিনৰ স্মৃতি কঢ়িয়াই কঢ়িয়াই লৈ ফুৰিছে যদিও বৰ্তমান গৃহকেইটা বিজ্ঞানসন্মতভাৱে বাসবাসৰ উপযোগী নহয় আৰু বাগিচা কৰ্তৃপক্ষই নতুন ঘৰ নিৰ্মাণ কৰি দিয়া প্ৰয়োজন বুলিও একাংশ সচেতন লোকে মত ব্যক্ত কৰিছে।

প্ৰেৰক অজয় শইকীয়া

You might also like