‘অদৃশ্য হাত’ : অর্থনীতি সাপেক্ষে কিছু প্রাসংগিক চিন্তা
🔹 ড০ জয়ন্ত বিশ্ব শর্মা
ক্রমবর্ধমান অসমতা বজাৰ অর্থনীতিৰ অকাম্য পৰিণতি হিচাপে পৰিলক্ষিত হৈছে৷ এই সম্পর্কে জনা–বুজাসকল উদ্বিগ্ণ হৈছে, কাৰণ বিচাৰিছে৷ স্কটিছ দার্শনিক আৰু অর্থনীতিবিদ এডাম স্মিথ (১৭২৩–১৭৯০)ৰ বজাৰ অর্থনীতি সম্পর্কীয় মূল তত্ত্ব ‘An Inquiry into the Nature and Causes of the Wealth of Nations’ (১৭৭৬), য’ত তেওঁ মানুহ বা বেপাৰীৰ স্বার্থপৰতা সত্ত্বেও বজাৰ অর্থনীতিয়ে কেনেকৈ সামূহিক কল্যাণ সাধন কৰে ব্যাখ্যা কৰিছিল৷ সেই ব্যাখ্যা আজি অসাৰ পৰিগণিত হৈছে৷ আনহাতে, কোনো এক বিকল্প আদর্শ অথবা ব্যৱস্থাৰ আমি সন্ধান পাইছোঁ অথবা কৰিছোঁ এনে নহয়৷ আমি ২০১৬ চনত অসম স্বাস্থ্যসেৱা সমবায় গঠন কৰিছিলোঁ৷ ৰাইজৰ সামূহিক উদ্যোগ, সমবায়, ব্যক্তিগত উদ্যোগৰ বিকল্প হ’ব পাৰে এনে এক ধাৰণা আমি কৰিছিলোঁ৷ ৰাইজৰ উদ্যোগত স্বাস্থ্যসেৱা–চিকিৎসা, ফার্মাচী, এম্বুলেঞ্চ, ৰোগ নির্ণয় কেন্দ্র আদি গঢ়ি উঠিব পাৰে নেকি? ব্যক্তিগত মালিকাধীন লাভ অর্জনৰ তাগিদাৰে পৰিচালিত সেৱাসমূহৰ এক কৰুণাময়ী বিকল্প হ’ব পাৰে নেকি? যোৱা বছৰকেহটাত মোৰ এক বাস্তৱ অনুভূতি হৈছে৷ কোনো এক তাত্ত্বিক দর্শন দাঙি ধৰিবলৈ মই পণ্ডিত নহওঁ৷ কিন্তু মানুহৰ চৰিত্র স্বার্থপৰতা সত্ত্বেও কেনেকৈ স্বাভাৱিকতে গঢ়ি উঠা অর্থনৈতিক–ব্যৱসায়িক কার্যকলাপে সমাজৰ সামূহিক কল্যাণ কৰিব পাৰে আৰু এনে হ’বলৈ কি চর্ত পূৰণ হ’ব লাগিব অথবা পৰিৱেশ লাগিব সেই সম্পর্কে এডাম স্মিথৰ পর্যবেক্ষণ আলোচনা কৰিব বিচাৰিছোঁ৷
এডাম স্মিথ ‘ৱেলথ অৱ নেচনছ’ এই চমু নামেৰেহে অধিক পৰিচিত৷ ওপৰত উল্লিখিত বিখ্যাত গ্রন্থখন আধুনিক অর্থনীতিবিদ্যাৰ তাত্ত্বিক পূর্বসূৰী ৰূপে পৰিগণিত৷ মানুহৰ স্বার্থপৰতাই জনকল্যাণ কৰিব পাৰে, ই এটা অতি আচহুৱা ধাৰণা৷ কিন্তু স্মিথৰ প্রথম গ্রন্থ The Theory of Moral Sentiments (১৭৫৯)ত তেওঁ স্বার্থপৰতা সত্ত্বেও