নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুমুহাত মৃত্যুমুখত পৰা লাৱণ্য কুমাৰীৰ পৰিয়াললৈ চাৰি লাখ টকাৰ আৰ্থিক সাহায্য

নিয়মীয়া বাৰ্তা,  ২৯ মে’ : সাগৰীয় ঘূৰ্ণি “ৰেমাল”ৰ কবলত চেগুন গছ উভালি পৰি কালি দুৰ্ভাগ্যজনকভাৱে মৃত্যুমুখত পৰা ৰাজাপুখুৰী সত্ৰৰ বৰুৱাপাৰা চুবুৰিৰ লাৱণ্য কুমাৰীৰ পৰিয়ালবৰ্গলৈ কামৰূপ জিলা প্ৰশাসনে চাৰি লাখ টকাৰ এককালীন আৰ্থিক সাহায্য আগবঢ়াইছে। জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জৰিয়তে কামৰূপ জিলাৰ আয়ুক্ত কীৰ্তি জল্লীয়ে দুৰ্ভগীয়া পৰিয়ালটোলৈ এই সাহায্য প্ৰদানৰ ব্যৱস্থা কৰে। পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিমাদ্ৰী বৰাৰ পৰিস্থিতিগত তৎপৰতাত দুৰ্ভগীয়া লাৱণ্য কুমাৰীৰ পৰিয়ালে এই সাহায্য ততাতৈয়াকৈ লাভ কৰিবলৈ সমৰ্থ হৈছে। আজি  চক্ৰ বিষয়া হিমাদ্ৰী বৰাই লাৱণ্য কুমাৰীৰ ৰাজাপুখুৰীৰ বৰুৱাপাৰাস্থিত বাসগৃহত উপস্থিত হৈ তেওঁৰ পুত্ৰদ্বয় জগত কুমাৰ আৰু ৰজত কুমাৰৰ লগতে দুই বিবাহিত জীয়াৰীৰ উপস্থিতিত চৰকাৰৰ আৰ্থিক সাহায্যৰ অনুমোদিত পত্ৰ প্ৰদান কৰে। কুমাৰ-শিল্পৰ লগত জড়িত পৰিয়ালটোৰ বাবে যুদ্ধকালীন তৎপৰতাৰে জিলা তথা স্থানীয় প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপক পৰিয়ালবৰ্গৰ লগতে অঞ্চলবাসী ৰাইজে আন্তৰিকতাৰে শলাগিছে।
প্ৰেৰক বিমল শৰ্মা
You might also like