নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকগঞ্জত সন্দেহজনক বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰিসহ আটক পাঁচজন

নিয়মীয়া বাৰ্তা, ৩০ মে’ : ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীয়ে সন্দেহজনক বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ কৰে । চুপাৰিখিনি কঢ়িওৱা ট্ৰাকখন জব্দ কৰাৰ লগতে ৫গৰাকী ব্যক্তিক আটক কৰে গোলকগঞ্জ আৰক্ষীয়ে। এক গোপন সূত্ৰৰ পম খেদি গোলকগঞ্জ থানাৰ আৰক্ষীৰ দলে গোলকগঞ্জৰ উত্তৰ ৰায়পুৰৰ ৰে’লগেটৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত AS-26 C-9237 নম্বৰৰ এখন ট্ৰাকত তালাচী চলায়। তালাচীত গাড়ীখনৰ পৰা ১৬০ বস্তা সন্দেহজনক বাৰ্মিজ চুপাৰি উদ্ধাৰ কৰে। উক্ত বাৰ্মিজ চুপাৰিৰ লগতে ৫গৰাকী সৰবৰাহকাৰীক আটক কৰে। আটকাধীন সৰবৰাহকাৰীকেইজন ৰসিদুল হক, ইয়াৰোপৰি আলী, হবিবৰ ৰহমান, ৰাজিবুল হক আৰু কাসিমুদ্দিন আলী। ধৃত লোককেইজনক ধুবুৰী আদালতৰ জৰিয়তে জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে।

প্ৰেৰক শ্যামল চন্দ্ৰ ৰয়

You might also like