নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্ৰাগছসহ ব্যৱসায়ী অংকুৰজ্যোতি শিৱসাগৰ আৰক্ষীৰ জালত

নিয়মীয়া বাৰ্তা, ১ জুন : নৱপ্ৰজন্মৰ বাবে ভয়ংকৰ ভাবুকি হৈ পৰা মাৰাত্মক ড্ৰাগছৰ জালে আৱৰি ধৰিছে শিৱসাগৰৰ চৌপাশ ৷ ড্ৰাগছৰ বাবেই ক্ৰমাৎ এক ভয়ংকৰ পৰিৱেশলৈ গতি কৰা বুলি সৰ্বসাধাৰণ ৰাইজ চিন্তিত হৈ পৰাৰ সময়তে আজি পুনৰ শিৱসাগৰ আৰক্ষীৰ জালত পৰিল এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ৷ শিৱসাগৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে নগৰ উপ-পৰিদৰ্শকগৰাকীৰ নেতৃত্বত যোৱা এটা দলে গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত অংকুৰজ্যোতি বৰুৱা নামৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীটোক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে একাধিকবাৰ ড্ৰাগছ সৰবৰাহৰ গোচৰত জে’ললৈ যোৱা অংকুৰৰ জিম্মাৰ পৰা ১৪.১৫ গ্ৰাম ওজনৰ ড্ৰাগছ এটা কন্টেইনাৰত ভৰাই থোৱা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয় ৷ তদুপৰি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোৰ জিম্মাৰ পৰা এটা মবাইল ফোনসহ এখন স্কুটী জব্দ কৰে ৷ প্ৰাপ্ত বাতৰি মতে, আজি পুৱাৰ ভাগত নগৰৰ কে পি চাৰিআলি অঞ্চলত কৰ্তব্যৰত এগৰাকী যান-বাহন শাখাৰ আৰক্ষীয়ে এজন সন্দেহজনক ড্ৰাগছ আসক্ত যুৱকক আটক কৰিবলৈ সক্ষম হৈছিল ৷ আটকাধীন যুৱকজনে উল্লেখিত ড্ৰাগছখিনি নগৰৰ বেজবৰুৱা স্কুলৰ সমীপৰ অংকুৰজ্যোতি নামৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা সংগ্ৰহ কৰা বুলি প্ৰদান কৰা স্বীকাৰোক্তিৰ ভিত্তিত সদৰ আৰক্ষীৰ দলটোৱে শংকৰ মন্দিৰৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী অংকুৰক আটক কৰে ৷ ঘটনা সন্দৰ্ভত সদৰ আৰক্ষীয়ে নিজাববীয়া এক গোচৰ ৰুজু কৰি ধৃত অংকুৰক জেৰা অব্যাহত ৰাখিছে ৷

 

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like