মানুহৰ চৰিত্রৰ এটা নৈতিক মাত্রা আছে বুলিও পর্যবেক্ষণ কৰিছিল৷ স্মিথৰ মতে বজাৰ মুক্ত বজাৰ অর্থনীতিত স্বার্থপৰতাই জনকল্যাণৰ বাবে যথেষ্ট যদিহে এক ‘অদৃশ্য হাত’ৰ পৰশ থাকে৷ এই ‘অদৃশ্য হাত’ এক বিবাদিত ৰূপক৷ স্মিথে ইয়াৰ জৰিয়তে প্রতিজন ব্যৱসায়ী বা উদ্যোগীৰ বাবে সমান সুযোগ থকা নিভাজ প্রতিযোগিতাৰ পৰিৱেশ সূচিত কৰিছিল৷ এই বিষয়ে অধিক আলোচনা তলত কৰা হৈছে৷ কিন্তু তেওঁ কোৱা মানুহৰ চৰিত্রৰ নৈতিক মাত্রাক আবেদন জনাব পৰাকৈ এক অনুকূল পৰিৱেশ গঢ়ি আমি সমবায়ৰ দৰে এটা বিকল্প গঢ়ি তুলিব পাৰোঁ নেকি? সমবায়ৰ বাবে ‘অদৃশ্য হাত’ৰ বৈশিষ্ট্য কি হ’ব? বজাৰ অর্থনীতি সাপেক্ষে ‘অদৃশ্য হাত’খন কলুষিত হৈছে৷ নিভাজ প্রতিযোগিতাৰ ঠাইত একচেটিয়া ব্যৱসায় (Monopoly), কার্টে (Cartel) আৰু ‘ক্রনী কেপিটেলিজিম’ (Crony capitalism)ৰ উত্থান হৈছে৷ এয়া বজাৰ অর্থনীতিৰ পৰিপন্থী৷ এনে পৰিৱেশত স্মিথৰ মানুহৰ স্বার্থপৰতা সত্ত্বেও জনকল্যাণ ধাৰণাটো সেয়ে অসাৰ হৈছে৷ কিন্তু এডাম স্মিথে মানুহৰ চৰিত্রৰ অন্তর্দৃষ্টিসম্পন্ন বর্ণনা কৰিছিল সেই চৰিত্র একেই আছে৷ একচেটিয়া ব্যৱসায় (Monopoly), কার্টেল (Cartel) আৰু ‘ক্রনী কেপিটেলিজিম’ (crony capitalism)ৰ কাৰকসমূহো মানুহৰ স্বাভাৱিক, অমান্য কৰিব নোৱাৰাকৈ সার্বজনীন৷ যদি মানুহৰ স্বার্থপৰতা সত্ত্বেও জনকল্যাণ হ’ব পাৰে, কেৱল এখন উপযুক্ত ‘অদৃশ্য হাত’ৰ পৰশ লাগে, তেনেহ’লে আজিৰ এই পৰিস্থিতি সাপেক্ষে জনকল্যাণ হ’ব পাৰে, কেৱল এখন ‘উপযুক্ত হাত’ৰ সন্ধান লাগে৷ হয়তো স্মিথৰ আনটো পর্যবেক্ষণ, মানুহৰ চৰিত্রৰ নৈতিক মাত্রা, ইয়াক কার্যকৰী আৰু সামূহিক ৰূপত কার্যক্ষম কৰি তুলিব পৰা এখন ‘অদৃশ্য হাত’ লাগে৷ সমবায় আন্দোলনৰ পৰিৱেশ আৰু অপঘটক লাগে৷ মুঠতে ঘোৰ বাস্তৱ অমান্য কৰি নহয়, বাস্তৱ মানি লৈ উপায়ৰ সন্ধান লাগে৷
এইখিনি উপস্থাপন৷ কিছু পৰিষ্কাৰ ৰূপত বুজিবলৈ আৰু চিন্তাৰ অৱকাশ ওলাবলৈ মই স্মিথৰ মূল পর্যবেক্ষণ আৰু ধাৰণা তলত কিছু আলোচনা কৰিছোঁ৷
