শিলচৰত হেৰ’ইন-গাঞ্জাসহ ৩ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ১৭ মে’ : শিলচৰ আৰক্ষীয়ে শিলচৰ ৰেলৱে ষ্টেচন আৰু ৰামনগৰ আই এছ বি টিৰ পৰা পৃথকে পৃথকে অভিযান চলাই ৩টা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত আৰ পি এফে ৰেল ষ্টেচনত হেৰ’ইনসহ ২টা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। তেওঁলোক হ’ল মহম্মদ আলী (৩২) আৰু ৰছিদুল ৰহমান (৩০)। দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি তালাচী চলোৱাৰ লগতে দহটা চাবোনৰ কেচত ১২৮ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰা হয়। তেওঁলোকৰ ঘৰ ধুবুৰীৰ ফকিৰগঞ্জৰ চিৰিয়াখোৱাত। ইফালে, শিলচৰৰ ৰামনগৰ আই এছ বি টি চৌহদত অসম আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত ৰংপুৰ কৰাতি গাঁৱৰ যুৱক চন্দন দাসৰ পৰা ৩ কেজি গাঞ্জা উদ্ধাৰ কৰে। শিলচৰ-গুৱাহাটী নৈশবাছত সৰবৰাহ কৰি থকা অৱস্থাত ধৰা পৰে সৰবৰাহকাৰীজন।
প্ৰেৰক গৌতম তালুকদাৰ