নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰ গহিয়াত শিশুৰ পৰিপুষ্টি সম্পৰ্কীয় প্ৰশিক্ষণ

বিশেষ বাৰ্তা, ১ জুন : বৰপেটা জিলাৰ সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ গহিয়া গাঁৱৰ ৰাজহুৱা সংঘত আজি ‘চাইল্ড ৰাইটছ এণ্ড ইউ’ৰ অৰ্থসাহায্যত গ্ৰাম্য বিকাশ মঞ্চৰ দ্বাৰা ৰূপায়িত ‘চাইল্ড ৰাইটছ এণ্ড ইউ’ প্ৰকল্পৰ অধীনৰ স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকাসকলে ২০খন গাঁৱৰ আশাকৰ্মী, অংগনৱাড়ী কৰ্মী সামৰি শিশুৰ বৃদ্ধি নিৰীক্ষণৰ ওপৰত এক প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া নন্দিতা পুৰকায়স্থ, ৰঞ্জিত তালুকদাৰ, প্ৰকল্প সহায়ক বিষয়া, ছুপাৰভাইজাৰ ৰূপালী চৌধুৰী আৰু বিভা বৈশ্য। আজিৰ সভাত শিশু উন্নয়ন প্ৰকল্প বিষয়া নন্দিতা পুৰকায়স্থই অংশগ্ৰহণকাৰীসকলৰ উদ্দেশ্যে গৰ্ভৱতী, প্ৰসূতি মাতৃ, শিশুৰ বৃদ্ধি-বিকাশ, স্বাস্থ্য, পৰিপুষ্টিৰ লগত সংগতি ৰাখি এক তুলনামূলক ব্যাখ্যা আগবঢ়ায়। লগতে তেওঁ শিশুৰ সঠিকভাৱে বৃদ্ধি নিৰীক্ষণ আৰু স্বাস্থ্যৰ যতন কৰি কিদৰে সমাজৰ পৰা পুষ্টিহীনতাত ভোগা শিশুৰ মাত্ৰা ৰোধ কৰিব পাৰি, তাৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানৰ শেষত প্ৰকল্প বিষয়াসকলে অংশগ্ৰহণকাৰীৰ সৈতে মত বিনিময় কৰি বিভিন্ন দিহা-পৰামৰ্শ প্ৰদান কৰে।

You might also like