শিক্ষাবিদ তুলসী মহন্তক দিহিংপৰীয়া সাধনা বঁটা-২০২৪ প্ৰদান
বিশেষ বার্তা, ২১ মে’ : বিশিষ্ট শিক্ষাবিদ, নাহৰকটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বৰ্তমানৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তুলসী মহন্তক প্ৰদান কৰা হল নাহৰকটীয়া অঞ্চলৰ আটাইতকৈ সন্মানীয় উপাধি দিহিংপৰীয়া সাধনা বঁটা। নাহৰকটীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আৰু নাহৰকটীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপক কোষৰ সহযোগত মহাবিদ্যালয় খনৰ আলোচনা কক্ষত অনুষ্ঠিত কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি অঞ্চলটোৰ সমাজশিল্পী ৰূপে পৰিচিত, নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ লগত জড়িত তুলসী মহন্তক এই বৰ্ষৰ “দিহিংপৰীয়া সাধনা বঁটা ২৪” প্ৰদান কৰা হয়। উল্লেখযোগ্য নাহৰকটীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনখনে বিগত বছৰসমূহৰ দৰে এই বছৰো ঘোষণা কৰা “দিহিংপৰীয়া সাধনা বঁটাটো” বঁটাপ্ৰাপকগৰাকীয়ে স্বাস্থ্যজনিত কাৰণত নিৰ্ধাৰিত দিনটোত উপস্থিত থাকিব নোৱাৰাত আজি নাহৰকটীয়া মহাবিদ্যালয়ৰ আলোচনা কক্ষত নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জ্যোতিপ্ৰসাদ কোঁৱৰে আঁত ধৰা এই বঁটা প্ৰদান অনুষ্ঠানত নাহৰকটীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনখনিয়ে বিশিষ্ট শিক্ষাবিদ গৰাকীক এখন ফুলাম গামোচা, চেলেং চাদৰ, শৰাই আৰু এখনি সম্বৰ্ধনা পত্ৰ সহ নগদ পাঁচ হাজাৰ টকা প্ৰদান কৰে। এই অনুষ্ঠানটোতে নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলৰ তৰফৰ পৰাও বিশিষ্ট শিক্ষাবিদগৰাকীক একোখনকৈ ফুলাম গামোচাৰে উষ্ম আদৰণি জনোৱা লগতে কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰি তেখেতৰ কৰ্মজীৱনৰ ওপৰত এক চমু আলোকপাত কৰে।এই বঁটা প্ৰদান অনুষ্ঠানটোত নাহৰকটীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সভাপতি ৰাতুল বৰঠাকুৰ, কায্যৰ্কৰী সভাপতি পংকজ সোণোৱাল, সম্পাদক অভিজিৎ চাৰিঙীয়াকে প্ৰমুখ্য কৰি সন্মিলনখনৰ বিষয়ববীয়াসকল আৰু মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ডঃ অনন্ত কুমাৰ বৰুৱাকে আদি কৰি শিক্ষক কৰ্মচাৰীসকল উপস্থিত থাকে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা