নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াৰ যুৱ ব্যৱসায়ী দীপাংকৰ বৰুৱাৰ আকস্মিক বিয়োগ

নিয়মীয়া বাৰ্তা, ৩১ মে’ : নাহৰকটীয়া আমোলাপত্তি নিবাসী যুৱ ব্যৱসায়ী দীপাংকৰ বৰুৱা (বুমনি)ৰ কালি সন্ধিয়া আকস্মিক মৃত্যু ঘটাৰ খবৰে সমগ্র অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। উল্লেখযোগ্য যে এগৰাকী কম্পিউটাৰ বিশেষজ্ঞ ৰূপে অঞ্চলটোত পৰিচিত দীপাংকৰ বৰুৱাই বুধবাৰৰ বিয়লি হঠাতে বুকুৰ বিষ অনুভৱ কৰাত কালি পুৱা তেওঁক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত পৰিয়ালৰ লোকে ভৰ্তি কৰোৱাত চিকিৎসকে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰি হৃদযন্ত্ৰৰ ধমনী বন্ধ হোৱাৰ তথ্য লাভ কৰি তাৎক্ষণিক ভাৱে অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰে। কিন্তু চিকিৎসকে অৱগত কৰা অনুসৰি এই অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছতেই তেওঁৰ পুনৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰাত বিয়লি ৪.৪৫ বজাত তেওঁ দুৰ্ভাগ্যজনক ভাৱে মৃত্যুক সাৱটি লয়। উল্লেখযোগ্য যে এগৰাকী সমাজ সচেতক ব্যক্তি ৰূপেও পৰিচিত বৰুৱাই অসমৰ টাই মূলীয় জনগোষ্ঠীৰ অন্যতম শাখা টাইফাকে জনগোষ্ঠীৰ ভাষাৰ যি লিপি, সেই লিপি উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ভাষাটোৰ কম্পিউটাৰত অক্ষৰ বিন্যাসৰ ক্ষেত্ৰত যথেষ্ট পাৰদৰ্শিতা কৰি এই ভাষাত ৰচিত বিভিন্ন গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা আগবঢ়াই আহিছিল। উল্লেখযোগ্য যে নাহৰকটীয়াৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদদাতা সকলৰ উমৈহতীয়া প্ৰতিষ্ঠান নাহৰকটীয়া প্ৰেছ গীল্ডৰ কাৰ্য্যালয়ৰ বাবে চহৰৰ মাজমজিয়াত থকা এটা গৃহ ১৫ বছৰৰো অধিক কাল বিনামূলীয়াকৈ ব্যৱহাৰ কৰিবলৈ দিয়াৰ লগতে নাহৰকটীয়া মহাবিদ্যালয়ৰ ল’গ’ টোয়ো computerized কৰি উলিয়াইছিল। উল্লেখযোগ্য যে পত্নী, আঢ়ৈ বছৰীয়া কন্যা সন্তান, বিবাহিত ভগ্নী আদিকে ধৰি বহুসংখ্যক আত্মীয় স্বজন আৰু গুণমুগ্ধক এৰি প্ৰায় ৫৩ বছৰ বয়সত মৃত্যুক সাৱটি লোৱা দীপাংকৰ বৰুৱা (বুমনি)ৰ অকাল বিয়োগে সমগ্র অঞ্চলটোৰ বাবেই এক অপুৰণীয় ক্ষতি কৰিলে বুলি অভিহিত কৰি নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, নাহৰকটীয়া প্ৰেছ গীল্ড পৰিয়াল, নাহৰকটীয়া মহাবিদ্যালয় পৰিয়াল, নামফাকে বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ ভদন্ত জ্ঞানপাল মহাথেৰ, বিশিষ্ট লেখক সাহিত্যিক পেইম থি গোঁহাই আদিকে ধৰি বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like