নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰু বন্ধা খুঁটিৰে হানি-খুঁচি হত্যা কৰা হত্যাকাৰীক নগাঁৱৰ জুৰীয়াৰ পৰা গ্ৰেপ্তাৰ

🔹 হত্যাকাণ্ড সংঘটিত কৰিও কোনো অনুশোচনা নাই চয়দুৰ আলীৰ

বিশেষ বাৰ্তা, ৩০ মে’ : বৰছলা সমষ্টিৰ ঠেলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উদয়ক বসুমতাৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে অভিযান চলাই নগাঁৱৰ পৰা চয়দুৰ আলী ওৰফে চয়েদ (৫৭) নামৰ এটা হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা ঘটনাত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত মুছলিম চাপৰিৰ ডোব্ৰামাৰী চৰৰ চয়দুৰ আলী ওৰফে চয়েদ নামৰ হত্যাকাৰীটোৱে ২৬ এপ্ৰিলৰ সন্ধিয়া ৬ বজাত পাৰিবাৰিক সংঘাতৰ বাবে একেখন গাঁৱৰে আফচৰ আলী নামৰ লোকজনক গৰু বন্ধা খুঁটিৰে হানি-খুঁচি হত্যা কৰি পলায়ন কৰি আছিল। হত্যাকাৰী চয়দুৰ আলীক ঠেলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উদয়ক বসুমতাৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে কালি অভিযান চলাই নগাঁও জিলাৰ জুৰীয়াৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গ্ৰেপ্তাৰাধীন হত্যাকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে case no ২২/২৪ U/S ৩০২/৩৪ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । মন কৰিবলগীয়া যে হত্যাকাৰী  চয়দুৰ আলী ওৰফে চয়েদে কেমেৰাৰ সন্মুখত অকপটে হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰে । হত্যাকাণ্ড সংঘটিত কৰি কোনো অনুশোচনাও নাই বুলি সংবাদ মাধ্যমত জনালে হত্যাকাৰী চয়দুৰ আলীয়ে।

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like