স্মিথৰ মতে বেপাৰীৰ উপকাৰী মনোভাবৰ পৰা নহয় বৰং তেওঁলোকৰ ব্যক্তিগত স্বার্থসিদ্ধিৰ তাগিদাৰ পৰাহে আমাৰ দৈনন্দিন জীৱন চলে৷ আমি তেওঁলোকৰ মানৱীয়তাক আহ্বান জনাই নহয়, তেওঁলোকৰ আত্মপ্রেমৰ তাগিদাক সাৰ–পানী দিহে তেওঁলোকৰ পৰা সেৱা আদায় কৰোঁ৷ আমি তেওঁলোকক আমাৰ নিজৰ প্রয়োজনীয়তাৰ কথা নকওঁ, তেওঁলোকৰ কিমান লাভ হ’ব তাকেহে সোঁৱৰাই দিওঁ৷ কিন্তু ‘দ্য থিয়ৰী অৱ ম’ৰেল চেণ্টিমেণ্টছ’ত মানুহৰ আচৰণৰ প্রধান চালিকা শক্তি হৈছে ব্যক্তিগত স্বার্থ স্মিথ নিশ্চিত নাছিল৷ তেওঁ কৈছিল যে মানুহক স্বার্থপৰ বুলি ভাবিলেও মানুহৰ স্বভাৱত কিছু নীতিনিষ্ঠতা স্পষ্টভাৱে আছে, যিয়ে মানুহক আনৰ কল্যাণৰ প্রতি আগ্রহী কৰি তোলে, আনৰ সুখকো নিজৰ বাবে প্রয়োজনীয় কৰি তোলে, যদিও আনৰ সুখ দেখাৰ আনন্দৰ বাহিৰে ইয়াৰ পৰা তেওঁৰ ব্যক্তিগত লাভ নহয়৷ গ্রন্থখনত স্মিথে তেওঁৰ সময়ৰ নৈতিক চিন্তাধাৰাক সমালোচনাত্মকভাৱে পৰীক্ষা কৰিছে, মত প্রকাশ কৰিছে যে বিবেক গতিশীল পাৰস্পৰিক সামাজিক সম্পর্কৰ পৰা উদ্ভৱ হয়, যাৰ জৰিয়তে মানুহে ‘আৱেগৰ পাৰস্পৰিক সহানুভূতি’ বিচাৰে৷ ভাৰতীয় বিচাৰধাৰাতো আনন্দ জীৱনৰ উদ্দেশ্য৷ নক’লেও হ’ব আনন্দ ইন্দ্রিয় সুখানুভূতি নহয়৷ ই এক চেতনা৷
বজাৰ অর্থনীতি তত্ত্বৰ জনক ৰূপে পৰিগণিত স্মিথৰ ব্যৱসায়ীৰ চৰিত্র সম্বন্ধে অন্তর্দৃষ্টি অসাধাৰণ আছিল–
প্রতিজন ব্যক্তিয়ে এনে এক ঘৰুৱা উদ্যোগত নিজৰ মূলধন বিনিয়োগ কৰি সুপৰিচালনা কৰিবলৈ যথাসাধ্য চেষ্টা কৰে যাতে ইয়াৰ পৰা উৎপাদিত সামগ্রীৰ মূল্য সর্বাধিক হয়, অথচ সেই প্রক্রিয়াত তেওঁ অজানিতে দৰাচলতে সমাজৰ বার্ষিক ৰাজহ যথাসাধ্য বৃদ্ধি কৰিবলৈহে কষ্ট কৰে৷ দৰাচলতে জনস্বার্থৰ হৈ কাম কৰাৰ তেওঁৰ সামান্য উদ্দেশ্য নাই, কিন্তু নাজানে যে তেওঁ আচলতে জনস্বার্থৰ হকেহে কাম কৰিছে৷ ঘৰুৱা উদ্যোগক অগ্রাধিকাৰ তেওঁ কেৱল নিজৰ নিৰাপত্তাৰ খাটিৰতহে দিছে, তেওঁ কেৱল