সোণতলী আৰক্ষী চকীত ইউটিউবাৰৰ বিৰুদ্ধে এজাহাৰ
নিয়মীয়া বাৰ্তা, ৩০ মে’ : কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলী আৰক্ষী চকীত কালি অসমৰ ৯গৰাকী ইউটিউবাৰৰ বিৰুদ্ধে সোণতলীৰ যুৱক এজনে এজাহাৰ দাখিল কৰিছে৷ অভিযোগ অনুসৰি শেহতীয়াকৈ অসমৰ বিভিন্ন প্ৰান্তৰ সমাজবিৰোধী একাংশ ইউটিউবাৰে ভিডিঅ’ বনাই সামাজিক মাধ্যমযোগে সাধাৰণ ৰাইজক বিপথে পৰিচালিত কৰি আহিছে৷ বিগত কিছুদিন ধৰি সামাজিক মাধ্যমত অনলাইন গেম আগবঢ়াই (Promote) নৱপ্ৰজন্মক জুৱাখেলৰ প্ৰতি আকৃষ্ট কৰি লাখ লাখ টকা লুটি আহিছে৷ দুষ্টচক্ৰটোৱে অনলাইন গেমৰ জৰিয়তে ঘৰত বহি লাখ লাখ টকা উপাৰ্জনৰ প্ৰচাৰত আকৰ্ষিত হৈ বহু যুৱক-যুৱতী অনলাইন জুৱাবিধ খেলি সৰ্বস্বান্ত হৈছে৷ বিগত কিছুদিন ধৰি ইণ্ডিলাক (INDILUCK) নামৰ এটা অনলাইন গেম ‘এপ’ সামাজিক মাধ্যমত আগবঢ়াই (Promoted) বহুসংখ্যক যুৱক-যুৱতীৰ লগতে অসমৰ সকলো স্তৰৰ লোকক গেম খেলিবলৈ বিভিন্ন ধৰণৰ প্ৰলোভন দি ধাৰাবাহিকভাৱে প্ৰচাৰ চলাই আহিছে৷ জানিব পৰামতে অনলাইন গেমৰ প্ৰচাৰ কৰি জুৱাৰ প্ৰতি আকৃষ্ট কৰি নৱপ্ৰজন্মক ধ্বংসৰ পিনে ঠেলি দিয়া ইউটিউৱাৰ যথাক্ৰমে ইনজামামুল হক, পাশান আলী, ৰহিবুল, আৰিফুজ জামান, ইলিমা বেগম, টুটু খান, ছানিদুল ইছলাম, নাজিমুল হক, হাছানুল হকৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা সোণতলীৰ পুৰাণগাঁৱৰ উদীয়মান যুৱক নূৰ আলম খানে আজি সোণতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে৷
প্ৰেৰক নয়ান আলী