নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰৰ এৰালিলগাত কৃতী শিক্ষাৰ্থীক অভিনন্দন

নিয়মীয়া বাৰ্তা, ১৯ মে’ : শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ অন্যতম আদৰ্শ গাঁও এৰালিলগাত আজি ইৰাদগাঁও যুৱক সংঘৰ উদ্যোগত কৃতী শিক্ষাৰ্থীক অভিনন্দন বিষয়ক এক অনুষ্ঠান অনুষ্ঠিত হয় । অঞ্চলটোৰ সমাজকৰ্মী, গামানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰদীপ বসুমতাৰীৰ সভাপতিত্বত এৰালিলগা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে সমন্বয় সাহিত্য গোষ্ঠী অসমৰ মুখ্য সম্পাদক, যুৱ নিৱন্ধকাৰ প্ৰাঞ্জল প্ৰতিম বৰাই । ভাষণ প্ৰসংগত বৰাই কয় যে জ্ঞানেই হৈছে মূল চালিকা শক্তি। জ্ঞান অৰ্জনৰ যোগেদি মানৱে মহানতা লাভ কৰিবলৈ সক্ষম হয়। জ্ঞানীজনে সকলোতে শ্ৰদ্ধা লাভ কৰে। সাম্প্ৰতিক সময়ৰ প্ৰতিযোগিতামূলক পৰিৱেশৰ সৈতে শিক্ষাৰ্থীসকলে নিজকে খাপ খুৱাই চলিবলৈ হ’লে পাঠ্যপুথি অধ্যয়ন, আনুষংগিক পুথি অধ্যয়ন, ভাষাৰ প্ৰতি দখল, জাতীয় সংস্কৃতিৰ জ্ঞান আৰু দায়ৱদ্ধতা, অধ্যৱসায়, পৰিশ্ৰমৰ খুবেই জৰুৰী। শিক্ষাৰ্থীসকলে নিজকে অধ্যয়নপুষ্টি কৰি সমাজৰ হকে ধনাত্মক দিশত কাম কৰি যাওক। নিজৰ মাজত লুকাই থকা সুপ্ত প্ৰতিভাসমূহক সময়োপযোগী বিকাশ কৰি কৌশলৰ আহৰণ কৰক। নিজক কৌশলী তুলি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক।” অনুষ্ঠানটোত উপস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ এৰালিলগাৰ পৱন দৈমাৰী, যুৱ সমাজসেৱক তথা ইৰাদগাও যুৱক সংঘৰ সভাপতি সঞ্জিৎ বসুমতাৰী, তুলিকা মুছাহাৰীয়ে নিজ নিজ ভাষণ প্ৰসংগত শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত ছাত্ৰৰ কৰণীয়, অভিভাৱকৰ দায়িত্ব, সমাজৰ কৰণীয় ইত্যাদি বিষয়ত সুন্দৰকৈ অৱলোকন কৰে। অনুষ্ঠানটোত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মুঠ ২১গৰাকীকৈ কৃতি ছাত্ৰ-ছাত্ৰীক বড়ো জনগোষ্ঠীয় আৰনাই, প্ৰমাণ পত্ৰ আৰু একোটাকৈ কলমেৰে অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানত সক্ৰিয় যুৱক অনুপ বসুমতাৰীৰ লগতে যুৱ সংঘটোৰ সমূহ বিষয়ববীয়া, অভিভাৱক, ৰাইজ, কৃতী শিক্ষাৰ্থী উপস্থিত থাকে ।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like