বিশেষ বাৰ্তা, ১৯ মে’ : চৰাইদেউ জিলাৰ কাকতীবাৰী থানাৰ অন্তৰ্গত মাহমৰাৰ জেলুকনি গাঁৱত স্কুটীৰ পৰা পৰি এগৰাকী বৃদ্ধাৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, গাঁওখনৰ জয়মতী বাণিক দাস (৬০) নামৰ মহিলাগৰাকীয়ে কালি বিয়লি স্থানীয় শেলাইগুৰি গাঁৱৰ পৰা হাজিৰা কাম কৰি নাতিনীয়েকৰ সৈতে ঘৰলৈ আহি থাকোঁতে নিৰু চাংমাই নামৰ এগৰাকী মহিলাই বাটত লগ পাই স্কুটীত দুয়োকে উঠাই আনে। কিন্তু কিছুদূৰ অহাৰ পাছতে জয়মতী বাণিক দাস নামৰ মহিলাগৰাকী স্কুটীৰ পৰা বাগৰি পৰি গুৰুতৰভাৱে আহত হয়। মূৰত আঘাতপ্রাপ্ত বৃদ্ধাগৰাকীক লগে লগে মৰাণ মেডিকেল চেণ্টাৰত ভৰ্তি কৰোৱা হয় যদিও কিছু সময়ৰ পাছতে চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।
প্ৰেৰক দীপাংকৰ পাল