নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত ৰাইফল-সক্ৰিয় গুলীসহ গ্ৰেপ্তাৰ চোৰাং চিকাৰী

নিয়মীয়া বাৰ্তা, ৩০ মে’ : মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীৰ অভিযানত ৰাইফল আৰু সক্ৰিয় গুলীসহ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। যোৱানিশা গোপন সূত্ৰৰ পম খেদি লাহৰীঘাট আৰক্ষী আৰু বন বিভাগৰ যুটীয়া অভিযানত এটা  গঁড় চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । লাহৰীঘাটৰ দাতিয়ালবড়ী গাঁৱৰ পৰা চামচুল হক নামৰ চোৰাং গঁড় চিকাৰীটোক গ্ৰেপ্তাৰ কৰে। ধৃত গঁড় চিকাৰীটোৰ ঘৰৰ পৰা এটা ৩০৩ ৰাইফল, এটা ৩০৩ মেগাজিন আৰু ১৬টা ৭.৬২ এম এমৰ সক্ৰিয় গুলী জব্দ কৰে। সম্প্ৰতি ধৃত চোৰাং চিকাৰীটোক লাহৰীঘাট আৰক্ষী থানাত সোধা-পোছা অব্যাহত ৰাখিছে।

প্ৰেৰক আবুল কালাম

You might also like