নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খনামুখত নকল সোণৰ নাওসহ চাৰিজনক আটক

নিয়মীয়া বাৰ্তা, ৩১ মে’ : শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত খনামুখত জব্দ কৰা হৈছে সোণৰ নাওসহ নকল সোণ । লগতে আটক কৰা হৈছে চাৰিজন বহিঃৰাজ্যৰ লোকক । জানিব পৰা মতে, জামুগুৰি আৰক্ষীয়ে আজি এক গোপন খবৰৰ ভিত্তিত চাৰিদুৱাৰ আৰক্ষীৰ সহযোগত এক অভিযান  চলাই পশ্চিমবংগৰ পৰা ইটাখোলালৈ নকল সোণ বিক্ৰী কৰিবলৈ অহা চাৰিজনকৈ লোকক খনামুখত আটক কৰে । লোককেইজনৰ পৰা আৰক্ষীয়ে দুই কেজি ওজনৰ এখন নকল সোণৰ নাও, নকল সোণ জব্দ কৰে । আটকাধীন লোককেইজন পশ্চিমবংগৰ জিনাৰুল শ্বেখ, আশ্ৰাফুল শ্বেখ, শ্বেৰফুল শ্বেখ আৰু বাহাৰ আলী শ্বেখ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বহিঃৰাজ্যৰ একাংশ লোকে শোণিতপুৰৰ একাংশ অঞ্চলত আহি নকল সোণৰ বেহা কৰি থকাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে । নকল সোণক আচল সোণ বুলি নগদ ধনৰ বিনিময়ত বিক্ৰী কৰি একাংশই সহজে ধন সংগ্ৰহ কৰি অহা পৰিলক্ষিত হৈছে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like