নিজৰ লাভৰ উদ্দেশ্যেৰেহে উদ্যোগটোক সুপৰিচালনা কৰিছে যাতে ইয়াৰ উৎপাদিত সামগ্রীৰ মূল্য সর্বাধিক হয়৷ এইক্ষেত্রত আন বহু ক্ষেত্রৰ দৰে তেওঁ যেন এখন ‘অদৃশ্য হাত’ৰ দ্বাৰাহে পৰিচালিত হৈ এনে কৰিছে যি তেওঁৰ অভিপ্রায় নহয়, অন্যতম উদ্দেশ্য নহয়৷ সমাজ কল্যাণ যে তেওঁৰ অভিপ্রায় নহয়, ই সমাজৰ বাবে বেয়া নহয়৷ সমাজসেৱা বুলি কৰাতকৈ নিজৰ স্বার্থসিদ্ধিৰ কাৰণে কৰিলেহে তেওঁ সমাজৰ স্বার্থক অধিক ফলপ্রসূভাৱে সম্প্রসাৰণ কৰে৷ আনহাতে, ৰাজহুৱা মংগলৰ বাবে ব্যৱসায় কৰিবলৈ প্রভাৱিত হোৱাসকল বিশেষ সফল হোৱা বুলি কেতিয়াও শুনা নাযায়৷ সমাজসেৱা এনেও ব্যৱসায়ীসকলৰ মাজত জনপ্রিয় নহয়, ইয়াৰ পৰা তেওঁলোকক বিৰত ৰাখিবলৈ সামান্য আহ্বানেই যথেষ্ট৷
স্মিথৰ বিশ্বাস যে যেতিয়া কোনো ব্যক্তিয়ে উপযুক্ত এটা ন্যায় ব্যৱস্থাৰ অধীনত নিজৰ স্বার্থৰ সন্ধান কৰে তেতিয়া তেওঁ অজানিতে সামাজিক কল্যাণৰ প্রসাৰ ঘটায়৷ কিন্তু ‘অদৃশ্য হাত’ এই ৰূপকটো অতি তাৎপর্যপূর্ণ৷ তেওঁ যুক্তি দিছিল যে মুক্ত বজাৰত স্বার্থপৰ প্রতিযোগিতাই পণ্যৰ দাম কম কৰি সামগ্রিকভাৱে সমাজখনক উপকৃত কৰে, একে সময়তে বিভিন্ন সামগ্রী আৰু সেৱাৰ বাবে পৰিৱেশ ৰচনা কৰে৷ তথাপি তেওঁ কিন্তু ব্যৱসায়ীসকলৰ প্রতি সতর্ক আছিল৷ তেওঁলোকৰ ‘জনসাধাৰণৰ বিৰুদ্ধে ষড়যন্ত্র বা আন কোনো কৌশলেৰে মূল্য বৃদ্ধিৰ’ প্রৱণতাৰ বিষয়ে সকীয়াই দিছিল৷ বাৰে বাৰে স্মিথে গোপন ব্যৱসায়িক বুজাবুজিৰে স্বার্থসিদ্ধিৰ প্রকৃতিৰ বিষয়ে সকীয়াই দিছিল যে একচেটিয়া অধিকাৰ (Monopoly) সাব্যস্ত কৰি গোট গঠন (Cartel) কৰি বর্ধিত মূল্য নির্ধাৰণ কৰিব পাৰে৷ স্মিথে এইটোও সতর্ক কৰি দিছিল যে ব্যৱসায় প্রভাৱিত ৰাজনৈতিক ব্যৱস্থাই গ্রাহকৰ বিৰুদ্ধে ব্যৱসায় আৰু উদ্যোগক ষড়যন্ত্রৰ অনুমতি দিব, ব্যৱসায়ীয়ে ৰাজনীতি আৰু আইন প্রণয়নক প্রভাৱিত কৰাৰ পৰিকল্পনা কৰিব (Crony capitalism)৷ স্মিথে কয় যে উৎপাদক আৰু ব্যৱসায়ীসকলৰ স্বার্থ বাণিজ্য বা উৎপাদনৰ ক্ষেত্রত কিছু দিশত সদায় জনসাধাৰণৰ স্বার্থতকৈ পৃথক৷ এনে এক ব্যৱস্থাত বাণিজ্যৰ ক্ষেত্রত চৰকাৰৰ যিকোনো নতুন আইন বা নিয়ন্ত্রণৰ প্রস্তাৱ সদায় অতি সাৱধানতাৰে লোৱা উচিত, সময় লৈ কেৱল অতি সতর্কতাৰেই নহয় বৰং আটাইতকৈ সন্দেহজনক মনোযোগেৰে সযতনে পৰীক্ষা নকৰাকৈ কেতিয়াও গ্রহণ কৰা উচিত নহয়৷ এইদৰে স্মিথৰ মূল চিন্তা আছিল ব্যৱসায়ক চৰকাৰৰ পৰা বিশেষ সুৰক্ষা বা বিশেষাধিকাৰ দিয়াক লৈ৷ ইয়াৰ বিপৰীতে এনে বিশেষ ৰাজনৈতিক অনুগ্রহ ৰহিত এক ব্যৱস্থাত তেওঁ বিশ্বাস কৰিছিল যে ব্যৱসায়িক কার্যকলাপ সাধাৰণতে সমগ্র সমাজৰ বাবে উপকাৰী হয়৷
শ্রম বিভাজনৰ ফলস্বৰূপে বিভিন্ন কলাৰ উদ্ভৱ হয় যি সুশাসিত সমাজত এনে এক সার্বজনীন সমৃদ্ধিৰ সৃষ্টি কৰে, যি জনসাধাৰণৰ নিম্নতম স্তৰলৈকে প্রসাৰিত হয়৷ প্রতিজন শ্রমিকৰ নিজৰ প্রয়োজনতকৈ বহু পৰিমাণে কাম কৰাৰ সামর্থ্য থাকে৷ তেওঁ বহু পৰিমাণৰ নিজৰ শিল্পজাত উৎপাদন সামগ্রী বিনিময় কৰিবলৈ সক্ষম হয়৷ প্রতিজন শ্রমিকৰ ক্ষেত্রতেই হুবহু ই প্রযোজ্য৷ তেওঁ আনক যিখিনিৰ প্রয়োজন আছে সেইখিনি প্রচুৰ পৰিমাণে যোগান ধৰে, তেওঁক যিখিনিৰ প্রয়োজন আছে সেইখিনি যথেষ্ট পৰিমাণে গ্রহণ কৰে৷ এইদৰে প্রাচুর্য সমাজৰ সকলো স্তৰতে প্রচুৰ পৰিমাণে বিয়পি পৰে৷ (‘ৱেলথ অৱ নেচনছ’)
স্মিথে ব্যাখ্যা কৰিছিল যে ‘যুক্তিবাদী’ স্বার্থ আৰু প্রতিযোগিতাই কেনেকৈ অর্থনৈতিক সমৃদ্ধিৰ সূচনা কৰিব পাৰে৷ অষ্টাদশ শতিকাতেই এডাম স্মিথৰ চিন্তাত বীজ থকা যুক্তিবাদী পছন্দ তত্ত্ব (Rational Choice Theory) মানুহৰ অর্থনৈতিক আৰু সামাজিক আচৰণ বুজাত সহায়ক৷ এজন ব্যক্তিয়ে কোনোটো বিকল্প (Choice) নিজৰ বাবে উপযুক্ত সেইটো ব্যক্তিগত লাভালাভ বিচাৰ কৰি নির্ণয় কৰে৷ এইধৰণৰ ব্যক্তিৰ স্বচালিত যুক্তিবাদী কার্য সামগ্রিক অর্থনৈতিক উন্নতিত সহায়ক৷ এই তত্ত্বত তিনিটা চর্ত বা ধাৰণা জড়িত হৈ আছে– যুক্তিবাদী ব্যক্তি, আত্মস্বার্থ আৰু ‘অদৃশ্য হাত’৷ অদৃশ্য হাত হৈছে এক উপমা, ই ব্যক্তিৰ সঞ্চিত স্বার্থপৰ কার্যৰ পৰা তেওঁৰ অজানিতেই উপকাৰী সামাজিক আৰু অর্থনৈতিক ফলাফলৰ সৃষ্টি হ’ব পৰা ব্যৱস্থাৰ বৈশিষ্ট্যসমূহক সূচিত কৰে৷ স্মিথৰ চিন্তাত ‘অদৃশ্য হাত’ৰ বৈশিষ্ট্য হৈছে চৰকাৰী পৃষ্ঠপোষকতা আৰু হস্তক্ষেপ বর্জিত এক মুক্ত ব্যৱস্থা, য’ত বেপাৰীৰ মাজত সুস্থ বা স্বাভাৱিক প্রতিযোগিতা বিৰাজমান৷ অর্থনীতিৰ বাহিৰেও ৰাজনীতি বিজ্ঞান, সমাজবিজ্ঞান আৰু দর্শনৰ আন বহু প্রসংগতো যুক্তিবাদক ব্যক্তিৰ আচৰণৰ কাৰণ হিচাপে ব্যৱহাৰ কৰিব পৰা যায়৷
স্মিথৰ মতে কোনো দেৱানী ব্যৱস্থা নাথাকিলেও মানুহ হয়তো সমাজত কিছু সহযোগিতা আৰু নিৰাপত্তাৰ সৈতে একেলগে বাস কৰিব পাৰে৷ কিন্তু ধনীৰ লোভ আৰু উচ্চাকাংক্ষা আৰু দুখীয়াৰ শ্রমৰ প্রতি অনীহা আৰু সহজলভ্য জীৱন ধাৰণৰ সাধন আৰু উপভোগৰ প্রতি দুর্বলতা, এইবোৰেই হৈছে আৱেগ যি আনৰ সম্পত্তি আক্রমণ কৰিবলৈ প্রৰোচিত কৰে৷ এই আৱেগবোৰ বহু বেছি স্থায়ী আৰু স্থিৰ আৰু প্রভাৱত বহু বেছি সার্বজনীন৷ য’ত বৃহৎ সম্পত্তি আছে তাতেই বৃহৎ বৈষম্য আছে৷ এজন অতি ধনী মানুহৰ বিপৰীতে কমেও পাঁচশ দৰিদ্র থাকিব৷ কেইজনমানৰ ধন–সম্পত্তি বহুতৰে ৰোষৰ কাৰণ হ’ব পাৰে৷ ধনীৰ ধন–সম্পত্তিয়ে দুখীয়াৰ ক্ষোভ উত্তেজিত কৰে, অভাৱৰ দ্বাৰা পৰিচালিত আৰু ঈর্ষাৰে প্রৰোচিত, তেওঁলোকক ধন–সম্পত্তি আক্রমণ কৰিবলৈ প্রেৰণা দিয়ে৷ সেয়ে দেৱানী ব্যৱস্থাৰ আশ্রয়তহে বহু বছৰৰ, হয়তো বহু প্রজন্মৰ, শ্রমৰ দ্বাৰা আর্জিত মূল্যৱান সম্পত্তিৰ মালিকে এৰাতি নিৰাপদে শুব পাৰে৷ সম্পত্তিৰ মালিকীস্বত্ব আৰু সুৰক্ষাৰ বাবেহে অসামৰিক চৰকাৰ স্থাপন কৰাটো অৱশ্যেই প্রয়োজনীয়৷ য’ত কোনো সম্পত্তি নাই, বা অন্ততঃ দুদিন বা তিনি দিনৰ শ্রমৰ মূল্যতকৈ অধিক সম্পত্তি নাই, তাত অসামৰিক চৰকাৰৰ ইমান প্রয়োজন নাই৷
