বাণিজ্য মেলাৰ পৰিৱৰ্তে থাকিব বিজ্ঞান মেলা, কৃষি মেলা, বজালী হাট
নিয়মীয়া বাৰ্তা, ৩০ মে’ : পাঠশালাত অনুষ্ঠিত হবলগীয়া অসম সাহিত্য সভাৰ ৭৭সংখ্যক পাঠশালা অধিবেশনৰ বাবে গঠন কৰা সমিতিৰ উপ-সভাপতিসকলক লৈ আজি এখন সভা অনুষ্ঠিত হৈ যায়৷ পাঠশালা নাট্য মন্দিৰত অনুষ্ঠিত আৰু পাঠশালা অধিবেশনৰ আদৰণী সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰণজিৎ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ আদৰণী সমিতিৰ সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰীয়ে আঁত ধৰা সভাত আদৰণী সমিতিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ভাষণ প্ৰসংগত আগন্তুক পাঠশালা অধিবেশনখন ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সমীপৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনখনত বাণিজ্য মেলাৰ পৰিবৰ্তে বিজ্ঞান মেলা, কৃষি মেলা আৰু বজালী হাটৰ উপৰি কলা সংস্কৃতিৰ প্ৰদৰ্শনী মেলা, ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট প্ৰদৰ্শনকে আদি কৰি বজালীৰ নিভাজ পৰিবেশ দাঙি ধৰি একক, অনন্য আৰু জাকতজিলিকা কৰি তোলাৰ বাবে সকলোৰে পৰা সহায় সহযোগিতা কামনা কৰে৷ সভাপতি দাসে পাঠশালা অধিবেশনখনক সকলোৱে নিজৰ সাহিত্য সভা বুলি বিবেচনা কৰি কাম কৰি যাব বুলি আহ্বান জনায়৷ আনহাতে অধিবেশনত এহেজাৰ গ্রন্থ প্রকাশ কৰাৰ কথা ব্যক্ত কৰি বৃহত্তৰ বজালী অঞ্চলৰ লেখক আৰু সাহিত্যিকসকলক গ্রন্থ প্ৰস্তুতৰ বাবেও সভাত আহ্বান জনায়। ভৱানীপুৰ সমষ্টিৰ বিধায়ক তথা পৃষ্ঠপোষক ফণীধৰ তালুকদাৰ, আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি প্রফুল্ল গোস্বামী, যুটীয়া সম্পাদক অতুল কলিতা, দিলীপ কুমাৰ ৰয় আৰু অতুল কলিতা, বাক্সা জিলা সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক নয়নমণি চৌধুৰী আদি উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ সভাখনত ড০ হোমেশ্বৰ কলিতা, মৰুন্দ শৰ্মা, মকুন্দ কুমাৰ পাঠক, ডাঃ হিতেশ তালুকদাৰ, ডাঃ পুলিন শৰ্মা, পুলু কুমাৰ শৰ্মা, বিনীতা বৰা দেৱচৌধুৰী, গিৰিধৰ বৰ্মন, কুলদ্বীপ পাটগিৰী, নিতুল কুমাৰ মেধি,চিত্ৰাৰাণী ডেকা, দীনেশ দাস, বাবুল ডেকা, নৱ দাস, বাণী ভূঞা, জলী চৌধুৰী, মুকুল দত্ত আদিকে কৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বিভিন্ন পৰামৰ্শ প্ৰদান কৰে৷ সভাত কাৰ্যকৰী সভাপতি প্ৰফুল্ল গোস্বামীয়ে উপস্থিত বিশিষ্টসকলে প্ৰদান কৰা পৰামৰ্শসমূহৰ প্ৰতিটোৰে উত্তৰ প্ৰদান কৰি এইসমূহ পাঠশালা অধিবেশনত প্ৰতিফলিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি অবগত কৰে৷
প্ৰেৰক কল্যাণ কলিতা