নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ জুনত নলবাৰী মেটাৰনিটী হাস্পতালৰ সোণালী জয়ন্তী

নিয়মীয়া বাৰ্তা, ১ জুন : নলবাৰী মেটাৰনিটী হাস্পতালৰ ৫০ বৰ্ষ সম্পূৰ্ণ হোৱা উপলক্ষে অহা ৫ জুনত নলবাৰী জিলা পুথিভঁ‌ৰাল প্ৰাংগণত সোণালী জয়ন্তী উৎসৱ অনুষ্ঠিত কৰা হ’ব । এই কথা সংবাদ মেলযোগে জানিবলৈ দিয়ে হাস্পতালখনৰ অধীক্ষক ডাঃ বৰদা কান্ত শৰ্মা , সঞ্চালক ডাঃ যশোধন ডেকা আৰু ডাঃ স্বাগতা বৈশ্যই । ১৯৭৪ চনৰ ৫ জুনত নলবাৰী চহৰৰ হাজো ৰোডত ডাঃ তপন ডেকাই এটি চেম্বাৰ খুলিছিল । ১৯৭৫ চনৰ পৰা পত্নী ডাঃ ৰেণুকা ডেকাৰ সহযোগত নলবাৰী মেটাৰনিটী হাস্পতাল নামেৰে জন্ম দিয়া চেম্বাৰটিয়ে বৰ্তমানৰ পৰ্যায়লৈ উন্নতি লাভ কৰিছে। এই গৌৰৱোজ্জ্বল পঞ্চাশ বৰ্ষ উপলক্ষে ৫ জুনত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে উৎসৱটি অনুষ্ঠিত কৰিব বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়ে । কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, স্বাস্থ্য বিষয়াৰ সমূহীয়া দৌৰ, পূজা-অৰ্চনা, স্মৃতি ৰোমন্থন, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আদি অনুষ্ঠিত হ’ব ।

 

প্ৰেৰক শ্বাহ আলম আহমেদ

You might also like