নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছটেকৰ উদ্যোগত দেৰগাঁৱৰ তিনি শিক্ষাৰ্থী ইছৰোলৈ ৰাওনা

নিয়মীয়া বাৰ্তা, ১৭ মে’ : মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৯৮গৰাকী নিৰ্বাচিত শিক্ষাৰ্থীক কৰ্ণাটকৰ বেংগালুৰৰ অতি উচ্চস্তৰীয় বৈজ্ঞানিক প্ৰতিষ্ঠান তথা গৱেষণাগাৰ দৰ্শনৰ সুবিধা আগবঢ়াইছে ৰাজ্য চৰকাৰে। অসমৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক বৈজ্ঞানিক চিন্তা ধাৰাৰ প্ৰতি আগ্ৰহী কৰাৰ লগতে নৱপ্ৰজন্মৰ মাজত বিজ্ঞানমনস্কৰ বাতাবৰণক উদগনি যোগোৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগে ৰূপায়ন কৰা এই বিজ্ঞান উদ্গনিমূলক আচনি খনৰ প্ৰথমটো বৰ্ষত নিৰ্বাচিত শিক্ষাৰ্থীৰ এই বৃহৎ দলটোক অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদ (এছটেক)ৰ উদ্যোগত বেংগালুৰলৈ নিয়া হয়। অসম চৰকাৰৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ অংশস্বৰূপে অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিবেশ বিভাগে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছ’ৰত পাচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এক শৈক্ষিক অনুষ্ঠানত যোগ দিয়াৰ উদ্দেশ্যে ৰাওনা হোৱা নিৰ্বাচিত শিক্ষাৰ্থীৰ বৃহৎ দলটোত দেৰগাঁৱৰ ৰেডিয়েন্ট জুনিয়ৰ কলেজৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ তিনিগৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰাত শিক্ষানুষ্ঠানখনৰ শিক্ষক কৰ্মচাৰীসকলৰ লগতে উৎফুল্লিত হৈ পৰিছে শিক্ষাৰ্থীসকলৰ পৰিয়ালবৰ্গ। সমান্তৰালভাৱে দেৰগাঁৱৰ বিভিন্ন দল সংগঠনে দলটোত স্থান লাভ কৰা কৃতী শিক্ষাৰ্থী ক্ৰমে শুভাংশুৰ ঠাকুৰ, সৌৰভ সাহা আৰু নিকিতা নেওগক অভিনন্দন জনাইছে। ইতিমধ্যে এছটেকৰ উদ্যোগত যোৱা ১২ মে’ত শিক্ষাৰ্থীৰ দলটো বাংগালুৰুলৈ ৰাওনা হৈছে।
প্ৰেৰক প্ৰণৱ চক্ৰৱৰ্তী
You might also like