অসামৰিক চৰকাৰৰ সৈতে এটা নির্দিষ্ট অনুশাসন জড়িত৷ ব্যক্তিগত মূল্যৱান সম্পত্তি আহৰণৰ লগে লগে অসামৰিক চৰকাৰৰ প্রয়োজনীয়তা ক্রমান্বয়ে বৃদ্ধি পায়৷ স্বাভাৱিকতে এটা অনুশাসন প্রৱর্তন কৰা আৱশ্যকীয় হৈ পৰে৷ অনুশাসন প্রৱর্তন কৰা মূল কাৰণসমূহো ব্যক্তিগত সম্পত্তিৰ প্রসাৰৰ লগে লগে ক্রমান্বয়ে বৃদ্ধি পায়৷ সকলো কম সম্পদশালী নিজৰ নিৰাপত্তাৰ কাৰণেই অধিক ধনৱানসকলৰ ওপৰত নির্ভৰশীল৷ কম সম্পত্তিৰ ধনীয়ে অধিক ধনৱানক ৰক্ষা কৰিবলৈ একত্রিত হয়, অধিক ধনৱানসকলেও একত্রিত হৈ তেওঁলোকক ৰক্ষা কৰে৷ কম ধনীয়ে নিজৰ কম কর্তৃত্ব বজাই ৰাখিবলৈকে বৃহত্তৰ কর্তৃত্বৰ ওপৰত নির্ভৰশীল হৈ পৰে৷ উচ্চতৰ কর্তৃত্বৰ কম সম্পদশালীসকলক অধীনত ৰখাৰ ক্ষমতা তেওঁলোক স্বাভাৱিকতে অধীনত থকাৰ ওপৰত নির্ভৰ কৰে৷ ফলত একপ্রকাৰৰ সৰু আভিজাত্য গঠন হয় যি ক্রমে ক্রমে চৰকাৰৰ ৰূপ লয়৷ এইদৰে গঠিত অসামৰিক চৰকাৰ সকলোৰে সম্পত্তিৰ নিৰাপত্তাৰ বাবে প্রতিষ্ঠা হৈছে ঠিকেই, কিন্তু বাস্তৱত ই ধনীসকলৰ প্রতিৰক্ষাৰ বাবেহে প্রতিষ্ঠিত হৈছে, বা যিসকলৰ কিছু সম্পত্তি আছে তেওঁলোকৰ সম্পত্তিহীনসকলৰ ৰোষৰ পৰা প্রতিৰক্ষাৰ বাবে৷
এডাম স্মিথ এজন অনন্য ব্যক্তিত্বৰ লোক আছিল৷ তেওঁৰ চিন্তা সুদূৰপ্রসাৰী৷ বিশেষকৈ ‘অদৃশ্য হাত’ৰ ৰূপকটো ৰোমাঞ্চকাৰী যাৰ বহু ব্যাখ্যা হ’ব পাৰে৷ আমাক এডাম স্মিথেই আঙুলিয়াই দিয়া মানুহৰ পৰোপকাৰী চৰিত্রৰ ওপৰত নির্ভৰশীল এক ব্যৱস্থা লাগে যি স্মিথৰ বজাৰ অর্থনীতিৰ বিকল্প হ’ব পাৰে৷ তাৰ বাবে এই ‘অদৃশ্য হাত’খন সমাজে সন্ধান কৰিব লাগিব৷ ২০১৬ চনৰ পৰা আমি অসম স্বাস্থ্যসেৱা সমবায়ৰ জৰিয়তে এই এটা সমাজিক পৰীক্ষা কৰিছোঁ৷ আমাৰ সফলতা চকুত লগা নহয় কিন্তু আমি এটা ৰেঙনি দেখিছোঁ যে মানুহৰ কল্যাণকামী চৰিত্রটোৰ প্রতি আবেদন জনাই কিছু ব্যক্তিক একত্রিত কৰি সামাজিক উদ্যোগৰ এক প্রেৰণাময়ী পৰিৱেশ হ’ব পাৰে৷ এইক্ষেত্রত নেতৃত্ব লাগে৷ সুস্থ চৰকাৰী নীতিয়ে প্রয়োজনীয় ‘অদৃশ্য হাত’খনৰ খনিকৰ হ’ব পাৰে৷ কিন্তু ৰাইজৰ চেতনা প্রতিনিধিক কার্যত প্রবৃত্ত কৰাৰ বাবে প্রয়োজনীয়৷