নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিভাৱকে ক্ষোভৰ পৰিৱৰ্তে মৰম-দয়াৰে সন্তানক শিক্ষা দিয়ক : ফাগুনী বেহনজী

🔴শুৱালকুছি কে আৰ কে হাইস্কুলত অভিভাৱক সভা-শিক্ষাৰ্থীক সম্বৰ্ধনা

বিশেষ বাৰ্তা, ১৭ মে’ : যুগৰ পৰিবৰ্তন হল ৷ চেকেনিৰ আগত বিদ্যা নাইকিয়া হল ৷ নিজৰ লৰা ছোৱালীক ক্ষোভৰ পৰিৱৰ্তে দয়া আৰু মৰমৰে শৈক্ষিক শিক্ষা দিলেহে প্ৰকৃত ফল পোৱাৰ সম্ভাৱনা থাকে৷ পিতৃ-মাতৃ হ’ল সকলো ছাত্ৰ ছাত্ৰীৰে আদিগুৰু৷ জন্মৰ দিনটোৰ পৰা পিতৃ মাতৃৰ অশেষ যত্নত লৰা-ছোৱালী দাঙৰ দীঘল হয়৷ গতিকে পিতৃ মাতৃয়ে লৰা ছোৱালীৰ যি কোনো অভিযোগত খং ৰাগ নকৰি মৰমৰে সেনেকুৱা কাম আগত দিনত নকৰাৰ বাবে বুজাব লাগিব৷ এই মন্তব্য প্ৰজাপতি ব্ৰহ্মাকুমাৰী শ্ৰীশ্ৰীঈশ্বৰীয় বিশ্ববিদ্যালয় শুৱালকুছি শাখাৰ তত্বাৱধায়িকা ফাগুনী বেহনজীৰ৷ আজি শুৱালকুছিৰ চৰকাৰী মাধ্যমৰ আগশাৰীৰ শিক্ষানুস্হান শুৱালকুছি কালিৰাম কাৰিকৰ ছোৱালী হাইস্কুলৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক সভাৰ লগতে কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা অনুষ্ঠানত উপস্থিত থাকি তেওঁ পুনৰ কয় যে ছাত্ৰ ছাত্ৰীসকলক কিছু আধ্যাত্মিক শিক্ষাৰো প্ৰয়োজন আছে৷ যিটো শিক্ষা প্ৰজাপ্ৰতি ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত প্ৰদান কৰা হয় ৷ দয়া, মৰম ,সততা, বিনয়ি আদি সকলো দিশতে অভিভাৱক সকলে লৰা ছোৱালীক জ্ঞান দিব লাগে ৷ লৰা ছোৱালীৰ ওপৰত খং কৰি দাবী ধমকি দিলে তাৰ ফলাফল নেগেটিভ হয়৷ সেয়েহে সকলো দিশ চালি জাৰি চাই লৰা ছোৱালীক শৈক্ষিক দিশত অভিভাৱৰ সকলে সঠিক ভাৱে আগবঢ়াই নিব লাগিব ৷ তেওঁ নিজৰ লৰা ছোৱালীক কাৰো লগতে তুলনা নকৰাৰ বাবেও উল্লেখ কৰে ৷ তেনে কৰিলে একাংশ লৰা ছোৱালী হতাশাত ভোগে বুলি তেওঁ দোহাৰে৷ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি অনিল চন্দ্ৰ বৈশ্যই সভাপতিত্ব কৰা সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষক দিবাকৰ কলিতাই আদৰণি ভাষণত বিদ্যালয়খনৰ সকলো দিশৰ ওপৰত খৰচি মাৰি এক গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে ৷ ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা ১০০ শতাংশ ছাত্ৰ ছাত্ৰী উৰ্ত্তীৰ্ণ হোৱা বিষয়টো উল্লেখ কৰি বৰ্তমান বিদ্যালয়খনত শৈক্ষিক দিশ যথেস্ট উন্নত মানদণ্ডৰ হোৱা বুলি দোহাৰে৷ এইবাৰ নতুন নামভৰ্ত্তিত বহুতসংখ্যক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্ত্তি কৰি অসমীয়া বিদ্যালয়লৈ এক শুভ বাৰ্তা কঢ়িয়াই আনিছে বুলিও উল্লেখ কৰে৷ অভিভাৱক সভাত কেবাগৰাকী অভিভাৱক অভিভাবিকাই তেওঁলোকৰ লৰা ছোৱালীৰ পঢ়াশুনাত পোৱা সুবিধা অসুবিধাসমুহৰ কথা উল্লেখ কৰি শিক্ষক শিক্ষয়িত্ৰী সকলে এই দিশত অধিক গুৰুত্ব দিবলৈ অনুৰোধ জনায়৷ সভাত জ্যেষ্ঠ শিক্ষক বাবুল কলিতা, শিক্ষয়িত্ৰী নিৰ্মালী গোস্বামী আৰু সোনমাই ৰাভাই ছাত্ৰ ছাত্ৰী সকলৰ ক্ষেত্ৰত অভিভাৱক সকলে লব লগা যত্নৰ কথা উল্লেখ কৰি বিদ্যালয়লৈ নিয়মীয়াভাৱে লৰা ছোৱালী পঠিয়াবলৈ কয়৷ উক্ত অভিভাৱক সভাতেই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ আলোক পাটোৱাৰী আৰু জুমন ৰাজবংশীক মানপত্ৰ, গামোচা আৰু এখন কিতাপৰে সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ লগতে দুয়োগৰাকী ছাত্ৰক বিদ্যালয়খনৰ অৱসৰী শিক্ষক হৰেন্দ্ৰ নাথ কলিতাই নগদ এহেজাৰ টকা আৰু একোটিক কলম প্ৰদান কৰে৷ সভাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে গীত, নৃত্য পৰিৱেশন কৰি পৰিৱেশটো জীপাল কৰি তোলে৷ সভাৰ শেষত অসম সংগীত পৰিৱেশন কৰা হয় ৷

প্ৰেৰক দিলীপ মেধি

You might also like